--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ উন্নয়নৰ ফটা ঢোল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আঠ বছৰৰ কামৰ খতিয়ান দি ব্যপক প্ৰচাৰ চলাই থকাৰ সময়তে উন্মোচিত হৈছে দেশৰ আন এখন ভয়াবহ ছবি। শেহতীয়াকৈ দেশৰ ডাকসেৱা দুৰৱস্থাৰ কথা পোহৰলৈ আহিছে। যোৱা বছৰৰ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন প্ৰতিবেদন আজিও আনুষ্ঠানিকভাৱে প্ৰকাশ নাপালে, কিন্তু প্ৰতিবেদনখনৰ খচৰাত উল্লেখ কৰা অনুসৰি বিত্তীয় বৰ্ষত ভাৰতীয় ডাক বিভাগৰ প্ৰায় ২০ হাজাৰ কোটি লোকচান সন্মুখীন হৈছে। মোদীৰ শাসনকালতে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে দেশৰ ডাক বিভাগৰ ৯৭ হাজাৰ কোটি টকা লোকচান হৈছে।

 

ভাৰতত ১ লাখ ৬৫ হাজাৰ প'ষ্ট  অফিচ একাউণ্ট আছে আৰু এইসমূহে ৩০ কোটি নাগৰিকক বেংকিং সেৱা প্ৰদান কৰি আহিছে। প'ষ্ট  অফিচে সাধাৰণ বিত্তীয় লেন-দেনৰ উপৰিও জীৱন বীমাও পৰিচালনা কৰি আহিছে। কিন্তু এনেবোৰ গুৰত্বপূৰ্ণ সেৱা আগবঢ়োৱা পাছতো বৃহ লোকচানৰ সন্মখীত হোৱাটো ডাক সেৱাৰ বাবে ই এক চিন্তনীয় বিষয় হৈ পৰিছে। ২০২১ বৰ্ষটোত দেশৰ ডাক বিভাগে ১০ হাজাৰ ৫৪২ কোটি টকা উপাৰ্জন কৰিছিল। গ্ৰাহকৰ একাউণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে 'ষ্ট  অফিচে ৬ হাজাৰ কোটি টকা লাভ কৰিছিল। ইয়াৰ পাছতো বিভাগটোৱে লোকচানৰ সন্মুখীন হব লগা বিষয়টোত মোদী চৰকাৰৰ বিফলতাই প্ৰমাণ কৰিছে।

 

চৰকাৰৰ সু-পৰিকল্পিত পৰিকল্পনাৰ অভাৱত এনেকুৱা এটা বৃহ প্ৰতিষ্ঠান ধ্বংস হবলৈ বেছি সময় নালাগিব। চৰকাৰে যেন পুনৰ লোকচানৰ দোহাই দি দেশৰ ডাক সেৱাৰ দৰে গুৰুত্বপূৰ্ণ এটা খণ্ড যাতে ব্যক্তিগত খণ্ডৰ হাতত যেন গতাই নিদিয়ে তাৰ বাবে চৰকাৰক সময় থাকোতে যথোপযুক্ত ব্যৱস্থা ল'বলৈ এতিয়া সকলোৱে আহ্বান জনাইছে।      


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে