--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙৰ বক্তব্যই বিতৰ্কিত ৰূপ লয়। ২০২৫ চনৰ আৰম্ভণিতে যোগৰাজ সিঙৰ এক সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে। য’ত তেওঁ বহু ন-পুৰণি ক্ৰিকেটাৰৰ কথা কৈছে। এইবাৰ তেওঁ এটা চাঞ্চল্যকৰ ঘটনা প্ৰকাশ কৰিছে। কপিল দেৱক হত্যা কৰাৰ উদ্দেশ্যেৰে পিষ্টল লৈ কপিল দেৱৰ ঘৰ পোৱাৰ কথা তেওঁ প্ৰকাশ কৰে। এই ঘটনা সেই সময়ত সংঘটিত হৈছিল যেতিয়া কপিল দেৱে তেওঁক ভাৰতীয় দলৰ পৰা বাদ দিছিল। 

১৯৮০-৮১ চনত ভাৰতৰ হৈ এখন টেষ্ট আৰু ছয়খন এদিনীয়া খেলা যোগৰাজ সিঙে কয় যে তেওঁৰ পত্নীয়ে তেওঁক এই প্ৰশ্ন কপিলক সুধিবলৈ কৈছিল। প’ডকাষ্টত আলোচনা কৰি থাকোঁতে যোগৰাজে প্ৰকাশ কৰে যে, ‘কপিল দেৱ যেতিয়া ইণ্ডিয়া আৰু নৰ্থ জ’নৰ অধিনায়ক হৈছিল, তেতিয়া তেওঁ মোক কোনো কাৰণ নোহোৱাকৈ দলৰ পৰা বাদ দিছিল। এই কথাটোৱে মোক ভিতৰৰ পৰা ভাঙি পেলাইছিল। মোৰ পত্নীয়ে কপিলৰ লগত কথা পাতিব লাগে বুলি কৈছিল, কিন্তু মই তেওঁক এসেকা দিম বুলি সিদ্ধান্ত লৈছিলো।"

যোগৰাজ সিঙে কয়- মই মোৰ পিষ্টল উলিয়াই ছেক্টৰ ৯ত থকা তেওঁৰ ঘৰ পালোঁ। মাকৰ লগত কপিল ওলাই আহিল। মই তেওঁক গালি-গালাজ কৰি ক’লোঁ, ‘তোমাৰ বাবেই মোৰ বন্ধুক হেৰুৱালোঁ৷ তুমি যি কৰিলে তাৰ পৰিণতিৰ সন্মুখীন হ’বা ৷ মই ক’লোঁ, ‘মই তোমাৰ মূৰত গুলী মাৰিব বিচাৰো, কিন্তু তোমাৰ মাৰ বাবেই মই এই কাম নকৰো।’

যোগৰাজ সিঙে আগলৈ কয় যে কপিল দেৱে তেওঁৰ ওচৰত ক্ষমা বিচাৰিছে। কপিলে মোক মেছেজ কৰিছিল যে ‘অহা জনমত আমি ভাই হ’ম আৰু একেগৰাকী মাতৃৰ পৰাই জন্ম ল’ম।’ কিন্তু আজিও সেই যন্ত্ৰণা আৰু খং মোৰ হৃদয়ত সজীৱ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post