--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শনি আৰু দেওবাৰৰ বন্ধৰ উপৰি ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকহে অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক: ২১দিনীয়া কৰ্মসূচীৰে অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে কাৰ্য উপদেষ্টা কমিটীৰ বৈঠকৰ পাছত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলগীয়া দিনসমূহৰ সম্পূৰ্ণ কাৰ্যসূচী প্রকাশ কৰিছে। ২১ দিনৰ কাৰ্যসূচী যুগুত হ'লেও কার্যতঃ অধিৱেশন বহিব মুঠ ১৬ দিন। শনি আৰু দেওবাৰৰ বন্ধৰ উপৰি ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকহে অনুষ্ঠিত হ'ব। 


কার্য উপদেষ্টা কমিটীৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ১০ জুলাইত ৰাজ্য চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্রতিবেদন অর্থাৎ প্রাক্কলিত বাজেট উপস্থাপন কৰা হ'ব। ১৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তিনিদিন ধৰি বাজেটৰ ওপৰত সাধাৰণ আলোচনা হ'ব। ২২ আৰু ২৩ জুলাইত বাজেটত উপস্থাপন কৰা মঞ্জুৰিৰ দাবীসমূহৰ ওপৰত আলোচনা হ'ব। 


২৪ আৰু ৩১ জুলাইত নতুনকৈ নির্বাচিত হৈ অহা বিধায়কসকলৰ বাবে ৰখা নির্দিষ্ট সময়ত তেওঁলোকৰ সমষ্টিৰ সমস্যা, অভাৱ আৰু অভিযোগসমূহ উত্থাপন কৰাৰ সুবিধা লাভ কৰিব। বাজেট অধিৱেশনৰ সময়ছোৱাত প্রতিদিনে থাকিব প্রশ্নোত্তৰ কালীন ঘণ্টা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান