--°C
Loading...
Listen to Article
2 min read
80%

ডিজেটেল ডেস্ক : তামিলনাডুৰ তিৰুনেলভেলীত এখন বিদ্যালয়ত সংঘটিত হৈছে শোকাৱহ ঘটনা। বিদ্যালয়খনৰ শৌচাগাৰৰ এখন বেৰ ভাঙি পৰাৰ ফলত তিনিজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন শিক্ষাৰ্থী আহত হৈছে। শ্বাফটাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। বিদ্যালয়ৰ শৌচাগাৰ এটাৰ এখন দেৱাল ভাঙি পৰাৰ ফলত তাৰ তলত শিক্ষাৰ্থীকেইজন আবদ্ধ হৈ পৰে।

ফলত তিনিজনৰ ঠাইতে মৃত্যু হয়। মৃত্যু হোৱা ছাত্ৰকেইজন নৱম শ্ৰেণীৰ আনবাজহাগান, অষ্টম শ্ৰেণীৰ বিশ্ব ৰঞ্জন আৰু ৬ষ্ঠ শ্ৰেণীৰ সুথেশ বুলি চিনাক্ত কৰা হৈছে। এই শোকাৱহ ঘটনাৰ পাছতে মুখ্য মন্ত্ৰী এম কে ষ্টেলিনে শোক প্ৰকাশ কৰাৰ লগতে নিহত ছাত্ৰৰ পৰিয়াললৈ ১০লাখকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

আহত শিক্ষাৰ্থীকেইজনলৈও ৩লাখকৈ টকাৰ সাহায্য আগবঢ়াইছে। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী অনবিল মহেশ পোয়ামোঝিয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে আৰু স্কুলখন তাৎক্ষণিকভাৱে পৰিদৰ্শনৰ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা