--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিক্ষা মন্ত্ৰালয়ৰ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম ফৰ এডুকেশ্যন (ইউডিএছই) প্লাছৰ তথ্য অনুসৰি বিগত বছৰৰ তুলনাত ২০২৩-২৪ বৰ্ষত ভাৰতৰ বিদ্যালয়সমূহত নামভৰ্তিৰ হাৰ ৩৭ লাখ হ্ৰাস পাইছে। শিক্ষাৰ বাবে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন চিষ্টেম প্লাছ হৈছে সমগ্ৰ দেশৰ বিদ্যালয়সমূহৰ তথ্য সংগ্ৰহৰ বাবে শিক্ষা মন্ত্ৰালয়ে ৰক্ষণাবেক্ষণ কৰা এক তথ্য সংগ্ৰহ মঞ্চ।

প্ৰতিবেদন অনুসৰি ২০২২-২৩ চনত বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৫.১৭ কোটি হোৱাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত এই পৰিসংখ্যা ২৪.৮০ কোটি। এই পৰ্যালোচনা কৰি থকাৰ সময়ছোৱাত ছাত্ৰীৰ সংখ্যা ১৬ লাখ হ্ৰাস পোৱাৰ বিপৰীতে ছাত্ৰৰ সংখ্যা ২১ লাখ হ্ৰাস পাইছে। মুঠ নামভৰ্তিৰ ক্ষেত্ৰত সংখ্যালঘুৰ প্ৰতিনিধিত্ব  কৰা প্ৰায় ২০ শতাংশ। সংখ্যালঘুসকলৰ ভিতৰত ৭৯.৬ শতাংশ মুছলমান, ১০ শতাংশ খ্ৰীষ্টান, ৬.৯ শতাংশ শিখ, ২.২ শতাংশ বৌদ্ধ, ১.৩ শতাংশ জৈন আৰু ০.১ শতাংশ পাৰ্চী অন্তৰ্ভুক্ত আছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত ২৬.৯ শতাংশ ছাত্ৰ-ছাত্ৰী সাধাৰণ শ্ৰেণীৰ, ১৮ শতাংশ অনুসূচিত জাতিৰ, ৯.৯ শতাংশ অনুসূচিত জনজাতিৰ আৰু ৪৫.২ শতাংশ অন্যান্য পিছপৰা শ্ৰেণীৰ।

২০২৩-২৪ চনত UDISE+-এ স্বেচ্ছামূলক ভিত্তিত আধাৰ নম্বৰকে ধৰি ছাত্ৰ-ছাত্ৰীভিত্তিক তথ্য সংগ্ৰহ কৰি তথ্যৰ স্বকীয়তা নিশ্চিত কৰিছিল। এই সময়ছোৱাত ১৯.৭ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আধাৰৰ সবিশেষ প্ৰদান কৰিছিল বুলি সদৰি কৰিছে।

বিষয়াসকলে অৱশ্যে স্পষ্ট কৰি দিয়ে যে তথ্যসমূহে বিগত বছৰবোৰৰ তুলনাত কিছু বাস্তৱিক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিছে, কিয়নো পৃথকে ছাত্ৰ-ছাত্ৰীৰ তথ্য একত্ৰিকত কৰি ৰখাৰ এই প্ৰচেষ্টা ২০২১-২২ বা পূৰ্বৰ বছৰবোৰৰ তুলনাত সম্পূৰ্ণ পৃথক, অনন্য আৰু অতুলনীয়।

এই প্ৰতিবেদন অনুসৰি ছাত্ৰ-ভিত্তিক তথ্যই ‘ভুৱা ছাত্ৰ’ চিনাক্ত কৰি যোগ্য ছাত্ৰ-ছাত্ৰীসকললৈ সুবিধাসমূহ হস্তান্তৰ কৰাত সহায় কৰিব, যাৰ ফলত উন্নত ব্যয় ব্যৱস্থাপনাৰ জৰিয়তে চৰকাৰ আৰু সুশাসনত সহায় কৰিব।

ব্যক্তিগত ছাত্ৰভিত্তিক তথ্যই শিক্ষা ব্যৱস্থাৰ বাস্তৱসন্মত আৰু অধিক সঠিক ছবি প্ৰতিফলিত কৰে।২০২১-২২ চনলৈকে সংগ্ৰহ কৰা বিদ্যালয়ভিত্তিক একত্ৰিত তথ্যৰ পৰা স্কুল এৰাৰ হাৰ চিহ্নিত কৰা ক্ষেত্ৰত এয়া ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে চেষ্টা কৰা হৈছে বুলি সদৰি কৰিছে।সেয়েহে এই তথ্যসমূহ বিভিন্ন শৈক্ষিক সূচক যেনে জিইআৰ, এনইআৰ, ড্ৰপআউট হাৰ আদিৰ পূৰ্বৰ প্ৰতিবেদনৰ সৈতে  তুলনাযোগ্য নহয় বুলি এজন জ্যেষ্ঠ বিষয়ই মত প্ৰকাশ কৰে।

২০৩০ চনৰ ভিতৰত ড্ৰপআউট কৰ্তন কৰা আৰু সকলো স্তৰতে শিক্ষাৰ সাৰ্বজনীন সুবিধা নিশ্চিত কৰাটো ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অন্যতম প্ৰাথমিক লক্ষ্য বুলি সদৰি কৰে। ।

ছাত্ৰ-ভিত্তিক তথ্যৰ সহায়ত এতিয়া স্কুল এৰা ছাত্ৰ-ছাত্ৰীসকলক নিখুঁতভাৱে চিনাক্ত কৰিব পৰা যাব, সেই অনুসাৰে এই ছাত্ৰ-ছাত্ৰীসকলক স্কুললৈ ঘূৰাই অনা হ'ব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সমগ্ৰ বিদ্যালয় জীৱনৰ অগ্ৰগতিও নিৰীক্ষণ কৰাত সহায়ক হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ ছাত্ৰ-ভিত্তিক তথ্য ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰৰী অগ্ৰগতি অধিক নিখুঁতভাৱে বিশ্লেষণ কৰিব পৰা হ’ব।

এই প্ৰতিবেদনে বিভিন্ন ৰাজ্যত নামভৰ্তি কৰা বিদ্যালয়, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপলব্ধতা বেলেগ বেলেগ বুলিও উল্লেখ কৰিছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, অসম, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড আৰু ৰাজস্থানৰ দৰে ৰাজ্যত উপলব্ধ বিদ্যালয়ৰ শতকৰা হাৰ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰতকৈ অধিক।অৰ্থাৎ উপলব্ধ বিদ্যালয়সমূহৰ ব্যৱহাৰ কম।

ইফালে তেলেংগানা, পঞ্জাব, পশ্চিম বংগ, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, দিল্লী আৰু বিহাৰৰ দৰে ৰাজ্যত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ তুলনাত উপলব্ধ বিদ্যালয়ৰ শতকৰা হাৰ যথেষ্ট কম, যি আন্তঃগাঁথনিৰ উন্নত ব্যৱহাৰৰ ইংগিত বহন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ