--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিশ্বৰ শক্তিশালী ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। বিহাৰৰ মইনুল হক ষ্টেডিয়ামত বিহাৰ আৰু কৰ্ণাটকৰ মাজত চলিথকা ৰঞ্জী ট্ৰফী খেলৰ দ্বিতীয় দিনা বৰষুণৰ বাবে খেলপথাৰ সেমেকি যোৱাত শুকান গোবৰ জ্বলাই খেলপথাৰ শুকুৱা পৰিলক্ষিত হ’ল৷ 

এই ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত প্ৰকশ হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলে৷ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীক কোটি কোটি টকা দৰমহা দিয়া ব’ৰ্ডৰ হাতত ৰাজ্যিক ষ্টেডিয়ামৰ ৰক্ষণাবেক্ষণৰ বাবেও পৰ্যাপ্ত ধন নাই বুলি সমালোচনাৰ সন্মুখীন হৈছে। 

ইফলে বিহাৰ আৰু কৰ্ণাটকৰ মাজৰ মেচ খনত, বিহাৰে ষ্ট্ৰাইক লৈ প্ৰথম ইনিংছত ১৪৩ ৰান সংগ্ৰহ কৰিছিল। অ’পেনাৰ শৰ্মান নিগ্ৰোধে ৬টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰি ১৪৩টা বলত সৰ্বাধিক ৬০ ৰান গোটাবলৈ সক্ষম হয়৷ 

কৰ্ণাটকৰ হৈ শ্ৰেয়স গোপালে ৪টা আৰু মহছিন খানে ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়। কৰ্ণাটকে ৩ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ১৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নিকিন জোচে ১১ ৰানত আৰু সুজয় চেত্ৰী ৪ ৰানত অপৰাজিত হৈ ৰয়। খেলপথাৰ তিতি থকাৰ বাবে পাছৰ খেলখনো আৰম্ভ কৰিব পৰা নগ’ল।

ইয়াৰ পূৰ্বে গুৱাহাটীৰ বৰ্ষাপাৰাত আয়োজন কৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ সময়মতে বৰষুণে সমগ্ৰ খেলপথাৰ সেমেকা কৰি পেলাইছিল৷ অসম ক্ৰিকেট সন্থাই খেলপথাৰ শুকুৱাবলৈ ইস্ত্ৰি আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post