--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু সময়ত যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙৰ বক্তব্যই বিতৰ্কিত ৰূপ লয়। ২০২৫ চনৰ আৰম্ভণিতে যোগৰাজ সিঙৰ এক সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছে। য’ত তেওঁ বহু ন-পুৰণি ক্ৰিকেটাৰৰ কথা কৈছে। এইবাৰ তেওঁ এটা চাঞ্চল্যকৰ ঘটনা প্ৰকাশ কৰিছে। কপিল দেৱক হত্যা কৰাৰ উদ্দেশ্যেৰে পিষ্টল লৈ কপিল দেৱৰ ঘৰ পোৱাৰ কথা তেওঁ প্ৰকাশ কৰে। এই ঘটনা সেই সময়ত সংঘটিত হৈছিল যেতিয়া কপিল দেৱে তেওঁক ভাৰতীয় দলৰ পৰা বাদ দিছিল। 

১৯৮০-৮১ চনত ভাৰতৰ হৈ এখন টেষ্ট আৰু ছয়খন এদিনীয়া খেলা যোগৰাজ সিঙে কয় যে তেওঁৰ পত্নীয়ে তেওঁক এই প্ৰশ্ন কপিলক সুধিবলৈ কৈছিল। প’ডকাষ্টত আলোচনা কৰি থাকোঁতে যোগৰাজে প্ৰকাশ কৰে যে, ‘কপিল দেৱ যেতিয়া ইণ্ডিয়া আৰু নৰ্থ জ’নৰ অধিনায়ক হৈছিল, তেতিয়া তেওঁ মোক কোনো কাৰণ নোহোৱাকৈ দলৰ পৰা বাদ দিছিল। এই কথাটোৱে মোক ভিতৰৰ পৰা ভাঙি পেলাইছিল। মোৰ পত্নীয়ে কপিলৰ লগত কথা পাতিব লাগে বুলি কৈছিল, কিন্তু মই তেওঁক এসেকা দিম বুলি সিদ্ধান্ত লৈছিলো।"

যোগৰাজ সিঙে কয়- মই মোৰ পিষ্টল উলিয়াই ছেক্টৰ ৯ত থকা তেওঁৰ ঘৰ পালোঁ। মাকৰ লগত কপিল ওলাই আহিল। মই তেওঁক গালি-গালাজ কৰি ক’লোঁ, ‘তোমাৰ বাবেই মোৰ বন্ধুক হেৰুৱালোঁ৷ তুমি যি কৰিলে তাৰ পৰিণতিৰ সন্মুখীন হ’বা ৷ মই ক’লোঁ, ‘মই তোমাৰ মূৰত গুলী মাৰিব বিচাৰো, কিন্তু তোমাৰ মাৰ বাবেই মই এই কাম নকৰো।’

যোগৰাজ সিঙে আগলৈ কয় যে কপিল দেৱে তেওঁৰ ওচৰত ক্ষমা বিচাৰিছে। কপিলে মোক মেছেজ কৰিছিল যে ‘অহা জনমত আমি ভাই হ’ম আৰু একেগৰাকী মাতৃৰ পৰাই জন্ম ল’ম।’ কিন্তু আজিও সেই যন্ত্ৰণা আৰু খং মোৰ হৃদয়ত সজীৱ হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ