--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছে চীনে। ভাৰত আৰু বাংলাদেশৰ বাবে এয়া হ'ব পাৰে অত্যন্ত চিন্তাৰ বিষয়। যদিও চীনে কয় যে বান্ধৰ ফলত নিম্নভূমি অঞ্চলত কোনো প্ৰভাৱ নপৰে। কিন্তু ভাৰতীয় বিশেষজ্ঞসকলে এয়া এক কৌশলগত ভাবুকি বুলি গণ্য কৰে। 

১৩৭ বিলিয়ন ডলাৰৰ চীনৰ এই বান্ধৰ বাবেই বানপানীত বুৰ যাব অসম। আনহাতে এই প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে অৰুণাচল প্ৰদেশত এটা বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে।

ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ সমাধানৰ বাবে আলোচনা চলি থকা সময়ত চীনৰ এই পৰিকল্পনাই সৃষ্টি কৰিছে চাঞ্চল্য। ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাব পাৰে। চীনৰ এই প্ৰকল্প হ'ব 

২০১২ চনত কানাডাৰ এন জি অ’ প্ৰ’ব ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদনত সকীয়াই দিয়া হৈছিল যে পশ্চিম চীনত নিৰ্মাণ হৈ থকা ১৩০টাতকৈও অধিক বৃহৎ নদীবান্ধৰ ফলত ভূমিকম্প আৰু ছুনামী হ’ব পাৰে। 

বাৰিষাৰ সময়ত পানী এৰি দিয়া ভাৰতৰ বাবে চিন্তানীয় কাৰণে হ'ব পাৰে।  অসমত প্ৰতি বছৰে প্ৰচণ্ড বানপানীৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত চীনৰ বান্ধ অসমৰ বাবেও হব পাৰে এক ভাবুকি। 

আনকি বিশেষজ্ঞসকলেও আঙুলিয়াই দিছিল যে বান্ধ নিৰ্মাণৰ ফলত নদীৰ পলস হেৰুৱাব পাৰে আৰু কৃষি উৎপাদনশীলতা হ্ৰাস পাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post