--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা সময়ত পৃথিৱীত দপদপাই ফুৰা ডাইনোচৰৰ বহু অৱশিষ্ট ইতিমধ্যে বিশ্বৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে। শেহতীয়াকৈ  চীনত উদ্ধাৰ হৈছে ৪,৩০০ ৰো অধিক  ডাইনোচৰৰ পদচিহ্ন। জুলাইৰ প্ৰথম সপ্তাহত কৰা এক বৈজ্ঞানিক অনুস্ন্ধানত  উত্তৰ চীনত বহু সংখ্যক ডাইনোচৰ পদচিহ্নৰ জীৱাশ্ম আৱিষ্কাৰ কৰা হৈছে। চীনা বিজ্ঞানীসকলে উত্তৰ চীনৰ ঝাংজিয়াকৌৰ হেবেই প্ৰদেশত ৪,৩০০ তকৈও অধিক পদচিহ্ন আৱিষ্কাৰ কৰিছে বুলি চাউথ চাইনা মৰ্ণিং পোষ্টে প্ৰকাশ কৰিছে।

গৱেষকসকলৰ উদ্ধৃতিৰে সংবাদ প্ৰতিশ্ঠানটোৱে কৈছে   যে ৯,০০০ বৰ্গ মিটাৰ আকাৰৰ এই পদচিহ্নবোৰ প্ৰায় ১৫০ নিযুত বছৰ আগৰ জুৰাচিক আৰু ক্ৰেটেচিয়াছ যুগৰ । পদচিহ্নৰ জীৱাশ্মবোৰত  নখৰ চিনো স্পষ্ট ৰূপত ধৰা পৰিছে।

চাইনা ডেইলীয়ে প্ৰকাশ কৰা অনুসৰি বিজ্ঞানীসকলে সেই পদচিহ্ন বোৰৰ পৰা ডাইনোচৰৰ দৈৰ্ঘ্য, ওজন আৰু আকাৰ নিৰ্ধাৰণ কৰিব পাৰিব বুলি আশা কৰিছে। লগতেডাইনোচৰৰ  খোজ কঢ়াৰ গতিও অনুমান কৰিব পৰা যাব বুলি ভবা হৈছে। পদচিহ্নবোৰে এই বিলুপ্ত প্ৰাণীবোৰৰ অস্তিত্বৰ বিষয়ে বহু অজানা তথ্য  প্ৰকাশ কৰিব পাৰে।

চাইনা ইউনিভাৰ্চিটি অৱ জিঅ'চাইন্সেছৰ এজন ডাইনোচৰ বিশেষজ্ঞ জিং লিডাই  কয়, "পদচিহ্নবোৰে কেৱল ডাইনোচৰৰ জীৱন ধাৰণৰ অভ্যাস আৰু আচৰণ প্ৰতিফলিত নকৰে, লগতে সেই সময়ত ডাইনোচৰে বাস কৰা পৰিৱেশৰ ধাৰণাও  ব্যাখ্যা কৰিব।"

প্ৰিণ্টবোৰ চাৰিটা পৃথক ডাইনোচৰ প্ৰজাতিৰ বুলি জানিব পৰা গৈছে। অৱশ্যে সেইবোৰৰ  নাম প্ৰকাশ কৰা  হোৱা নাই। বিশেষজ্ঞসকলৰ মতে জীৱাশ্মবোৰৰ এনে প্ৰজাতিৰো হ'ব পাৰে যিটো এতিয়ালৈকে আৱিষ্কাৰ হোৱাই নাই।
এই পদচিহ্নবোৰ  তৃণভোজী আৰু মাংসভোজী দুয়োটা ধৰণৰে ডাইনোচৰৰ হ’ব পাৰে বুলি ভবা হৈছে।তৃণভোজী ডাইনোচৰবোৰৰ   ১৫ উচ্চতা  মিটাৰতকৈ অধিক নাছিল৷  মাংসভোজী বোৰ সৰু আছিল, যাৰ জোখ প্ৰায় চাৰিৰ পৰা পাঁচ মিটাৰ আছিল৷

ডাইনোচৰৰ থকাৰ সময়ত সেই ঠাইবোৰ  পানী আৰু গছেৰে ভৰি আছিল৷  বিজ্ঞানীসকলে অনুমান কৰিছে যে এই অঞ্চলটোত সেয়ে  ডাইনোচৰ বোৰে মুক্ত ভাবে বিচৰণ কৰি ফুৰিব পাৰিছিল৷অঞ্চলটো ঘাঁহনিৰে ভৰা আৰু  কিছু  গছ-গছনি আছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে