--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৌতম বুদ্ধই কঠোৰ সাধনাৰ জৰিয়তে ভয়, লোভ আৰু লালসাক অতিক্ৰম কৰি নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল৷ সাম্প্ৰতিক সময়তো এনে কিছু লোক আছে যি সকলে সকলো সুখ, ভোগ ত্যাগ কৰি কঠোৰ আধ্যাত্মিক অনুশীলনত ব্ৰতী হয়৷ অৱশ্যে একাংশ লোকে সন্ন্যাসীৰ ৰূপ লৈ দুষ্কাৰ্য্যত লিপ্তহোৱাৰ বাতৰি সততেই শুনিবলৈ পোৱা যায়৷ এনে সময়তে কঠোৰ আধ্যাত্মিক অনুশীলনৰ বাবে বৰ্তমান সময়ৰ এগৰাকী সাধুয়ে চৰ্চা লাভ কৰিছে৷ তেৰ বছৰ ধৰি একেৰাহে ২৪ ঘণ্টা ঠিয় হৈ ব্ৰত পালন কৰি আহিছে এইগৰাকী সাধুয়ে। 

প্ৰাতঃকৃত্য কৰাৰ পৰা আৰম্ভ কৰি খোৱা বোৱা, গা ধোৱা, শোৱা সকলো কাম ঠিয় হৈ কৰে সাধু জনেl আন সাধুৰ দৰে নাচায় ভূত ভৱিষ্যৎ, নলয় মানুহৰ পৰা ভিক্ষাl নিশা শোৱাৰ বাবে পৰিস্থিতি অনুযায়ী এখন কাঠৰ ঝুলনা ব্যৱহাৰ কৰি শয়ন কৰে সাধুজনে ।
আন সাধুত কৈ পৃথক সাধুগৰাকী খৰেশ্ৰী পাৰস জী মহাৰাজ নামে খ্যাত৷
 
সম্প্ৰতি হাৰিয়ানাৰ পৰা কামাখ্যা দেৱীৰ দৰ্শন কৰি হাৰিয়ানা লৈ যোৱাৰ সময়ত পাঠশালাৰ দলো গোসাঁই থানত দুদিন আশ্ৰয় লৈ ঠিয় হৈ এ সময় পাৰ কৰিছে সাধু জনে৷ তেওঁ জানিবলৈ দিয়া মতে ২০২৪ বৰ্ষত ‘ঠিয় হৈ’ সময় কটোৱা এই ব্ৰতৰ অন্ত পৰিবl সন্ন্যাসী জনে সদৰি কৰা  অনুসৰি হাৰিয়ানাৰ আশ্ৰমত ধ্যান কৰাৰ লগতে গো পালন কৰি জীৱন নিৰ্বাহ কৰিছে সাধু জনে। প্ৰসংগ ক্ৰমে সাধু জনে কয় আন এজন সাধুয়েও তেওঁৰ দৰে ‘ঠিয় হৈ’ ব্ৰত পালন কৰা বুলি জানিবলৈ দিয়েl তেওঁৰ সততাই হয়টো সম্প্ৰতি সন্ন্যীৰ প্ৰতি থকা ঋণাত্মক ধাৰণা কিছু পৰিমানে হ’লেও লাঘৱ কৰিব বুলি ক’ব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ