--°C
Loading...
Listen to Article
2 min read
80%

গোলাঘাট : হাতী মানুহৰ সংঘাত নুমলীগড়ত নিত্য নতুন ঘটনা নহয়৷ বহু বছৰ ধৰি চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱত নুমলীগড়বাসী প্ৰায়ে সমস্যাৰ সন্মুখীন হৈ আহিছে৷ আজি ঢলাগুৰি চাহ বাগিচাত হাতীয়ে মানুহক আক্ৰমণৰ বাবে খেদি যোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত৷

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত আশ্ৰয় লৈছে বনৰীয়া হাতীয়ে। চাহ বাগিচাত আশ্ৰয় লোৱা হাতীয়ে নিশা গাঁৱলৈ প্ৰৱেশ কৰি ৰাইজৰ ঘৰ দুৱাৰ, খেতি পথাৰ নষ্ট কৰে। ইফালে চাহ বাগিচাত আশ্ৰয় লোৱা হাতীৰ জাকক খেদিবলৈ উদ্যত হোৱা একাংশ লোকক হাতীয়ে ওলোটাই চোঁচা লোৱা পৰিলক্ষিত হয়।

কোনোমূহুৰ্তত হাতীক খেদি যায় মানুহে আকৌ হাতীয়ে ওলোতাই মানুহক খেদি যায়। চাহ বাগিচাত আশ্ৰয় লোৱা হাতীৰ জাকটোৰ পৰা যিকোনো মূহুৰ্তত বিপদৰ আশংকা থকাৰ বাবে হাতীৰ জাকক খেদি পঠাবলৈ চেষ্টা একাংশ লোকৰ। উল্লেখ্য যে যোৱা কিছুদিন ধৰি হাতীৰ এটা জাকে মৰঙি মৌজাৰ নিতৌ এখনৰ পাছত আন এখন গাঁৱত সন্ত্ৰাস চলাই আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post