--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে বাছেৰে বা আন বাহনেৰে গৈ থাকোতে খিৰিকীৰে বাহিৰলৈ মূৰ উলিয়াই যায়। এনে কৰোতে কেতিয়াবা ঘটিব পাৰে ডাঙৰ অঘটন। 

আপোনাৰো যদি তেনে অভ্যাস আছে তেন্তে আপোনাৰ বাবে আছে এটা ভয়ংকৰ খবৰ। চলন্ত বাছৰ খিৰিকীৰে মূৰ বা হাত বাহিৰলৈ উলিয়াই দিয়াটো কিমান বিপদজনক এই ঘটনাই তাৰেই প্ৰমাণ বহন কৰিছে। 

বাছত যাত্ৰা কৰি থাকোতে এগৰাকী মহিলাই খিৰিকীৰে বাহিৰলৈ মূৰটো উলিয়াইছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে তেওঁৰ মূৰটো ডিঙিৰ পৰা বিচ্ছিন্ন কৰি পেলালে।

কৰ্ণাটকৰ চামৰাজনগৰ জিলাত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এই দুৰ্ঘটনাত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাবটি লয়।

জানিব পৰা মতে, মহিলাগৰাকীয়ে নন-এচি চৰকাৰী বাছত গুণ্ডলুপেটৰ পৰা নানজাংগুড অভিমুখে গৈ আছিল। সেই সময়তে তেওঁ খিৰিকীৰে মূৰটো উলিয়াই বতাহ খাইছিল।

ঠিক তেনে সময়তে বাছখনৰ কাষেৰে পাৰ হৈ যোৱা এখন তীব্ৰবেগী ট্ৰাকে তেওঁক জোৰেৰে খুন্দা মাৰে, যাৰ ফলত তেওঁৰ মূৰটো নিমিষতে শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। 

স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ট্ৰাকখনৰ চালকজন পলাতক অৱস্থাত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ