--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা সময়ত পৃথিৱীত দপদপাই ফুৰা ডাইনোচৰৰ বহু অৱশিষ্ট ইতিমধ্যে বিশ্বৰ বিভিন্ন ঠাইত উদ্ধাৰ হৈছে। শেহতীয়াকৈ  চীনত উদ্ধাৰ হৈছে ৪,৩০০ ৰো অধিক  ডাইনোচৰৰ পদচিহ্ন। জুলাইৰ প্ৰথম সপ্তাহত কৰা এক বৈজ্ঞানিক অনুস্ন্ধানত  উত্তৰ চীনত বহু সংখ্যক ডাইনোচৰ পদচিহ্নৰ জীৱাশ্ম আৱিষ্কাৰ কৰা হৈছে। চীনা বিজ্ঞানীসকলে উত্তৰ চীনৰ ঝাংজিয়াকৌৰ হেবেই প্ৰদেশত ৪,৩০০ তকৈও অধিক পদচিহ্ন আৱিষ্কাৰ কৰিছে বুলি চাউথ চাইনা মৰ্ণিং পোষ্টে প্ৰকাশ কৰিছে।

গৱেষকসকলৰ উদ্ধৃতিৰে সংবাদ প্ৰতিশ্ঠানটোৱে কৈছে   যে ৯,০০০ বৰ্গ মিটাৰ আকাৰৰ এই পদচিহ্নবোৰ প্ৰায় ১৫০ নিযুত বছৰ আগৰ জুৰাচিক আৰু ক্ৰেটেচিয়াছ যুগৰ । পদচিহ্নৰ জীৱাশ্মবোৰত  নখৰ চিনো স্পষ্ট ৰূপত ধৰা পৰিছে।

চাইনা ডেইলীয়ে প্ৰকাশ কৰা অনুসৰি বিজ্ঞানীসকলে সেই পদচিহ্ন বোৰৰ পৰা ডাইনোচৰৰ দৈৰ্ঘ্য, ওজন আৰু আকাৰ নিৰ্ধাৰণ কৰিব পাৰিব বুলি আশা কৰিছে। লগতেডাইনোচৰৰ  খোজ কঢ়াৰ গতিও অনুমান কৰিব পৰা যাব বুলি ভবা হৈছে। পদচিহ্নবোৰে এই বিলুপ্ত প্ৰাণীবোৰৰ অস্তিত্বৰ বিষয়ে বহু অজানা তথ্য  প্ৰকাশ কৰিব পাৰে।

চাইনা ইউনিভাৰ্চিটি অৱ জিঅ'চাইন্সেছৰ এজন ডাইনোচৰ বিশেষজ্ঞ জিং লিডাই  কয়, "পদচিহ্নবোৰে কেৱল ডাইনোচৰৰ জীৱন ধাৰণৰ অভ্যাস আৰু আচৰণ প্ৰতিফলিত নকৰে, লগতে সেই সময়ত ডাইনোচৰে বাস কৰা পৰিৱেশৰ ধাৰণাও  ব্যাখ্যা কৰিব।"

প্ৰিণ্টবোৰ চাৰিটা পৃথক ডাইনোচৰ প্ৰজাতিৰ বুলি জানিব পৰা গৈছে। অৱশ্যে সেইবোৰৰ  নাম প্ৰকাশ কৰা  হোৱা নাই। বিশেষজ্ঞসকলৰ মতে জীৱাশ্মবোৰৰ এনে প্ৰজাতিৰো হ'ব পাৰে যিটো এতিয়ালৈকে আৱিষ্কাৰ হোৱাই নাই।
এই পদচিহ্নবোৰ  তৃণভোজী আৰু মাংসভোজী দুয়োটা ধৰণৰে ডাইনোচৰৰ হ’ব পাৰে বুলি ভবা হৈছে।তৃণভোজী ডাইনোচৰবোৰৰ   ১৫ উচ্চতা  মিটাৰতকৈ অধিক নাছিল৷  মাংসভোজী বোৰ সৰু আছিল, যাৰ জোখ প্ৰায় চাৰিৰ পৰা পাঁচ মিটাৰ আছিল৷

ডাইনোচৰৰ থকাৰ সময়ত সেই ঠাইবোৰ  পানী আৰু গছেৰে ভৰি আছিল৷  বিজ্ঞানীসকলে অনুমান কৰিছে যে এই অঞ্চলটোত সেয়ে  ডাইনোচৰ বোৰে মুক্ত ভাবে বিচৰণ কৰি ফুৰিব পাৰিছিল৷অঞ্চলটো ঘাঁহনিৰে ভৰা আৰু  কিছু  গছ-গছনি আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু