--°C
Loading...
Listen to Article
2 min read
80%
আজি মহালয়া। শৰৎ মানেই উছৱৰ পয়োভৰ,শৰৎ মানেই ৰং-আনন্দৰ সমাহাৰ। শৰতৰ এই মায়াসনা বতৰতে আজি মা দুৰ্গাক পৃথিৱীলৈ আমন্ত্ৰণ কৰা হ’ব। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মা দুৰ্গা কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ ৰাওনা হয়। মা দুৰ্গা মহালয়াৰ সন্ধিয়া পৃথিৱীলৈ আহি গোটেই নটা দিন ইয়াতে থাকি পৃথিৱীৰ মানুহবোৰৰ ওপৰত আশীৰ্বাদৰ বৰষুণ সিঁচে।

আজিৰে পৰা দেৱী বন্দনাত ব্যস্ত হৈ পৰিছে ভক্তসকল। মাতৃক আদৰিবলৈ সকলোফালৰ পৰাই প্ৰস্তুতি চলাইছে ভক্তসকলে। আজিৰ দিনটোতে মৃণ্ময় শিল্পীসকলে প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰে।

মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। প্ৰথমে মা দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক কলহ স্থাপন কৰি পূজা কৰা হ’ব। বিজয়াদশমী উপলক্ষে মাতৃৰ মূৰ্তি বিসৰ্জনেৰে এই উৎসৱৰ সামৰণি পৰিব।

নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰা হৈছে। ৯ দিন ধৰি ভক্তসকলে ভক্তিৰে মা দুৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিব। এইবাৰ মা দুৰ্গা হাতীত উঠি আহিব স্বৰ্গৰ পৰা পৃথিৱীলৈ।

মহালয়াৰ দিনা দেওবাৰে পিতৃপক্ষ অমাৱশ্যাও আছে। আজি পিতৃপক্ষৰ অন্তিম দিন। সেইবাবেই আজিৰ দিনটোত মানুহে নদী, পুখুৰী, ঘাটত পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰাৰ্থনা কৰিব। এনে কৰিলে পূৰ্বপুৰুষৰ আত্মা সন্তুষ্ট হয় আৰু তেওঁলোকে সুখেৰে গুচি যায় বুলি বিশ্বাস কৰা হয়। 

হিন্দু ধৰ্মত মহালয়াৰ যথেষ্ট গুৰুত্ব আছে। মহালয়াৰ পৰাই আৰম্ভ হয় দুৰ্গা পূজা। এই দিনটোক নৱৰাত্ৰি আৰু পিতৃপক্ষৰ সন্ধিকাল বুলিও কোৱা হয়। দুৰ্গাপূজাৰ পূৰ্বে মহালয়াৰ নিজস্ব বিশেষ তাৎপৰ্য্য আছে। 

গোটেই বছৰটো মানুহে মহালয়াৰ বাবে অপেক্ষা কৰে। মহালয়া কি? হিন্দু শাস্ত্ৰ অনুসৰি মহালয় আৰু পিতৃপক্ষ অমাৱশ্যা একেদিনাই পালন কৰা হয়। দুৰ্গা পূজাত মা দুৰ্গাৰ মূৰ্তিৰ বিশেষ তাৎপৰ্য্য আছে আৰু এই মূৰ্তিবোৰে পূজা মণ্ডপৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। 

মা দুৰ্গাৰ ওপৰত বিশ্বাস থকা লোকসকলে এই দিনটোৰ বাবে অবিৰতভাৱে অপেক্ষা কৰি মহালয়াৰ লগতে দুৰ্গা পূজা আৰম্ভ কৰে। বিশ্বাস কৰা হয় যে মহালয়াৰ দিনা পূৰ্বপুৰুষক বিদায় দিয়া হয় আৰু মাতৃক পৃথিৱীলৈ আদৰণি জনোৱা হয়। কৈলাশ পৰ্বতৰ পৰা মাতৃ পৃথিৱীলৈ আহে। আজিৰ দিনটোত দেৱী দুৰ্গাই তেওঁৰ সন্তান-লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে ধৰালৈ নামি আহে। পৃথিৱীখন দেৱী পাৰ্বতীৰ মাতৃগৃহ বুলি কোৱা হয়। দেৱী মাতৃগৃহলৈ আহে আৰু নৱৰাত্ৰিৰ ৯ দিনত পৃথিৱীত বাস কৰি আসুৰিক শক্তিবোৰ ধ্বংস কৰে।

সেয়ে মহালয়াৰ দিনা মা দুৰ্গাক আদৰিবলৈ বিশেষ প্ৰাৰ্থনা কৰা হয়। মা দুৰ্গাৰ আশীৰ্বাদে সকলোকে কুশলে ৰাখক সেয়াই প্ৰাৰ্থনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ