--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গোটেই দিনটোজুৰি অঞ্চলটোত সংঘটিত হৈছিল এয়াৰ ষ্ট্ৰাইক। ৰুছ সৈন্যৰ ব্যাপক মিছাইল আক্ৰমণৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰমান আঁতৰত আমি আছিলোঁ। খাৰকিভৰ চিটী স্কুয়েৰত আঘাত হানিছিল সেই ৰুছ মিছাইলে। খাৰকিভত থকা ভাৰতীয় দূতাবাসে আমাক তাৎক্ষণিকভাৱে সেই স্থান ত্যাহ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু আমি সেইবাবে সেই স্থানৰ পৰা নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মিছাইলৰ ভয়ত ১৫ কিলোমিটাৰ খোজকাঢ়ি ৰে’ল ষ্টেচন পাইছিলোঁ। ৰে’ল ষ্টেচনলৈ পাঁচ কিলোমিটাৰ বাকী থকা অৱস্থাতে মিছাইলে আঘাত হানিছিল। আমি সকলো মিছাইলৰ ভয়ত শংকাত কঁপি উঠিছিলোঁ আৰু ভয় আৰু অসহায়তাৰে কান্দিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰ পাছতো কোনোমতে আমি ষ্টেচনত উপস্থিত হ’বলৈ সক্ষম হৈছিলোঁ যদিও ৰে’লত উঠিলেই ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে আমাক প্ৰাণে মৰাৰ ভাবুকি দিছিল। তাৰ পাছতো আমি কোনোমতে আন এটা প্ৰৱেশ পথেৰে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলোঁ। খাৰকিভৰ পৰা লিভভলৈ ২৫ঘণ্টা সময় আমি ৰে’ল থিয় দিয়েই যাত্ৰা কৰিছিলোঁ। এই শিহৰণকাৰী বৰ্ণনা দিছে ইউক্ৰেইনৰ পৰা প্ৰাণ লৈ দেশলৈ উভতি অহা ছিমৰণপ্ৰীত নামৰ ছাত্ৰজনে। ভাৰতে নিৰন্তৰে দেশখনৰ পৰা আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি আনিবলৈ চেষ্টা কৰি আছে যদিও যিবোৰ স্থানৰ পৰা ভাৰতে উদ্ধাৰ কাৰ্য চলাই আছে তেওঁলোক তালৈ আহিবলৈ বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ’বলগীয়া হৈ আছে। পদে পদে মৃত্যু ভয়ে খেদি ফুৰিছে এইসকল ভাৰতীয় শিক্ষাৰ্থীক। ছিমৰপ্ৰীতে প্ৰকাশ কৰা মতে, তেওঁ ইউক্ৰেইনত যুদ্ধত নিহত হোৱা নবীন নামৰ ছাত্ৰজনকো লগ পাইছিল। আৰু তেওঁৰ মৃত্যুৰ খবৰে তেওঁ ব্যথিত কৰি তুলিছে। কিন্তু সামান্য ইফাল সিফাল হ’লেই তেওঁলোকৰো দশা একেই হয়তো হ’লহেঁতেন। আনহাতে, তেওঁৰ দৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ঘৰ-পৰিয়ালৰ লোকে বিনিদ্ৰ ৰজনী পাৰ কৰি থাকিবলগীয়া হৈছে নিজৰ সন্তানৰ অপেক্ষাত। ভাৰতে এতিয়া নিৰন্তৰে যুদ্ধজৰ্জৰ দেশখনৰ পৰা ভাৰতীয়সকল উদ্ধাৰ কৰাৰ কাম নিৰন্তৰে চলাই আছে। এতিয়লৈ প্ৰায় ১৮হাজাৰ লোকক উদ্ধাৰ কৰা সম্ভন হৈছে যদিও ছুমী, খাৰকিভৰ দৰে বিপদসংকুল স্থানত এতিয়াও আবদ্ধ হৈ আছে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ