--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গোটেই দিনটোজুৰি অঞ্চলটোত সংঘটিত হৈছিল এয়াৰ ষ্ট্ৰাইক। ৰুছ সৈন্যৰ ব্যাপক মিছাইল আক্ৰমণৰ পৰা মাত্ৰ ২০০ কিলোমিটাৰমান আঁতৰত আমি আছিলোঁ। খাৰকিভৰ চিটী স্কুয়েৰত আঘাত হানিছিল সেই ৰুছ মিছাইলে। খাৰকিভত থকা ভাৰতীয় দূতাবাসে আমাক তাৎক্ষণিকভাৱে সেই স্থান ত্যাহ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল আৰু আমি সেইবাবে সেই স্থানৰ পৰা নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মিছাইলৰ ভয়ত ১৫ কিলোমিটাৰ খোজকাঢ়ি ৰে’ল ষ্টেচন পাইছিলোঁ। ৰে’ল ষ্টেচনলৈ পাঁচ কিলোমিটাৰ বাকী থকা অৱস্থাতে মিছাইলে আঘাত হানিছিল। আমি সকলো মিছাইলৰ ভয়ত শংকাত কঁপি উঠিছিলোঁ আৰু ভয় আৰু অসহায়তাৰে কান্দিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰ পাছতো কোনোমতে আমি ষ্টেচনত উপস্থিত হ’বলৈ সক্ষম হৈছিলোঁ যদিও ৰে’লত উঠিলেই ইউক্ৰেইনৰ নিৰাপত্তাবাহিনীয়ে আমাক প্ৰাণে মৰাৰ ভাবুকি দিছিল। তাৰ পাছতো আমি কোনোমতে আন এটা প্ৰৱেশ পথেৰে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলোঁ। খাৰকিভৰ পৰা লিভভলৈ ২৫ঘণ্টা সময় আমি ৰে’ল থিয় দিয়েই যাত্ৰা কৰিছিলোঁ। এই শিহৰণকাৰী বৰ্ণনা দিছে ইউক্ৰেইনৰ পৰা প্ৰাণ লৈ দেশলৈ উভতি অহা ছিমৰণপ্ৰীত নামৰ ছাত্ৰজনে। ভাৰতে নিৰন্তৰে দেশখনৰ পৰা আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি আনিবলৈ চেষ্টা কৰি আছে যদিও যিবোৰ স্থানৰ পৰা ভাৰতে উদ্ধাৰ কাৰ্য চলাই আছে তেওঁলোক তালৈ আহিবলৈ বহু প্ৰতিবন্ধকতাৰ সন্মুখীন হ’বলগীয়া হৈ আছে। পদে পদে মৃত্যু ভয়ে খেদি ফুৰিছে এইসকল ভাৰতীয় শিক্ষাৰ্থীক। ছিমৰপ্ৰীতে প্ৰকাশ কৰা মতে, তেওঁ ইউক্ৰেইনত যুদ্ধত নিহত হোৱা নবীন নামৰ ছাত্ৰজনকো লগ পাইছিল। আৰু তেওঁৰ মৃত্যুৰ খবৰে তেওঁ ব্যথিত কৰি তুলিছে। কিন্তু সামান্য ইফাল সিফাল হ’লেই তেওঁলোকৰো দশা একেই হয়তো হ’লহেঁতেন। আনহাতে, তেওঁৰ দৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ঘৰ-পৰিয়ালৰ লোকে বিনিদ্ৰ ৰজনী পাৰ কৰি থাকিবলগীয়া হৈছে নিজৰ সন্তানৰ অপেক্ষাত। ভাৰতে এতিয়া নিৰন্তৰে যুদ্ধজৰ্জৰ দেশখনৰ পৰা ভাৰতীয়সকল উদ্ধাৰ কৰাৰ কাম নিৰন্তৰে চলাই আছে। এতিয়লৈ প্ৰায় ১৮হাজাৰ লোকক উদ্ধাৰ কৰা সম্ভন হৈছে যদিও ছুমী, খাৰকিভৰ দৰে বিপদসংকুল স্থানত এতিয়াও আবদ্ধ হৈ আছে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post