--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে বাছেৰে বা আন বাহনেৰে গৈ থাকোতে খিৰিকীৰে বাহিৰলৈ মূৰ উলিয়াই যায়। এনে কৰোতে কেতিয়াবা ঘটিব পাৰে ডাঙৰ অঘটন। 

আপোনাৰো যদি তেনে অভ্যাস আছে তেন্তে আপোনাৰ বাবে আছে এটা ভয়ংকৰ খবৰ। চলন্ত বাছৰ খিৰিকীৰে মূৰ বা হাত বাহিৰলৈ উলিয়াই দিয়াটো কিমান বিপদজনক এই ঘটনাই তাৰেই প্ৰমাণ বহন কৰিছে। 

বাছত যাত্ৰা কৰি থাকোতে এগৰাকী মহিলাই খিৰিকীৰে বাহিৰলৈ মূৰটো উলিয়াইছিল। তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে তেওঁৰ মূৰটো ডিঙিৰ পৰা বিচ্ছিন্ন কৰি পেলালে।

কৰ্ণাটকৰ চামৰাজনগৰ জিলাত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এই দুৰ্ঘটনাত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাবটি লয়।

জানিব পৰা মতে, মহিলাগৰাকীয়ে নন-এচি চৰকাৰী বাছত গুণ্ডলুপেটৰ পৰা নানজাংগুড অভিমুখে গৈ আছিল। সেই সময়তে তেওঁ খিৰিকীৰে মূৰটো উলিয়াই বতাহ খাইছিল।

ঠিক তেনে সময়তে বাছখনৰ কাষেৰে পাৰ হৈ যোৱা এখন তীব্ৰবেগী ট্ৰাকে তেওঁক জোৰেৰে খুন্দা মাৰে, যাৰ ফলত তেওঁৰ মূৰটো নিমিষতে শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। 

স্থানীয় আৰক্ষীয়ে দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, ট্ৰাকখনৰ চালকজন পলাতক অৱস্থাত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post