--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন সম্পূৰ্ণ বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ ভাৰতৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী যিয়ে একেৰাহে অষ্টমবাৰৰ বাবে সংসদত বাজেট দাখিল কৰে।  

সাধাৰণ বাজেট দাখিলৰ অন্তত লোকসভাত উপস্থিত থকা মন্ত্ৰী আৰু সাংসদসকলে বিত্তমন্ত্ৰীক বাজেটৰ বাবে সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সম্ভাষণ জনায়। এইবাৰ বাজেটত মোডী চৰকাৰে দৰমহা লাভ কৰা সকলৰ পৰা  পৰা আৰম্ভ কৰি কৃষক, ব্যৱসায়ী, মহিলা, যুৱক-যুৱতীলৈকে প্ৰতিটো শ্ৰেণীকে সুখী কৰি ৰাখিবলৈ কাম কৰিছে।

উল্লেখ যোগ্য যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰে ৫০.৬৫ লাখ কোটি টকাৰ বাজেট দাখিল কৰিছে, যিটো চলিত বিত্তীয় বৰ্ষৰ বাজেটতকৈ প্ৰায় ৬ লাখ কোটি টকা বেছি। ২০২৪-২৫ চনৰ অৰ্থনৈতিক সমীক্ষাত অহা বিত্তীয় বৰ্ষত দেশৰ সৰ্বোচ্চ অৰ্থনৈতিক বিকাশ ৬.৮ শতাংশ পৰ্যন্ত হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে বিগত ১০ বছৰত দেশৰ উন্নয়ন আৰু সংস্কাৰে বিশ্বক আকৰ্ষণ কৰিছে। সম্প্ৰতি দেশৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ লক্ষ্য হৈছে দৰিদ্ৰতা দূৰ কৰা, ১০০ শতাংশ মানসম্পন্ন শিক্ষা আৰু সুলভ আৰু ব্যাপক স্বাস্থ্যসেৱা নিশ্চিত কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post