--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যৰ বিজেপি চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই। যাৰ ফলত অসমৰ ঋণৰ পৰিমাণ দুই লাখ কোটি টকাৰো অধিক হৈছেগৈ। আনকি যোৱা পাঁচ বছৰতেই ৰাজ্য চৰকাৰখনে লৈছে প্রায় এক লাখ কোটি টকাৰ ঋণ।

ডিজিটেল ডেস্ক : ঋণ নল'লে নচলে অসম। যাৰ বাবে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা ৰাজ্য চৰকাৰখনে ২৭ অক্টোবৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। ন বছৰৰ বাবে ল'ব লগীয়া এই ঋণ গ্ৰহণৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। ইয়াৰ পূৰ্বে পূজাৰ আগে আগে ৰাজ্য চৰকাৰখনে যোৱা তেৰ অক্টোবৰত ১০০০ কোটি টকাৰ ঋণ লৈছিল। আনহাতে ছেপ্টেম্বৰ মাহত ৰাজ্য চৰকাৰখনে সর্বাধিক ৩১০০ কোটি টকাৰ ঋণ লৈ বিত্তীয় জোৰা মাৰিছিল। 


উল্লেখযোগ্য যে ৰাজ্যৰ বিজেপি চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি কৰা নাই। যাৰ ফলত অসমৰ ঋণৰ পৰিমাণ দুই লাখ কোটি টকাৰো অধিক হৈছেগৈ। আনকি যোৱা পাঁচ বছৰতেই ৰাজ্য চৰকাৰখনে লৈছে প্রায় এক লাখ কোটি টকাৰ ঋণ। কিন্তু সেই বিশাল পৰিমাণৰ ঋণ লোৱাৰ পাছতো চৰকাৰখনে ঋণ লোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ফলত ধাৰৰ বোজা ক্রমাৎ বৃদ্ধি পাইছে। ইফালে ৰাজ্য চৰকাৰে বৃহৎ আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক আঁচনি আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ঋণ লোৱাটো প্রয়োজনীয় বুলি দাবী কৰাৰ বিপৰীতে 'কেগ'ৰ প্ৰতিবেদন আৰু বিভিন্ন অর্থনৈতিক বিশ্লেষণে ঋণৰ পৰিমাণ বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ঋণৰ বোজা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত বর্তমান সময়ত জনমূৰি ঋণ প্রায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে। 


তথ্য অনুসৰি স্বাধীনতাৰ পৰা তৰুণ গগৈৰ চৰকাৰৰ দিনলৈকে অৰ্থাৎ ২০১৬ চনৰ মাৰ্চলৈ অসমৰ সমুদায় ঋণৰ পৰিমাণ আছিল প্রায় ৪১,৯৬৪ কোটি টকা। কিন্তু সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা ৮৯,৭০৯ কোটি টকালৈ বৃদ্ধি পায়। ইয়াৰ পাছত ২০২১ চনত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত প্রতি মাহে ইমানেই ঋণ লোৱা আৰম্ভ কৰিলে যে ২০২৫ চনৰ মাৰ্চলৈকে অসম চৰকাৰৰ ঋণৰ বোজা ১,৭৭,৯৮৩ কোটি টকা হয়গৈ আৰু এতিয়া এই পৰিমাণ প্রায় দুই লাখ বাৰ হাজাৰ কোটি টকা হৈছেগৈ। সকলোতকৈ ডাঙৰ কথা যে চৰকাৰখনে এই ঋণৰ ধনেৰে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। 


বিশেষকৈ প্রতিমাহে নগদ ধন প্ৰদান কৰা জনপ্রিয় হিতাধিকাৰী আঁচনি অৰুণোদয়ৰ নামতে ৰাজ্য চৰকাৰখনৰ প্ৰায় চাৰিশ কোটি টকা ব্যয় হয়। এই ধন অনাগত দিনত আৰু বৃদ্ধি পাব। কিয়নো ৰাজ্য চৰকাৰে অৰুণোদয়ৰ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লগতে প্রতিমাহে হিতাধিকাৰীসকলক প্রদান কৰা ধন দুই হাজাৰ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰি ৰাজ্য চৰকাৰখনে আন বহু কেইখন হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি আছে। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনৰ প্ৰতি মাহে লোৱা ঋণৰ পৰিমাণো আগন্তুক দিনত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী