--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এফএছএছএআয়ে বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা ডাবৰ কোম্পানীৰ সামগ্ৰীবোৰৰ ভিতৰত আছে মৌ আৰু জৈৱিক মৌ, গৰুৰ ঘিউ, নাৰিকলৰ গাখীৰ, তিল তেল, নাৰিকল পানী, ভার্জিন নাৰিকল তেল আৰু অর্গেনিক এপল ছাইডাৰ ভিনেগাৰ।

ডিজিটেল ডেস্ক: ডাবৰ কোম্পানীয়ে উৎপাদন কৰা কেইবাবিধো সামগ্ৰীৰ বিপণনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোম্পানীটোৱে এই সামগ্রীসমূহত ১০০% বিশুদ্ধতা দাবী কৰি অহাৰ সময়তে এই নিষেধাজ্ঞা আৰোপ কৰে খাদ্য সামগ্ৰীৰ মান নিৰূপণ কৰা চৰকাৰী সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডার্ড অথৰিটি অব ইণ্ডিয়াই (এফ এছ এছ এ আই)। এফ এছ এছ এ আয়ে বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা ডাবৰ কোম্পানীৰ সামগ্ৰীবোৰৰ ভিতৰত আছে মৌ আৰু জৈৱিক মৌ, গৰুৰ ঘিউ, নাৰিকলৰ গাখীৰ, তিল তেল, নাৰিকল পানী, ভার্জিন নাৰিকল তেল আৰু অর্গেনিক এপল ছাইডাৰ ভিনেগাৰ।


কোম্পানীটোক এই সামগ্ৰীবোৰৰ ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। এফ এছ এছ এ আয়ে কয় যে ডাবৰ কোম্পানীৰ ১০০% দাবীয়ে ২০১৮ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ড (এডভার্টিং এণ্ড ক্লেইম) নিয়ম উলংঘা কৰিছে। 


এফ এছ এছ এ আইৰ মতে, এই দাবী অস্পষ্ট, ইয়াক নিশ্চিত কৰিব নোৱাৰি আৰু এই দাবী গ্রাহকক বিভ্রান্তিত পেলোৱাৰ সম্ভাৱনা থকা। নিয়ন্ত্রক সংস্থাটোৱে কয় যে এই দাবী বন্ধ কৰাৰ বাবে নির্দেশ দি পূর্বতে কোম্পানীটোলৈ জাননী জাৰি কৰা হৈছিল। 


উল্লেখযোগ্য যে ডাবৰে এই সামগ্ৰীসমূহ ১০০% বিশুদ্ধ, ১০০% প্রাকৃতিক, ১০০% বিশুদ্ধতা গেৰাণ্টেড, ১০০% জৈৱিক আৰু ১০০% টেণ্ডাৰ কক'নাট ৱাটাৰ বুলি দাবী কৰি আহিছে। এফ এছ এছ এ আয়ে এইবুলিও অভিযোগ কৰে যে হিমালয়ান অর্গেনিক এপ্পল ছাইডাৰ ভিনেগাৰ আৰু ডাবৰ জৈৱিক মৌত 'জৈৱিক ভাৰত'ৰ লগ'ও ব্যৱহাৰ কৰা হৈছিল। ই ২০১৭ চনৰ ফুড ছেফ্টি এণ্ড ষ্টেণ্ডার্ডছ (অর্গেনিক ফুড) ৰেগুলেশ্যনৰ উলংঘা কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে