--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকাক অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰি দেশ এৰি পলায়ন কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই থাইলেণ্ডত প্ৰৱেশৰ অনুমতি বিচাৰিছে। ১৪ জুলাইত মালদ্বীপ হৈ ছিংগাপুৰত উপস্থিত হৈছিল ৰাজাপাক্ষেই। সাতটা দশকৰ ভিতৰত শ্ৰীলংকাৰ আটাইতকৈ বৃহৎ অৰ্থনৈতিক সংকট আৰু হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত আক্ৰমণ কৰাৰ ফলত সৃষ্টি হোৱা অভূতপূৰ্ব অস্থিৰতাৰ পাছত গোটাবায়া ৰাজপাক্ষেই দেশ ত্যাগ কৰিবলগীয়া হৈছিল।

ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত গোটাবায়া ৰাজপাক্ষেই ইমেইলযোগে ৰাষ্ট্ৰপতিপদৰ পৰা সংসদৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। তেওঁ শ্ৰীলংকাৰ ইতিহাসৰ প্ৰথম ৰাষ্ট্ৰপতি যিয়ে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈ পদত্যাগ কৰিছিল।

থাই বৈদেশিক মন্ত্ৰালয়ৰ দুটা সূত্ৰই জনোৱা মতে, ৰাজপাক্ষেই বৃহস্পতিবাৰে ছিংগাপুৰ এৰি থাইলেণ্ডৰ ৰাজধানী বেংককলৈ যাত্ৰা কৰিব বুলি আশা কৰা হৈছে। শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰালয়ে গোটাবায়াৰ বেংকক ভ্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ তৎক্ষণাৎ উত্তৰ দিয়া নাছিল। থাই বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ তানি সংগ্ৰাটে কৈছিল যে ৰাজপাক্ষেৰ এটা কূটনৈতিক পাছপোৰ্ট আছে যিয়ে তেওঁক ৯০ দিনৰ বাবে দেশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে। ৰাজপাক্ষে কেতিয়া ভ্ৰমণ কৰিব বিচাৰিছিল তেওঁ কোৱা নাছিল।

গোটাবায়া থাইলেণ্ডৰ পৰা আন দেশলৈ যাব৷ চাংৰাটে কৈছিল যে শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ থাইলেণ্ডত প্ৰৱেশ অস্থায়ীভাৱে থকাৰ বাবে। তেওঁ লগতে কয়, শ্ৰীলংকাৰ পক্ষই আমাক জনাইছে যে প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ থাইলেণ্ডত ৰাজনৈতিক আশ্ৰয় ৰখাৰ কোনো অভিপ্ৰায় নাই আৰু পিছত তেওঁ আন এখন দেশ ভ্ৰমণ কৰিব।

শ্ৰীলংকা এৰি যোৱাৰ পাছত ৰাজপাক্ষেই কোনো ঠাইত ৰাজহুৱাভাৱে উপস্থিত হোৱা নাই বা তেওঁ কোনো বিবৃতি জাৰি কৰা নাই। ছিংগাপুৰৰ চৰকাৰে এই মাহত কৈছিল যে গোটাবায়া ৰাজপাক্ষেক তেওঁৰ দেশত কোনো বিশেষাধিকাৰ দিয়া হোৱা নাছিল।

গোটাবায়া এজন সেনা বিষয়া আৰু প্ৰতিৰক্ষা মন্ত্ৰী আছিল। ৭৩ বছৰীয়া গোটাবায়া ৰাজপাক্ষে ৰাষ্ট্ৰপতি হোৱাৰ আগতে দীৰ্ঘদিন ধৰি সেনাবাহিনীত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। এই সময়ছোৱাত তেওঁ এলটিটিইৰ সৈতে মোকাবিলা কৰিবলৈ শ্ৰীলংকাৰ সেনাক মুক্ত হাত আগবঢ়াইছিল। ২০০৯ চনত, শ্ৰীলংকাৰ সেনাই এলটিটিইৰ মুৰব্বী প্ৰভাকৰণক হত্যা কৰে আৰু দেশৰ পৰা সন্ত্ৰাসবাদ নিশ্চিহ্ন কৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ সেনাৰ বিৰুদ্ধে ব্যাপক মানৱ অধিকাৰ উলংঘন আৰু গুৰুতৰ যুদ্ধ অপৰাধৰ অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে ৰাজপাক্ষেই সদায়ে এই অভিযোগ অস্বীকাৰ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ