--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ উন্নয়নৰ ফটা ঢোল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আঠ বছৰৰ কামৰ খতিয়ান দি ব্যপক প্ৰচাৰ চলাই থকাৰ সময়তে উন্মোচিত হৈছে দেশৰ আন এখন ভয়াবহ ছবি। শেহতীয়াকৈ দেশৰ ডাকসেৱা দুৰৱস্থাৰ কথা পোহৰলৈ আহিছে। যোৱা বছৰৰ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন প্ৰতিবেদন আজিও আনুষ্ঠানিকভাৱে প্ৰকাশ নাপালে, কিন্তু প্ৰতিবেদনখনৰ খচৰাত উল্লেখ কৰা অনুসৰি বিত্তীয় বৰ্ষত ভাৰতীয় ডাক বিভাগৰ প্ৰায় ২০ হাজাৰ কোটি লোকচান সন্মুখীন হৈছে। মোদীৰ শাসনকালতে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে দেশৰ ডাক বিভাগৰ ৯৭ হাজাৰ কোটি টকা লোকচান হৈছে।

 

ভাৰতত ১ লাখ ৬৫ হাজাৰ প'ষ্ট  অফিচ একাউণ্ট আছে আৰু এইসমূহে ৩০ কোটি নাগৰিকক বেংকিং সেৱা প্ৰদান কৰি আহিছে। প'ষ্ট  অফিচে সাধাৰণ বিত্তীয় লেন-দেনৰ উপৰিও জীৱন বীমাও পৰিচালনা কৰি আহিছে। কিন্তু এনেবোৰ গুৰত্বপূৰ্ণ সেৱা আগবঢ়োৱা পাছতো বৃহ লোকচানৰ সন্মখীত হোৱাটো ডাক সেৱাৰ বাবে ই এক চিন্তনীয় বিষয় হৈ পৰিছে। ২০২১ বৰ্ষটোত দেশৰ ডাক বিভাগে ১০ হাজাৰ ৫৪২ কোটি টকা উপাৰ্জন কৰিছিল। গ্ৰাহকৰ একাউণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে 'ষ্ট  অফিচে ৬ হাজাৰ কোটি টকা লাভ কৰিছিল। ইয়াৰ পাছতো বিভাগটোৱে লোকচানৰ সন্মুখীন হব লগা বিষয়টোত মোদী চৰকাৰৰ বিফলতাই প্ৰমাণ কৰিছে।

 

চৰকাৰৰ সু-পৰিকল্পিত পৰিকল্পনাৰ অভাৱত এনেকুৱা এটা বৃহ প্ৰতিষ্ঠান ধ্বংস হবলৈ বেছি সময় নালাগিব। চৰকাৰে যেন পুনৰ লোকচানৰ দোহাই দি দেশৰ ডাক সেৱাৰ দৰে গুৰুত্বপূৰ্ণ এটা খণ্ড যাতে ব্যক্তিগত খণ্ডৰ হাতত যেন গতাই নিদিয়ে তাৰ বাবে চৰকাৰক সময় থাকোতে যথোপযুক্ত ব্যৱস্থা ল'বলৈ এতিয়া সকলোৱে আহ্বান জনাইছে।      


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ