--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ আকস্মিক মৃত্যুত দুখত ভাগি পৰিছিল অনুপম খেৰ। অনুপম খেৰৰ  বেষ্ট ফ্ৰেণ্ড আছিল সতীশ কৌশিক। সতীশ কৌশিকে হঠাতে এই পৃথিৱী এৰি গুচি যোৱাত অনুপম খেৰ দুখৰ সাগৰত ডুব গৈছিল। 

ইয়াৰ লগতে সতীশ কৌশিকৰ মৃত্যুত তেওঁৰ পত্নীৰ অৱস্থা বেয়া হৈ পৰিছিল আৰু কন্যা বংশিকাও বেয়াকৈ ভাঙি গৈছিল। ২০২৩ চনৰ ৯ মাৰ্চত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ সতীশ কৌশিকৰ মৃত্যু হয়। তেতিয়াৰ পৰা অনুপম খেৰে কন্যা বংশিকাক চোৱা-চিতা কৰি আহিছে। অনুপম খেৰ যিমানেই ব্যস্ত নাথাকক কিয়, তেওঁ নিশ্চিতভাৱে বংশিকাৰ বাবে সময় উলিয়ায়। 

তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত বংশিকাৰ সৈতে ৰিল আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। অনুপম খেৰে কয় যে তেওঁ সতীশক ঘূৰাই আনিব নোৱাৰে, কিন্তু নিশ্চিতভাৱে সতীশৰ কন্যাৰ পিতৃ হ’ব পাৰে। অনুপম খেৰে কয় যে ‘‘মই বংশিকাৰ জীৱনত পিতৃ সতীশ কৌশিকৰ অনুপস্থিতি পূৰণ কৰিবলৈ চেষ্টা কৰিছো।’’ অনুপম খেৰে লগতে কৈছিল যে ‘‘সতীশক হেৰুৱাই ময়ো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হেৰুৱালো। তেওঁক মই সদায় মিছ কৰোঁ।’’

অনুপম খেৰে লগতে কয় যে, ‘‘বংশিকাৰ জীৱনত মই সতীশৰ ঠাই ল’ব নোৱাৰো। বৰং কোনেও নোৱাৰে। কিন্তু বংশিকাক আৱেগিক শক্তি নিশ্চয় দিব পাৰিম। যাতে বংশিকাই অনুভৱ কৰিব পাৰে যে তাইৰ জীৱনত পিতৃৰ দৰে কোনোবা এজন আছে।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী