ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ৰাছিয়াত। ৰাছিয়াৰ তাতাৰস্তান অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো। ভয়ংকৰ বিমান দুৰ্ঘটনাটোৱে প্ৰাণ কাঢ়িলে ১৬জনকৈ লোকৰ।আনহাতে, ৭জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, মুঠ ২৩ জন যাত্ৰী লৈ উৰা মাৰিছিল বিমানখন।
অভিশপ্ত বিমানখন L-410 Turbolet আছিল বুলি চিনাক্ত কৰিছে৷ দুৰ্ঘটনাত পতিত বিমানখন দুটা ইঞ্জিনযুক্ত শ্বৰ্ট ৰেঞ্জ ট্ৰান্সপ’ৰ্ট এয়াৰক্ৰাফ্ট আছিল। উল্লেখ্য যে ৰাছিয়াত সঘনে বিমান দুৰ্ঘটনা সংঘটিত হয়৷
কিন্তু শেহতীয়া বছৰবোৰত মুখ্য বিমান সেৱাসমূহে ছোভিয়েট বিমানৰ পৰা আধুনিক জেটলৈ সলনি কৰি বিমান পৰিবহনৰ সুৰক্ষা উন্নত কৰিছে। তথাপিও বিমানৰ দুৰ্বল ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ মান শিথিল হোৱাৰ ফলত এতিয়াও দূৰৱৰ্তী অঞ্চলবোৰত পাতল বিমানবোৰৰ সঘনাই দুৰ্ঘটনা সংঘটিত হয়৷