--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জিন্দাবাদ জিন্দাবাদ… ঘৰত থাকক, সুস্থ থাকক; দলে-বলে ওলাই আহক, ভোটদান কৰক! ৰিম'ট কণ্ট্ৰ'লড ক'ভিড-১৯(?) একবিংশ শতিকাৰ কাৰিকৰীভাৱে সুসজ্জিত মানৱ সমাজে এটা বিন্দুলৈ পৰ্যবসিত কৰিছে বিশালকায় পৃথিৱীখন। মানুহৰ অসাধ্য সাধন কৰিছে মানৱসৃষ্ট ৰবটে। আনকি কৃত্ৰিম সূৰ্য উদ্ভাৱনৰ চিন্তা-চৰ্চা কৰিছে মানুহে! কিন্তু এটা মহামাৰীয়ে তচনচ কৰিছে পৃথিৱী, দৰ্পচূৰ্ণ কৰিছে আজিৰ ছফিষ্টিকেটেড মানৱ সমাজৰ। মৃত্যু উপত্যকাত পৰিণত কৰিছে চিকিৎসা বিজ্ঞানৰ শীৰ্ষাৰোহণকাৰী দেশসমূহৰ। ক'ভিডৰ আগত নতজানু চিকিৎসক-বিজ্ঞানী।

কিন্তু ৰাজনীতিৰ লগত ইয়াৰ কি সম্পৰ্ক! চৰকাৰ ঘোষিত লকডাউনত দৰৱ আনিব গৈও পুলিচৰ লাথিৰ কোবত চিৰাচিৰ হয় সাধাৰণ জনতাৰ পিঠি। তাৰ পাছত নিৰ্বাচন আহিলেই অৱসৰ বিনোদনত যায় কৰ'না! নাই ক'ভিড নীতি, হোৰাহোৰে ওলাইছে জনতা। গঠন হ'ল চৰকাৰ, সক্ৰিয় হ'ল ক'ভিড। সাপ্তাহিকভাবে ওলাইছে SOP, এডজাষ্ট কৰিছে ভোটদাতাই। লাহে লাহে শিথিলতা আহিছে।

কিন্তু সাংস্কৃতিক জগতৰ লগত জড়িত মানুহখিনিৰ খবৰ ৰাখিছেনে নিৰ্বাচনৰ সময়ত লাখ লাখ মানুহ একত্ৰিত কৰা ৰজাঘৰীয়াই? পেটত গাঁঠি দিয়া গামোচাখনো ছিগি গৈছে বহুতৰ। উপায়ন্তৰ হৈ কোনোৱে যদি পাছলি বেচিছে, কোনোৱে কাটিছে মাংস। শিল্পীসমাজে প্ৰশ্ন কৰিছে যদি ৰাজনৈতিক সভা, নিৰ্বাচনী ৰেলী পাতিব পাৰি তেন্তে সাংস্কৃতিক অনুষ্ঠানত নিষেধাজ্ঞাৰ যুক্তি ক'ত? কি কৰি পেট প্ৰবৰ্তাব অসমৰ সাংস্কৃতিক জগতৰ হাজাৰ হাজাৰ লোকে? আশা-ভৰসাৰ একমাত্ৰ থল চৰকাৰ। সকলো অপেক্ষাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অচ্ছে দিনৰ…


FOLLOW US F
POPULAR
FEATURE
TRENDY
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence
Hatigaon Horror: Wife's Severed Head Found in Refrigerator; Husband Drank Alcohol beside Corpse