--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম আঠ মাহত সমগ্ৰ দেশতে এক চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত বিদ্যালয়ত অধ্যয়ন নকৰা ১১.৭০ লাখৰো অধিক শিশু চিনাক্ত কৰা হৈছে। এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে যে শিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহু প্ৰত্যাহ্বান জনাইছে বহু ৰাজ্যই। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ পৰা তেলেগু দেশম পাৰ্টিৰ সাংসদ মথুকুমিলি শ্ৰীভাৰতৰ প্ৰশ্নৰ উত্তৰত সংসদৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে কয় যে সমগ্ৰ দেশৰ ১১ লাখ ৭০ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত।


সোমবাৰে লোকসভাত দিয়া এই চাঞ্চল্যকৰ পৰিসংখ্যা অনুসৰি আটাইতকৈ ভয়াৱহ পৰিস্থিতি উত্তৰ প্ৰদেশত, য’ত প্ৰায় ৭ লাখ ৮৫ হাজাৰ ছাত্ৰ-ছাত্ৰী স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হৈছে। ঝাৰখণ্ডত এই সংখ্যা ৬৫ হাজাৰৰো অধিক, আনহাতে অসমত প্ৰায় ৬৪ হাজাৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়ৰ পৰা আঁতৰত। 

গুজৰাটৰ দৰে আৰ্থিকভাৱে সমৃদ্ধিশালী ৰাজ্য এখনতো ৫৪ হাজাৰ ৫ শতাধিক শিশু বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত। মধ্যপ্ৰদেশ আৰু হাৰিয়ানাতো পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে, য’ত ৩০ৰ পৰা ৪০ হাজাৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ নাযায়। ইতিমধ্যে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা বিহাৰত প্ৰায় ২৫ হাজাৰ শিশু বিদ্যালয়ৰ পৰা আঁতৰত। আনকি শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ বুলি দাবী কৰা দিল্লীতো প্ৰায় ১৮ হাজাৰ তিনিশ শিশু বিদ্যালয়ৰ বাহিৰত।

কিন্তু চৰকাৰে উত্তৰত এইটোও উল্লেখ কৰিছে যে যিহেতু শিক্ষা সংবিধানৰ সমান্তৰাল তালিকাৰ অন্তৰ্গত, গতিকে বিদ্যালয়ৰ শিক্ষা বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অধিকাৰক্ষেত্ৰত পৰে আৰু চৰকাৰে প্ৰদান কৰা পৰিসংখ্যা একেই যি তেওঁলোকে লাভ কৰিছে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা। যিটো শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিজৰ অনলাইন ডেচব’ৰ্ডৰ জৰিয়তে সংগ্ৰহ কৰিছে।

ইতিবাচক দিশটো হ’ল লাডাখ আৰু লক্ষদ্বীপৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত য’ত সৰ্বোত্তম প্ৰদৰ্শন, এজনো ছাত্ৰ-ছাত্ৰী শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত নাই। পণ্ডিচেৰীত মাত্ৰ চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জত এই সংখ্যা মাত্ৰ দুজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement