--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গৌতম বুদ্ধই কঠোৰ সাধনাৰ জৰিয়তে ভয়, লোভ আৰু লালসাক অতিক্ৰম কৰি নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল৷ সাম্প্ৰতিক সময়তো এনে কিছু লোক আছে যি সকলে সকলো সুখ, ভোগ ত্যাগ কৰি কঠোৰ আধ্যাত্মিক অনুশীলনত ব্ৰতী হয়৷ অৱশ্যে একাংশ লোকে সন্ন্যাসীৰ ৰূপ লৈ দুষ্কাৰ্য্যত লিপ্তহোৱাৰ বাতৰি সততেই শুনিবলৈ পোৱা যায়৷ এনে সময়তে কঠোৰ আধ্যাত্মিক অনুশীলনৰ বাবে বৰ্তমান সময়ৰ এগৰাকী সাধুয়ে চৰ্চা লাভ কৰিছে৷ তেৰ বছৰ ধৰি একেৰাহে ২৪ ঘণ্টা ঠিয় হৈ ব্ৰত পালন কৰি আহিছে এইগৰাকী সাধুয়ে। 

প্ৰাতঃকৃত্য কৰাৰ পৰা আৰম্ভ কৰি খোৱা বোৱা, গা ধোৱা, শোৱা সকলো কাম ঠিয় হৈ কৰে সাধু জনেl আন সাধুৰ দৰে নাচায় ভূত ভৱিষ্যৎ, নলয় মানুহৰ পৰা ভিক্ষাl নিশা শোৱাৰ বাবে পৰিস্থিতি অনুযায়ী এখন কাঠৰ ঝুলনা ব্যৱহাৰ কৰি শয়ন কৰে সাধুজনে ।
আন সাধুত কৈ পৃথক সাধুগৰাকী খৰেশ্ৰী পাৰস জী মহাৰাজ নামে খ্যাত৷
 
সম্প্ৰতি হাৰিয়ানাৰ পৰা কামাখ্যা দেৱীৰ দৰ্শন কৰি হাৰিয়ানা লৈ যোৱাৰ সময়ত পাঠশালাৰ দলো গোসাঁই থানত দুদিন আশ্ৰয় লৈ ঠিয় হৈ এ সময় পাৰ কৰিছে সাধু জনে৷ তেওঁ জানিবলৈ দিয়া মতে ২০২৪ বৰ্ষত ‘ঠিয় হৈ’ সময় কটোৱা এই ব্ৰতৰ অন্ত পৰিবl সন্ন্যাসী জনে সদৰি কৰা  অনুসৰি হাৰিয়ানাৰ আশ্ৰমত ধ্যান কৰাৰ লগতে গো পালন কৰি জীৱন নিৰ্বাহ কৰিছে সাধু জনে। প্ৰসংগ ক্ৰমে সাধু জনে কয় আন এজন সাধুয়েও তেওঁৰ দৰে ‘ঠিয় হৈ’ ব্ৰত পালন কৰা বুলি জানিবলৈ দিয়েl তেওঁৰ সততাই হয়টো সম্প্ৰতি সন্ন্যীৰ প্ৰতি থকা ঋণাত্মক ধাৰণা কিছু পৰিমানে হ’লেও লাঘৱ কৰিব বুলি ক’ব পাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ