--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শনি আৰু দেওবাৰৰ বন্ধৰ উপৰি ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকহে অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক: ২১দিনীয়া কৰ্মসূচীৰে অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে কাৰ্য উপদেষ্টা কমিটীৰ বৈঠকৰ পাছত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলগীয়া দিনসমূহৰ সম্পূৰ্ণ কাৰ্যসূচী প্রকাশ কৰিছে। ২১ দিনৰ কাৰ্যসূচী যুগুত হ'লেও কার্যতঃ অধিৱেশন বহিব মুঠ ১৬ দিন। শনি আৰু দেওবাৰৰ বন্ধৰ উপৰি ১৬ জুলাইৰ পৰা ২১ জুলাইলৈ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকহে অনুষ্ঠিত হ'ব। 


কার্য উপদেষ্টা কমিটীৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ১০ জুলাইত ৰাজ্য চৰকাৰৰ ২০২৬-২৭ বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্রতিবেদন অর্থাৎ প্রাক্কলিত বাজেট উপস্থাপন কৰা হ'ব। ১৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তিনিদিন ধৰি বাজেটৰ ওপৰত সাধাৰণ আলোচনা হ'ব। ২২ আৰু ২৩ জুলাইত বাজেটত উপস্থাপন কৰা মঞ্জুৰিৰ দাবীসমূহৰ ওপৰত আলোচনা হ'ব। 


২৪ আৰু ৩১ জুলাইত নতুনকৈ নির্বাচিত হৈ অহা বিধায়কসকলৰ বাবে ৰখা নির্দিষ্ট সময়ত তেওঁলোকৰ সমষ্টিৰ সমস্যা, অভাৱ আৰু অভিযোগসমূহ উত্থাপন কৰাৰ সুবিধা লাভ কৰিব। বাজেট অধিৱেশনৰ সময়ছোৱাত প্রতিদিনে থাকিব প্রশ্নোত্তৰ কালীন ঘণ্টা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত