--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এফএছএছএআয়ে বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা ডাবৰ কোম্পানীৰ সামগ্ৰীবোৰৰ ভিতৰত আছে মৌ আৰু জৈৱিক মৌ, গৰুৰ ঘিউ, নাৰিকলৰ গাখীৰ, তিল তেল, নাৰিকল পানী, ভার্জিন নাৰিকল তেল আৰু অর্গেনিক এপল ছাইডাৰ ভিনেগাৰ।

ডিজিটেল ডেস্ক: ডাবৰ কোম্পানীয়ে উৎপাদন কৰা কেইবাবিধো সামগ্ৰীৰ বিপণনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোম্পানীটোৱে এই সামগ্রীসমূহত ১০০% বিশুদ্ধতা দাবী কৰি অহাৰ সময়তে এই নিষেধাজ্ঞা আৰোপ কৰে খাদ্য সামগ্ৰীৰ মান নিৰূপণ কৰা চৰকাৰী সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডার্ড অথৰিটি অব ইণ্ডিয়াই (এফ এছ এছ এ আই)। এফ এছ এছ এ আয়ে বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা ডাবৰ কোম্পানীৰ সামগ্ৰীবোৰৰ ভিতৰত আছে মৌ আৰু জৈৱিক মৌ, গৰুৰ ঘিউ, নাৰিকলৰ গাখীৰ, তিল তেল, নাৰিকল পানী, ভার্জিন নাৰিকল তেল আৰু অর্গেনিক এপল ছাইডাৰ ভিনেগাৰ।


কোম্পানীটোক এই সামগ্ৰীবোৰৰ ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। এফ এছ এছ এ আয়ে কয় যে ডাবৰ কোম্পানীৰ ১০০% দাবীয়ে ২০১৮ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ড (এডভার্টিং এণ্ড ক্লেইম) নিয়ম উলংঘা কৰিছে। 


এফ এছ এছ এ আইৰ মতে, এই দাবী অস্পষ্ট, ইয়াক নিশ্চিত কৰিব নোৱাৰি আৰু এই দাবী গ্রাহকক বিভ্রান্তিত পেলোৱাৰ সম্ভাৱনা থকা। নিয়ন্ত্রক সংস্থাটোৱে কয় যে এই দাবী বন্ধ কৰাৰ বাবে নির্দেশ দি পূর্বতে কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। 


উল্লেখযোগ্য যে ডাবৰে এই সামগ্ৰীসমূহ ১০০% বিশুদ্ধ, ১০০% প্রাকৃতিক, ১০০% বিশুদ্ধতা গেৰাণ্টেড, ১০০% জৈৱিক আৰু ১০০% টেণ্ডাৰ কক'নাট ৱাটাৰ বুলি দাবী কৰি আহিছে। এফ এছ এছ এ আয়ে এইবুলিও অভিযোগ কৰে যে হিমালয়ান অর্গেনিক এপ্পল ছাইডাৰ ভিনেগাৰ আৰু ডাবৰ জৈৱিক মৌত 'জৈৱিক ভাৰত'ৰ লগ'ও ব্যৱহাৰ কৰা হৈছিল। ই ২০১৭ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ডছ (অর্গেনিক ফুড) ৰেগুলেশ্যনৰ উলংঘা কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক