--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ উদ্ভাৱ আৰু ইয়াৰ ব্যাপক সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। এই ভাইৰাছৰ বিৰুদ্ধে যিমানদূৰ সম্ভৱ সিমান সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বৃহস্পতিবাৰে সংস্থাই কয় যে, ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰন সমগ্ৰ বিশ্বৰ অসংখ্য মানুহৰ মৃত্যুৰ কাৰণ হৈ পৰিছে৷ ইয়াক সাধাৰণ বুলি কোনো কাৰণতে অৱহেলা কৰা উচিত নহয় বুলিও সকীয়াই দিয়ে সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, নতুন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়িছে৷ ভালেমান দেশত পূৰ্বে হোৱা ডেল্টা ভাইৰাছতকৈ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পাইছে৷ চিকিৎসালয়সমূহো প্ৰায় ভৰ্তি হৈ পৰিছে৷ টেড্ৰোছে এখন সংবাদমেলযোগে কয়, 'যদিও ডেল্টাৰ তুলনাত অ'মিক্ৰন কম গুৰুতৰ যেন লাগিছে, বিশেষকৈ টিকা গ্ৰহণ কৰা লোকসকলৰ ক্ষেত্ৰত, ইয়াৰ অৰ্থ এইটো নহয় যে, ইয়াক সাধাৰণ হিচাপে শ্ৰেণীবদ্ধ কৰা উচিত।' আগৰ প্ৰকাৰবোৰৰ দৰেই অ'মিক্ৰনৰ দ্বাৰাও মানুহ চিকিৎসাধীন হ'ব লগা হোৱাৰ লগতে বহু লোকৰ বাবে ই মৃত্যুৰ কাৰণ হৈ পৰিছে বুলিও তেওঁ লগতে কয়।

অভিলেখ হাৰত অ’মিক্ৰন সংক্ৰমণ বৃদ্ধি

‘দৰাচলতে, ইয়াৰ সংক্ৰমণ ইমান তীব্ৰতৰ আৰু বৃহৎ যে,ই সমগ্ৰ বিশ্বৰ স্বাস্থ্যখণ্ডৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলাইছে।’ যোৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাক মাত্ৰ ৯.৫ নিযুতৰ তলৰ নতুন কোভিড-১৯ ঘটনাৰ প্ৰতিবেদন দিয়া হৈছিল। কিন্তু অভিলেখ হাৰত এই সংক্ৰমণ বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা ২ জানুৱাৰীলৈকে সমগ্ৰ বিশ্বতে ক’ভিড সংক্ৰমণৰ হাৰ ৭১শতাংশ বৃদ্ধি পাইছে। কেৱল এয়াই নহয় বিগত সপ্তাহটোতে মৃত্যুৰ হাৰো বৃদ্ধি পাইছে ১০ শতাংশ। বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য সদৰি কৰে আৰু প্ৰকাশ কৰে যে, অমিক্ৰণ সংক্ৰমণেই এই আকস্মিক সংক্ৰমণ বৃদ্ধিত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে।

ভাৰতত শুকুৰবাৰে ক'ভিডত ১,১৭,১০০ নতুন সংক্ৰমণ ধৰা পৰিছে৷ সাত মাহৰ পাছত এইটো প্ৰথমবাৰৰ বাবে দৈনিক ক'ভিড আক্ৰান্তই দেশত এক লাখৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬জুনত, ভাৰতে ১,১৪,৪৬০টা নতুন সংক্ৰমণৰ তথ্য প্ৰকাশ কৰিছিল। আজি বহু দিনৰ পাছত ২৮ শতাংশ বৃদ্ধিয়ে দেশৰ মুঠ ৩.৫২ কোটি আক্ৰান্তই তালিকা বৃদ্ধি কৰিলে। কালিৰ দিনটোত ৩৭৭টা অ'মিক্ৰনৰ ঘটনাৰ পাছতে ভাৰতত মুঠ ৩,০০৭লৈ বৃদ্ধি পালে আক্ৰান্তৰ ঘটনা। ২৭ খন ৰাজ্যত অ'মিক্ৰনত সৰ্বাধিক মহাৰাষ্ট্ৰত৮৭৬টা ঘটনা আৰু দিল্লীত ৪৬৫টা সংক্ৰমণ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ