--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক:
• ‘আফস্পা’[Armed Forces (Special Powers) Act] আইন কি?

Armed Forces (Special Powers) Act.-1958 চমুকৈ ‘আফস্পা’৷ আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন হৈছে সেনাৰ বাবে প্ৰণয়ন কৰা এক বিশেষ আইন। আইনখন ১৯৫৮ চনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অসম আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী ক্ৰিয়া-কলাপ প্ৰশমিত কৰিবলৈ আৰম্ভ কৰা হৈছিল।
আইনখন ৮০ দশকত পঞ্জাবত আৰু ৯০ দশকত জম্মু আৰু কাশ্মীৰত কাৰ্যকৰী কৰা হৈছিল। আইনখন তেতিয়াৰ পৰা তাতো বলবৎ হৈ আছে। সহজাৰ্থত এ.এফ.এছ.পি.এ.-য়ে সশস্ত্ৰ বাহিনীক ‘অশান্ত এলেকা’ত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা প্ৰদান কৰে।

• কিয় আহি পৰিছিল এএফএছপিএ-ৰ প্ৰসংগ?

এই আইনখন ৭০ দশকত উত্তৰ-পূবৰ ৰাজ্যসমূহত ক্ৰমবৰ্ধমান হিংসাৰ পৰিস্থিতিত কাৰ্যকৰী কৰা হৈছিল, যি পৰিস্থিতি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) বিধেয়কখন সংসদৰ দুয়োখন সদনে গৃহীত কৰিছিল আৰু ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতিয় ড°ৰাজেন্দ্ৰ প্ৰসাদে ইয়াক অনুমোদন জনাইছিল। ইয়াক সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ বুলি জনা যায়।

• আইনখনত কি আছে?

আইনখন প্ৰযোজ্য হৈ থকা এটা এলেকাত পাঁচ বা ততোধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰাৰ কৰ্তৃত্ব আছে, যদি সেনাবাহিনীয়ে অনুভৱ কৰে যে এজন ব্যক্তিয়ে আইন উলংঘা কৰিছে তেনেহ’লে তেওঁলোকে উপযুক্ত সতৰ্কবাণী দিয়াৰ পাছত বল প্ৰয়োগ কৰিব পাৰে বা আনকি গুলীচালনা পৰ্যন্ত কৰিব পাৰে।
যদি যুক্তিসংগতত সন্দেহ থাকে, সেনাই কোনো আগতীয়া জাননী অবিহনে এজন ব্যক্তিক গ্ৰেপ্তাৰো কৰিব পাৰে৷ গ্ৰেপ্তাৰ কৰা বা জিম্মাত লোৱা যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা পৰিস্থিতিৰ বিৱৰণ দিয়া প্ৰতিবেদনৰ সৈতে নিকটতম আৰক্ষী থানাৰ দায়িত্বত থকা বিষয়াজনক হস্তান্তৰ কৰা হ’ব পাৰে।
যিকোনো লোককে ‘ৱাৰেণ্ট’ অবিহনে যিকোনো ঠাইতে তেওঁলোকৰ ঘৰত অনুসন্ধান কৰিব পাৰে। যদি কোনো ঠাইত উগ্ৰপন্থীৰ ঘাটি আছে বুলি সন্দেহ কৰে, তাক দ্বিধাহীনভাৱে ধ্বংস কৰিব পাৰে৷
যদি বাহন এখনে ৰাস্তাত সন্দেহজনকভাৱে চলা-ফুৰা কৰা সেনাবাহিনীয়ে লক্ষ্য কৰে, তেন্তে সেই বাহন তৎক্ষণাৎ ৰখাব আৰু তালাচী কৰিব পাৰে। সৰ্বোপৰি, এই আইনৰ অধীনত, সংশ্লিষ্ট সেনা বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা আইনী ব্যৱস্থা ল’ব পৰাৰ ব্যৱস্থা নাই৷

• এএফএছপিএ আৰু ইৰম শৰ্মিলা…

২০০০ চনৰ ২ নৱেম্বৰ। মণিপুৰৰ ২৮ বছৰীয়া যুৱতী ইৰম চানু শৰ্মিলাই অনশন আৰম্ভ কৰিছিল। ইৰম শৰ্মিলাৰ অনশনৰ কাৰণ আছিল তেওঁ সেনাৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল। আৰু তেওঁ সেই দাবীৰ সৈতে দীঘলীয়া ১৬ বছৰ ধৰি অনশন কৰিছিল। ১৬ বছৰজুৰি অনশন কৰা শৰ্মিলাক বিশ্বৰ ভিতৰত দীর্ঘ সময় অনশন কৰা নাৰী হিচাপে গণ্য কৰা হৈছে৷
ইৰম শৰ্মিলাক ‘আইৰণ লেডী’ বুলি কোৱা হয়। ভাৰতৰ মহিলা আইকনসকলৰ ভিতৰত আটাইতকৈ প্ৰশংসিত আৰু চৰ্চিত নামবোৰৰ ভিতৰত অন্যতম ইৰাম চানু শৰ্মিলা।

• এএফএছপিএক লৈ বিতৰ্ক

২০০৪ চনৰ ১৫ জুলাইত মণিপুৰৰ কাংলা ফৰ্টৰ সন্মুখত কেইগৰাকীমান মহিলাই আফস্পা আইনৰ বিৰোধিতাৰে উলংগ হৈ প্ৰতিবাদ কৰিছিল। অসম ৰাইফলছৰ তদানীন্তন মুখ্য কাৰ্যালয়ৰ সন্মুখত মহিলাসকলে ‘ভাৰতীয় সেনা, আহক, আমাক ধৰ্ষণ কৰক’- বুলি বেনাৰেৰে নিজক আৱৰি প্ৰতিবাদ কৰিছিল৷ যিটো প্ৰতিবাদে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

• আফস্পা আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়

উচ্চতম ন্যায়ালয়ে ২০১৬ চনৰ এটা ৰায়ত নিৰ্দেশত কৈছিল যে সেনা বা অৰ্ধসামৰিক বাহিনীয়ে কোনো পৰিস্থিতিত অত্যাধিক বল বা প্ৰতিশোধ ল’ব নোৱাৰে। অঞ্চলটো যিমানেই উগ্ৰপন্থীপ্ৰধান নহওক অথবা এএফএছপিএ আইনেই অব্যাহত থাকক।

• ‘অশান্ত এলেকা’ কি আৰু অশান্ত এলেকা ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে?

এটা অশান্ত এলেকা এএফএছপিএৰ ধাৰা ৩ৰ অধীনত অধিসূচনাৰ দ্বাৰা ঘোষণা কৰা হয়। বিভিন্ন ধৰ্মীয়, জাতিগত, ভাষা বা আঞ্চলিক গোট বা জাতি বা সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত পাৰ্থক্য বা বিবাদৰ বাবে এটা অঞ্চল অশান্ত হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যৰ ৰাজ্যপাল বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমগ্ৰ বা অংশবিশেষক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে। তাৰ বাবে চৰকাৰী গেজেটত এটা উপযুক্ত অধিসূচনা প্ৰস্তুত কৰিব লাগিব। আইনখনৰ ধাৰা ৩ অনুসৰি, ইয়াক এনে স্থানত প্ৰয়োগ কৰিব পাৰি য’ত অসামৰিক শক্তিৰ সহায়ত সশস্ত্ৰ বাহিনীৰ ব্যৱহাৰ প্ৰয়োজন।
গৃহ-মন্ত্ৰণালয়ে প্ৰয়োজন হ’লে এই আইনখন বলবৎ কৰিব, কিন্তু সময়সাপেক্ষে কেন্দ্ৰই ইয়াৰ ক্ষমতা ত্যাগ কৰি সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ৰাজ্য চৰকাৰৰ ওপৰত এৰি দিয়াৰ সিদ্ধান্ত লৈছে।

• কোনবোৰ ৰাজ্য আফস্পাৰ অধীনত আহিছে?

AFSPA সমগ্ৰ নাগালেণ্ড, অসম, মণিপুৰ (ইম্ফলৰ সাতটা বিধানসভা সমষ্টিৰ বাহিৰে) আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশত কাৰ্যকৰী। কেন্দ্ৰই ২০১৮ চনৰ ১ এপ্ৰিলত মেঘালয়ৰ পৰা ইয়াক প্ৰত্যাহাৰ কৰে। ইয়াৰ পূৰ্বে অসম-মেঘালয় সীমান্তৰ ২০ কিলোমিটাৰ এলেকাত এএফএছপিএ কাৰ্যকৰী হৈ আছিল। অৰুণাচল প্ৰদেশত, এএফএছপিএ-ৰ প্ৰভাৱ ১৬ খন আৰক্ষী থানাৰ পৰিৱৰ্তে আঠখন আৰক্ষী থানালৈ হ্ৰাস কৰা হৈছিল৷
ত্ৰিপুৰাই ২০১৫ চনত এএফএছপিএ প্ৰত্যাহাৰ কৰিছিল। জম্মু আৰু কাশ্মীৰত আফস্পা কাৰ্যকৰী হৈ আছে। অসম আৰু নাগালেণ্ডতো কাৰ্যকৰী হৈ আছে এই আইনখন৷

• আইনখনক কিয় ক’লা আইন বুলি কোৱা হয়?

আফস্পা আইনখনক ইতিমধ্যে মানৱ অধিকাৰ কৰ্মীসকলে ক’লা আইন বুলি অভিহিত কৰিছে৷ গণতন্ত্ৰত বিশ্বাসী প্ৰতিজনেই এই আইনখনৰ নৈতিকভাৱে বিৰোধিতা কৰে৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত একোখন চৰকাৰ থকাৰ পাছতো আফস্পা প্ৰযোজ্য হৈ থকা ৰাজ্যসমূহত সেনাবাহিনীয়ে বিশেষ ক্ষমতাৰ সুবিধা গ্ৰহণ কৰি ৰাজ্যসমূহৰ নাগৰিকৰ ওপৰত দমন, উৎপীড়ন চলাই আহিছে৷ অসমতো ইয়াৰ ক’লা ইতিহাস আছে৷ অসমীয়া মানুহৰ মানসপটত আজিও সজীৱ হৈ আছে নব্বৈ দশকৰ দুঃসহ স্মৃতি৷ দুঃস্বপ্নৰ দৰে খেদি ফুৰা সেই স্মৃতিয়ে আজিও ভীতিবিহ্বল কৰি তোলে অসমবাসীক৷ শেহতীয়াকৈ, নাগালেণ্ডত সংঘটিত ঘটনা তেনে এটি উদাহৰণ৷ ১৪গৰাকী নীৰিহ নগা লোকক গুলীয়াই হত্যা কৰা হ’ল একমাত্ৰ আফস্পাৰ ক্ষমতা থকাৰ বাবেই৷ এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে আফস্পা উঠাই লোৱাৰ দাবী উত্থাপন কৰিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই পুনৰবাৰ আফস্পাক ক’লা আইন বুলি অভিহিত কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্ধিক্ষণৰ এই সময়েই জনসমাজ তথা চৰকাৰ উভয়ৰে দিশৰ পৰাই আফস্পা আৰু সমপৰ্যায়ৰ আইনসমূহ উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উচিত মুহূৰ্ত বুলি বিবেচিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
Happy Friendship Day 2025: Celebrating the Bonds That Unite Us
Kickstart Your Day with Ghee Water: A Time-Tested Wellness Ritual
India's Multi-Billion Dollar Chinese Money Laundering Syndicate
Divya Deshmukh Triumphs Over  Koneru Humpy to Win Women’s World Cup and Earn Grandmaster Title
Too Much Sleep? Here's Why Oversleeping Could Be a Warning Sign, Not Just a Habit
Love Ice Cream in Summer? Here’s How It Might Be Hurting Your Health