--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মীয়মাণ অৱস্থাত আছে এক মছজিদ৷শ্ৰী ৰামচন্দ্ৰ মন্দিৰ নিৰ্মাণৰ প্ৰসংগই চৰ্চা লাভ কৰা সময়তে  এই নিৰ্মীয়মাণ মছজিদটোৱেও শিৰোনাম দখল কৰিছে৷ মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ আৰফাত শ্বেখৰ মতে, এই মছজিদত পাঁচটা মিনাৰ থাকিব, যিবোৰ ইছলামৰ পাঁচটা স্তম্ভ- নামাজ, ৰোজা, জাকাত, তৌহীদ আৰু হজৰ প্ৰতীক হ’ব।

এফালে অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ মন্দিৰ উদ্বোধন হ’বলৈ গৈ থকাৰ বিপৰীতে আনফালে ২৬ কিলোমিটাৰ দূৰৈৰ ধনীপুৰতো মহম্মদ বিন আব্দুল্লাহ মছজিদ নিৰ্মাণৰ কাম চলি আছে। তথ্য অনুসৰি এই মছজিদত নিৰ্মাণ কৰা পবিত্ৰ গ্ৰন্থ কোৰানৰ ৰং গেৰুৱা হ’ব।

মছজিদটোৰ উন্নয়ন সমিতিৰ অধ্যক্ষ হাজী আৰাফাত শ্বেখে কয় যে এই মছজিদত বিশ্বৰ সৰ্ববৃহৎ কোৰান থাকিব, যিখন ২১ ফুট উচ্চতা আৰু ৩৬ ফুট বহল হ’ব৷

আৰফাত শ্বেখে আৰু দাবী কৰে যে মহম্মদ বিন আব্দুল্লাহ মছজিদৰ সৌন্দৰ্যই আনকি তাজমহলকো চেৰ পেলাব। এই মছজিদত পুৰুষ-মহিলাকে ধৰি ৯০০০ ভক্তিপ্ৰাণে একেলগে নামাজ আগবঢ়াব পাৰিব।মহম্মদ বিন আব্দুল্লাহ মছজিদত চিকিৎসাৰ পৰা শিক্ষাৰ বহু সুবিধা উপলব্ধ হ’ব। ইয়াৰ লগতে নিৰামিষ পাকঘৰো থাকিব, য’ত অতিথিসকলক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ