--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ উদ্ভাৱ আৰু ইয়াৰ ব্যাপক সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। এই ভাইৰাছৰ বিৰুদ্ধে যিমানদূৰ সম্ভৱ সিমান সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বৃহস্পতিবাৰে সংস্থাই কয় যে, ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰন সমগ্ৰ বিশ্বৰ অসংখ্য মানুহৰ মৃত্যুৰ কাৰণ হৈ পৰিছে৷ ইয়াক সাধাৰণ বুলি কোনো কাৰণতে অৱহেলা কৰা উচিত নহয় বুলিও সকীয়াই দিয়ে সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, নতুন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়িছে৷ ভালেমান দেশত পূৰ্বে হোৱা ডেল্টা ভাইৰাছতকৈ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাইছে৷ চিকিৎসালয়সমূহো প্ৰায় ভৰ্তি হৈ পৰিছে৷ টেড্ৰোছে এখন সংবাদমেলযোগে কয়, 'যদিও ডেল্টাৰ তুলনাত অ'মিক্ৰন কম গুৰুতৰ যেন লাগিছে, বিশেষকৈ টিকা গ্ৰহণ কৰা লোকসকলৰ ক্ষেত্ৰত, ইয়াৰ অৰ্থ এইটো নহয় যে, ইয়াক সাধাৰণ হিচাপে শ্ৰেণীবদ্ধ কৰা উচিত।' আগৰ প্ৰকাৰবোৰৰ দৰেই অ'মিক্ৰনৰ দ্বাৰাও মানুহ চিকিৎসাধীন হ'ব লগা হোৱাৰ লগতে বহু লোকৰ বাবে ই মৃত্যুৰ কাৰণ হৈ পৰিছে বুলিও তেওঁ লগতে কয়।

অভিলেখ হাৰত অ’মিক্ৰন সংক্ৰমণ বৃদ্ধি

‘দৰাচলতে, ইয়াৰ সংক্ৰমণ ইমান তীব্ৰতৰ আৰু বৃহৎ যে,ই সমগ্ৰ বিশ্বৰ স্বাস্থ্যখণ্ডৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলাইছে।’ যোৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাক মাত্ৰ ৯.৫ নিযুতৰ তলৰ নতুন কোভিড-১৯ ঘটনাৰ প্ৰতিবেদন দিয়া হৈছিল। কিন্তু অভিলেখ হাৰত এই সংক্ৰমণ বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা ২ জানুৱাৰীলৈকে সমগ্ৰ বিশ্বতে ক’ভিড সংক্ৰমণৰ হাৰ ৭১শতাংশ বৃদ্ধি পাইছে। কেৱল এয়াই নহয় বিগত সপ্তাহটোতে মৃত্যুৰ হাৰো বৃদ্ধি পাইছে ১০ শতাংশ। বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য সদৰি কৰে আৰু প্ৰকাশ কৰে যে, অমিক্ৰণ সংক্ৰমণেই এই আকস্মিক সংক্ৰমণ বৃদ্ধিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।

ভাৰতত শুকুৰবাৰে ক'ভিডত ১,১৭,১০০ নতুন সংক্ৰমণ ধৰা পৰিছে৷ সাত মাহৰ পাছত এইটো প্ৰথমবাৰৰ বাবে দৈনিক ক'ভিড আক্ৰান্তই দেশত এক লাখৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬জুনত, ভাৰতে ১,১৪,৪৬০টা নতুন সংক্ৰমণৰ তথ্য প্ৰকাশ কৰিছিল। আজি বহু দিনৰ পাছত ২৮ শতাংশ বৃদ্ধিয়ে দেশৰ মুঠ ৩.৫২ কোটি আক্ৰান্তই তালিকা বৃদ্ধি কৰিলে। কালিৰ দিনটোত ৩৭৭টা অ'মিক্ৰনৰ ঘটনাৰ পাছতে ভাৰতত মুঠ ৩,০০৭লৈ বৃদ্ধি পালে আক্ৰান্তৰ ঘটনা। ২৭ খন ৰাজ্যত অ'মিক্ৰনত সৰ্বাধিক মহাৰাষ্ট্ৰত৮৭৬টা ঘটনা আৰু দিল্লীত ৪৬৫টা সংক্ৰমণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক