--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মীয়মাণ অৱস্থাত আছে এক মছজিদ৷শ্ৰী ৰামচন্দ্ৰ মন্দিৰ নিৰ্মাণৰ প্ৰসংগই চৰ্চা লাভ কৰা সময়তে  এই নিৰ্মীয়মাণ মছজিদটোৱেও শিৰোনাম দখল কৰিছে৷ মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ আৰফাত শ্বেখৰ মতে, এই মছজিদত পাঁচটা মিনাৰ থাকিব, যিবোৰ ইছলামৰ পাঁচটা স্তম্ভ- নামাজ, ৰোজা, জাকাত, তৌহীদ আৰু হজৰ প্ৰতীক হ’ব।

এফালে অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ উদ্বোধন হ’বলৈ গৈ থকাৰ বিপৰীতে আনফালে ২৬ কিলোমিটাৰ দূৰৈৰ ধনীপুৰতো মহম্মদ বিন আব্দুল্লাহ মছজিদ নিৰ্মাণৰ কাম চলি আছে। তথ্য অনুসৰি এই মছজিদত নিৰ্মাণ কৰা পবিত্ৰ গ্ৰন্থ কোৰানৰ ৰং গেৰুৱা হ’ব।

মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজী আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ সৰ্ববৃহৎ কোৰান থাকিব, যিখন ২১ ফুট উচ্চতা আৰু ৩৬ ফুট বহল হ’ব৷

আৰফাত শ্বেখে আৰু দাবী কৰে যে মহম্মদ বিন আব্দুল্লাহ মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলকো চেৰ পেলাব। এই মছজিদত পুৰুষ-মহিলাকে ধৰি ৯০০০ ভক্তিপ্ৰাণে একেলগে নামাজ আগবঢ়াব পাৰিব।মহম্মদ বিন আব্দুল্লাহ মছজিদত চিকিৎসাৰ পৰা শিক্ষাৰ বহু সুবিধা উপলব্ধ হ’ব। ইয়াৰ লগতে নিৰামিষ পাকঘৰো থাকিব, য’ত অতিথিসকলক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী