--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ আৰু বিনোদ কাম্বলী দুয়ো একেলগে পঢ়া-শুনা কৰিছিল আৰু একেলগেই খেলা-ধূলা কৰি আহিছে। লগতে অভিলেখো গঢ়িলে। ৯০ৰ দশকত ভাৰতীয় ক্ৰিকেটত নতুন উচ্চতাত উপনীত হোৱাৰ ক্ষেত্ৰত দুয়োৰে অংশীদাৰিত্ব সমান। কিন্তু বিনোদ কাম্বলীৰ কেৰিয়াৰৰ শেষ আৰম্ভণিৰ দৰে নহ’ল। সেই দৌৰত শচীন আগবাঢ়ি গ’ল। আনহাতে কাম্বলীৰ কেৰিয়াৰ একবিংশ শতিকাত প্ৰৱেশ কৰাৰ আগতেই স্তব্ধ হৈ পৰিছিল। 

শচীনৰ এবছৰৰ পিছত অভিষেক ঘটোৱা বিনোদ কাম্বলিয়ে ২০০০ চনত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। একে সময়তে শচীনে ২০১৩ চনত নিজৰ কেৰিয়াৰৰ পৰা বিদায় লয়। অৱসৰৰ পিছত শচীন আৰু কাম্বলি দুয়োজনে বিচিচিআইৰ পৰা পেঞ্চন লাভ কৰে। অৱশ্যে দুয়োৰে পেঞ্চনৰ পৰিমাণৰ পাৰ্থক্য আছে।

বিনোদ কাম্বলীতকৈ বেছি পেঞ্চন পায় শচীন টেণ্ডুলকাৰে। কিন্তু, প্ৰশ্নটো হ’ল কিমান? শচীন আৰু কাম্বলিয়ে লাভ কৰা পেঞ্চনত কিমান পাৰ্থক্য আছে? বিচিচিআইৰ পৰা প্ৰতিমাহে দুয়োজনে লাভ কৰা পেঞ্চনত ২০ হাজাৰ টকাৰ পাৰ্থক্য আছে। সহজ ভাষাত ক’বলৈ গ’লে প্ৰতিমাহে বিচিচিআইয়ে কাম্বলীতকৈ শচীনক ২০ হাজাৰ টকা বেছিকৈ দিয়ে।

এক প্ৰতিবেদন অনুসৰি প্ৰতিমাহে বিচিচিআইৰ পৰা শচীন টেণ্ডুলকাৰে লাভ কৰা পেঞ্চনৰ ধন ৫০ হাজাৰ টকা। একে সময়তে বিচিচিআইৰ পৰা বিনোদ কাম্বলিয়ে প্ৰতিমাহে ৩০ হাজাৰ টকা অৰ্থাৎ ২০ হাজাৰ টকা কম। বৰ্তমান কাম্বলিয়ে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে, সেই পৰিস্থিতিত বিচিচিআইৰ পৰা পোৱা পেঞ্চনটোৱেই তেওঁৰ একমাত্ৰ উপাৰ্জনৰ উৎস। সেই পেঞ্চনৰ ধনৰ উপৰিও শচীন ১৪০০ কোটি টকাৰ সম্পত্তিৰো মালিক।

ভাৰতীয় ক্ৰিকেটত বিনোদ কাম্বলী আৰু শচীন তেণ্ডুলকাৰৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাম্বলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছিল মাত্ৰ ৯ বছৰ, আনহাতে শচীনে দুটা দশকৰো অধিক সময় খেলিছিল। ভাৰতৰ হৈ কাম্বলিয়ে ১৭খন টেষ্ট আৰু ১০৪খন এদিনীয়া খেলিছিল, য’ত সামগ্ৰিকভাৱে তেওঁ ৩৫০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল। আনহাতে শচীন টেণ্ডুলকাৰে ২০০ খন টেষ্ট, ৪৬৩ খন এদিনীয়া আৰু ১ টা টি-২০ খেলিছিল। এই সময়ছোৱাত তেওঁ মুঠ ৩৪৩৫৭ ৰান সংগ্ৰহ কৰি ১০০টা শতক অৰ্জন কৰে। বিনোদ কাম্বলী আৰু শচীন তেণ্ডুলকাৰৰ ক্ৰিকেটত এই পাৰ্থক্যৰ প্ৰভাৱ দুয়োজনে লাভ কৰা পেঞ্চনৰ ওপৰতো দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ