--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতকালত শাক-পাচলিৰে বজাৰ উভৈনদী হৈ পৰে। শাকজাতীয় পাচলি যেনে-লাই, লফা, পালেং, ধনিয়া ইত্যাদি শাকপাত বহু মানুহৰে মন পচন্দৰ খাদ্য। সেয়েহে শীতকালত ধনিয়া পাত যিকোনো তৰকাৰীৰ ওপৰত ছটিয়াই বা কেঁচা ধনিয়া পাত বিভিন্ন ধৰণে ব্যঞ্জনৰ লগত পৰিৱেশন কৰি খায় মানুহে ভালপায়। কিন্তু অকল পাচলিয়েই নহয়, পাচলিৰ লগতে মাংসৰ পৰাও শৰীৰত প্ৰৱেশ কৰিব পাৰে টেপৱৰ্ম বা ফিটাপেলু। সততে মানুহে খাই ভালপোৱা শীতকালীন শাক-পাতবোৰৰ লগতে  একাধিক পাচলিত টেপৱৰ্ম বা ফিটাপেলু থাকিব পাৰে। বিশেষজ্ঞসকলে চলোৱা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে পাচলি বা পাচলিজাতীয় পাত যি শীতকালত বজাৰত বেছিকৈ উপলব্ধ হয়, তেনে পাচলি উতলাই ভালদৰে ৰান্ধি নাখালে ফিটাপেলু বা টেপৱৰ্ম মানুহৰ শৰীৰত প্ৰৱেশ ঘটাৰ আশংকা বৃদ্ধি পায়। এনে কেইবিধনমান পাচলি হৈছে- পালেং : পুষ্টিগত কাৰণ চাবলৈ গ’লে পালেং শাক অতুলনীয়। কিন্তু পালং শাক পোনে পোনে মাটিত হোৱা শাক, গছত নহয়। সেয়েহে পালেং শাকত টেপৱৰ্ম বা ফিটাপেলু থকাৰ সম্ভাৱনা অধিক। গতিকে পালেং শাক ভালদৰে ৰান্ধি নাখালে ফিটাপেলু মানুহৰ শৰীৰত প্ৰৱেশ ঘটাৰ আশংকা বাঢ়ি যায়। ফুলকবিঃ ফুলকবি আৰু বন্ধাকবি দুয়োবিধ পাচলিতে টেনি চোলিয়াম নামৰ টেপৱৰ্ম থাকে। বহু লোকে এই পাচলি চালাড হিচাপে খায় যদিও কেঁচা বা আধা সিজোৱাকৈ খালে শৰীৰত টেপৱৰ্ম প্ৰৱেশৰ সম্ভাৱনা থাকে। ব্ৰকলিঃ ব্ৰকলি বন্ধাকবি প্ৰজাতিৰ এক জনপ্ৰিয় পাচলি। ইয়াতো ফিটাপেলু বা টেপৱৰ্ম থকাৰ সম্ভৱনা অধিক। গাহৰিৰ মাংসঃ বিভিন্ন ব্যঞ্জনৰ লগতে বৰ্তমান এবিধ জনপ্ৰিয় খাদ্য হৈছে গাহৰিৰ মাংস বা পৰ্ক। গাহৰিৰ মাংসত টাইনি চোলিয়াম নামৰ টেপৱৰ্ম পোৱা যায়। বিশেষজ্ঞসকলৰ মতে গাহৰিৰ মাংস ভালদৰে ৰান্ধি নাখালে ফিটাপেলু শৰীৰত প্ৰৱেশ ঘটাৰ শংকা বাঢ়ি যায়। মাছঃ মাছত ডেচিলোবোথিয়াম নামৰ টেপৱৰ্ম পোৱা যায়। যদি মাছ সঠিকভাৱে ৰন্ধা নহয় বা আধা কেঁচা হৈ থাকে তেতিয়া এই টেপৱৰ্মবোৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰি বংশবৃদ্ধি কৰাৰ লগতে শৰীৰত নানা ৰোগৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post