--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সম্প্ৰতি ৫০ৰো অধিক পৰিভ্ৰমী আৰু জলচৰ চৰাই ৰাজ্যখনৰ বিভিন্ন প্রাকৃতিক আশ্রয়স্থলীত উপস্থিত হৈছে। কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল প্লাৱনভূমি আৰু কাষৰীয়া বিলসমূহতে ভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে।

ডিজিটেল ডেস্ক: ছাইবেৰিয়া, মংগোলিয়া, তিব্বত আৰু কেন্দ্ৰীয় এছিয়াৰ হাড় কঁপোৱা ঠাণ্ডাৰ পৰা পৰিত্ৰাণ বিচাৰি হাজাৰ হাজাৰ কিল'মিটাৰ আকাশী পথ অতিক্ৰম কৰি অতিথি চৰাইবোৰৰ ক্ৰমাগত আগমনে সাম্প্ৰতিক অসমৰ বিল, জলাশয় আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহক দিছে নতুন প্রাণ। অপূৰ্ব পক্ষীকুলৰ সুমধুৰ কল-কাকলিয়ে অসমৰ আকাশ-বতাহত এক মায়াবী পৰিৱেশৰ সৃষ্টি কৰিছে। 


সম্প্ৰতি ৫০ৰো অধিক পৰিভ্ৰমী আৰু জলচৰ চৰাই ৰাজ্যখনৰ বিভিন্ন প্রাকৃতিক আশ্রয়স্থলীত উপস্থিত হৈছে। কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশাল প্লাৱনভূমি আৰু কাষৰীয়া বিলসমূহতে ভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। ইয়াৰ উপৰি, এশিঙীয়া গঁড়ৰ বাসস্থান পবিতৰা বন্যপ্রাণী অভয়াৰণ্য, বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, ধেমাজি-বৰদলনি অঞ্চল, তিনিচুকীয়াৰ মাগুৰী-মটাপুং বিল, অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ 'দীপৰ বিল' আৰু ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ মাজুলীৰ চৰ-চাপৰিসমূহ এতিয়া ক্রমান্বয়ে দেশী-বিদেশী চৰাইৰ কলৰৱেৰে মুখৰিত হৈছে। এইবেলি অসমৰ আকাশ-বতাহ মুখৰিত কৰা প্ৰধান পৰিভ্ৰমী চৰাইবোৰৰ ভিতৰত অন্যতম হৈছে-ধৃতৰাজ, নডার্ন পিনটেইল, সাৰেং, বালিমাহী আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষী। চৰাইসমূহৰ উপস্থিতিয়ে প্রকৃতিপ্রেমী আৰু পৰ্যটসকলৰ বাবে এক নয়নজুৰোৱা দৃশ্য উপহাৰ দিছে। 


দেশৰ প্ৰায় ৩০টা চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ যৌথ উদ্যোগত আৰু হাজাৰ হাজাৰ পক্ষী নিৰীক্ষকৰ 'ই-বার্ড' তথ্যৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক পক্ষী সংৰক্ষণ আৰু জৈৱ-বৈচিত্র্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত কৰা হৈছে। মূল্যায়নত দেখা গৈছে যে একাংশ বিৰল আৰু বিপন্ন প্ৰজাতিৰ বাবে কাজিৰঙা আৰু অসমৰ আৰ্দ্ৰভূমিসমূহ এতিয়াও এক সুৰক্ষিত আশ্রয়স্থল হৈ আছে। অৱশ্যে জলবায়ু পৰিৱৰ্তন, দ্রুত নগৰীকৰণ আৰু জলাশয় সংকুচিত হোৱাৰ বাবে সমগ্ৰ দেশতে পক্ষীৰ সংখ্যা ক্রমান্বয়ে হ্রাস পোৱাৰ আশংকাজনক তথ্যও ৰাষ্ট্ৰীয় মূল্যায়নে প্রকাশ কৰিছে। 


যাৰ বাবে অসমৰ জলাশয় আৰু বনাঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰখাটো অতি জৰুৰী হৈ পৰিছে। আন এক সুখবৰ যে বিশ্বৰ আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা পৰিভ্ৰমী চিকাৰী চৰাই 'আমুৰ ফেলকন' ইতিমধ্যেই চুবুৰীয়া ৰাজ্য মণিপুৰত উপস্থিত হৈছে। ছাইবেৰিয়া আৰু উত্তৰ চীনৰ পৰা দক্ষিণ আফ্রিকালৈ যোৱাৰ দীঘলীয়া পথত এই চৰাইজাকে মণিপুৰৰ টামেংলং জিলাত আশ্ৰয় লৈছেহি। ভাৰতীয় বন্যপ্রাণী প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ছেটেলাইট টেগ কৰা 'আপাপাং' আৰু 'আলং' নামৰ দুটা আমুৰ ফেলকন প্রায় ২৩খন দেশ অতিক্ৰম কৰি পুনৰ মণিপুৰলৈ সুকলমে ঘূৰি অহাৰ কথা কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰ্যালয়ে নিশ্চিত কৰিছে। মণিপুৰৰ সাময়িক আশ্রয়স্থলীত ইহঁতে কেইসপ্তাহমান থাকি আফ্রিকালৈ উৰা মৰাৰ বাবে শক্তি সঞ্চয় কৰিব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী