--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯ আগষ্টত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে সদৰী কৰিছে,এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব। উল্লেখ্য যে, ভাৰতে আগষ্ট ২০২১-ৰ বাবে UNSC-ৰ সভাপতিত্বৰ বাবে অধিষ্ঠিত হৈছে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯ আগষ্টত ভাৰ্চুৱেল বৈঠকত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষণাবেক্ষণ: সামুদ্ৰিক সুৰক্ষা' সন্দৰ্ভত মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব বুলি অৰিন্দম বাগছীয়ে টুইটাৰযোগে সদৰী কৰিছে। প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুক্ত বিতৰ্কত সভাপতিত্ব কৰিব।
উল্লেখ্য যে, ভাৰতে চলিত বৰ্ষৰ ১ জানুৱাৰীত UNSC-ৰ অস্থায়ী সদস্য হিচাপে ইয়াৰ দুবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিছিল। অস্থায়ী সদস্য হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এয়া ভাৰতৰ সপ্তম কাৰ্যকাল। ইয়াৰ পূৰ্বে ভাৰতে ১৯৫০-৫১, ১৯৬৭-৬৮, ১৯৭২-৭৩, ১৯৭৭-৭৮, ১৯৮৪-৮৫ আৰু ১৯৯১-৯২ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য আছিল।


বিশ্ব সংস্থাৰ নিৰ্বাচনৰ পাছত ভাৰতে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ দায়িত্বশীল আৰু সামগ্ৰিক সমাধানৰ প্ৰচাৰ আৰু এক সংস্কাৰমুখী বহুপাক্ষিক ব্যৱস্থাৰ হেতু নতুন যাত্ৰাৰ বাবে প্ৰস্তুত হ'ব বুলি ভাৰতে সদৰী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence
Hatigaon Horror: Wife's Severed Head Found in Refrigerator; Husband Drank Alcohol beside Corpse