--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিশ্বৰ শক্তিশালী ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। বিহাৰৰ মইনুল হক ষ্টেডিয়ামত বিহাৰ আৰু কৰ্ণাটকৰ মাজত চলিথকা ৰঞ্জী ট্ৰফী খেলৰ দ্বিতীয় দিনা বৰষুণৰ বাবে খেলপথাৰ সেমেকি যোৱাত শুকান গোবৰ জ্বলাই খেলপথাৰ শুকুৱা পৰিলক্ষিত হ’ল৷ 

এই ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত প্ৰকশ হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলে৷ খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীক কোটি কোটি টকা দৰমহা দিয়া ব’ৰ্ডৰ হাতত ৰাজ্যিক ষ্টেডিয়ামৰ ৰক্ষণাবেক্ষণৰ বাবেও পৰ্যাপ্ত ধন নাই বুলি সমালোচনাৰ সন্মুখীন হৈছে। 

ইফলে বিহাৰ আৰু কৰ্ণাটকৰ মাজৰ মেচ খনত, বিহাৰে ষ্ট্ৰাইক লৈ প্ৰথম ইনিংছত ১৪৩ ৰান সংগ্ৰহ কৰিছিল। অ’পেনাৰ শৰ্মান নিগ্ৰোধে ৬টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰি ১৪৩টা বলত সৰ্বাধিক ৬০ ৰান গোটাবলৈ সক্ষম হয়৷ 

কৰ্ণাটকৰ হৈ শ্ৰেয়স গোপালে ৪টা আৰু মহছিন খানে ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়। কৰ্ণাটকে ৩ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ১৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে নিকিন জোচে ১১ ৰানত আৰু সুজয় চেত্ৰী ৪ ৰানত অপৰাজিত হৈ ৰয়। খেলপথাৰ তিতি থকাৰ বাবে পাছৰ খেলখনো আৰম্ভ কৰিব পৰা নগ’ল।

ইয়াৰ পূৰ্বে গুৱাহাটীৰ বৰ্ষাপাৰাত আয়োজন কৰা ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচৰ সময়মতে বৰষুণে সমগ্ৰ খেলপথাৰ সেমেকা কৰি পেলাইছিল৷ অসম ক্ৰিকেট সন্থাই খেলপথাৰ শুকুৱাবলৈ ইস্ত্ৰি আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ