--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰতে দেওবাৰৰ পৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্বৰ দায়িেত্ব গ্ৰহণ কৰে। আগষ্ট ২০২১ ত নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্বত থাকিব ভাৰত। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (ইউএনএছচি)-ৰ সভাত সভাপতিত্ব কৰিব। উল্লেখ্য যে, নিৰাপত্তা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰা নৰেন্দ্ৰ মোডী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী । ইয়াৰ পূৰ্বে ১৯৯২চনত তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে নিৰাপত্তা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিছিল।


ৰাষ্ট্ৰসংঘ ভাৰতৰ প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে ৩খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ ইংগিত দিছে। পৰিষদৰ সভাত সামুদ্ৰীক সুৰক্ষা, শান্তি স্থাপন,প্ৰতিষ্ঠা আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ আওতাত বৈঠক অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ১৫ খন দেশ সন্নিৱিষ্ট হৈ আছে। ইয়াৰে ৫ খন স্থায়ী আৰু ১০ খন অস্থায়ী দেশৰ সদস্য। স্থায়ী দেশবোৰ হৈছে চীন, ফ্ৰান্স, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাজ্য। ভাৰত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অস্থায়ী দেশ। ভাৰতে ১ জানুৱাৰী, ২০২১ৰ পৰা অস্থায়ী সদস্য হিচাপে ২বছৰীয়া কাৰ্যকাল লাভ কৰিছে। আজি ভাৰতে নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
The Future of Sri Lankan Cricket: Young Players, Emerging Stars, and the Next Generation of Talent
Man Detained for Attempting Illegal Second Marriage amid State Crackdown on Polygamy
From Floods to Farms: KADlien Promotes Potato Farming in Assam for Multinational Company, Empowering Flood-Affected Farmers for Economic Growth and Sustainability
Bijni: Mother of 6-Year-Old Missing for over Two Months
Shocking Daylight Murder: Missing Dhakuakhana Businessman Found Dead in Neighbour's Residence
Hatigaon Horror: Wife's Severed Head Found in Refrigerator; Husband Drank Alcohol beside Corpse