--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতকালত শাক-পাচলিৰে বজাৰ উভৈনদী হৈ পৰে। শাকজাতীয় পাচলি যেনে-লাই, লফা, পালেং, ধনিয়া ইত্যাদি শাকপাত বহু মানুহৰে মন পচন্দৰ খাদ্য। সেয়েহে শীতকালত ধনিয়া পাত যিকোনো তৰকাৰীৰ ওপৰত ছটিয়াই বা কেঁচা ধনিয়া পাত বিভিন্ন ধৰণে ব্যঞ্জনৰ লগত পৰিৱেশন কৰি খায় মানুহে ভালপায়। কিন্তু অকল পাচলিয়েই নহয়, পাচলিৰ লগতে মাংসৰ পৰাও শৰীৰত প্ৰৱেশ কৰিব পাৰে টেপৱৰ্ম বা ফিটাপেলু। সততে মানুহে খাই ভালপোৱা শীতকালীন শাক-পাতবোৰৰ লগতে  একাধিক পাচলিত টেপৱৰ্ম বা ফিটাপেলু থাকিব পাৰে। বিশেষজ্ঞসকলে চলোৱা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে যে পাচলি বা পাচলিজাতীয় পাত যি শীতকালত বজাৰত বেছিকৈ উপলব্ধ হয়, তেনে পাচলি উতলাই ভালদৰে ৰান্ধি নাখালে ফিটাপেলু বা টেপৱৰ্ম মানুহৰ শৰীৰত প্ৰৱেশ ঘটাৰ আশংকা বৃদ্ধি পায়। এনে কেইবিধনমান পাচলি হৈছে- পালেং : পুষ্টিগত কাৰণ চাবলৈ গ’লে পালেং শাক অতুলনীয়। কিন্তু পালং শাক পোনে পোনে মাটিত হোৱা শাক, গছত নহয়। সেয়েহে পালেং শাকত টেপৱৰ্ম বা ফিটাপেলু থকাৰ সম্ভাৱনা অধিক। গতিকে পালেং শাক ভালদৰে ৰান্ধি নাখালে ফিটাপেলু মানুহৰ শৰীৰত প্ৰৱেশ ঘটাৰ আশংকা বাঢ়ি যায়। ফুলকবিঃ ফুলকবি আৰু বন্ধাকবি দুয়োবিধ পাচলিতে টেনি চোলিয়াম নামৰ টেপৱৰ্ম থাকে। বহু লোকে এই পাচলি চালাড হিচাপে খায় যদিও কেঁচা বা আধা সিজোৱাকৈ খালে শৰীৰত টেপৱৰ্ম প্ৰৱেশৰ সম্ভাৱনা থাকে। ব্ৰকলিঃ ব্ৰকলি বন্ধাকবি প্ৰজাতিৰ এক জনপ্ৰিয় পাচলি। ইয়াতো ফিটাপেলু বা টেপৱৰ্ম থকাৰ সম্ভৱনা অধিক। গাহৰিৰ মাংসঃ বিভিন্ন ব্যঞ্জনৰ লগতে বৰ্তমান এবিধ জনপ্ৰিয় খাদ্য হৈছে গাহৰিৰ মাংস বা পৰ্ক। গাহৰিৰ মাংসত টাইনি চোলিয়াম নামৰ টেপৱৰ্ম পোৱা যায়। বিশেষজ্ঞসকলৰ মতে গাহৰিৰ মাংস ভালদৰে ৰান্ধি নাখালে ফিটাপেলু শৰীৰত প্ৰৱেশ ঘটাৰ শংকা বাঢ়ি যায়। মাছঃ মাছত ডেচিলোবোথিয়াম নামৰ টেপৱৰ্ম পোৱা যায়। যদি মাছ সঠিকভাৱে ৰন্ধা নহয় বা আধা কেঁচা হৈ থাকে তেতিয়া এই টেপৱৰ্মবোৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰি বংশবৃদ্ধি কৰাৰ লগতে শৰীৰত নানা ৰোগৰ সৃষ্টি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা