• মুখৰ দুৰ্গন্ধ সহ্য কৰি অভিনেত্ৰীৰে চুম্বন কৰিছিল ইমৰান হাছমীয়ে, জানেনে কোন আছিল এইগৰাকী অভিনেত্ৰী?

    মনোৰঞ্জন
    মুখৰ দুৰ্গন্ধ সহ্য কৰি অভিনেত্ৰীৰে চুম্বন কৰিছিল ইমৰান হাছমীয়ে, জানেনে কোন আছিল এইগৰাকী অভিনেত্ৰী?
    ডিজিটেল ডেস্কঃ ইমৰান হাছমী বলীউড জগতৰ অন্যতম জনপ্ৰিয় ব’ল্ড অভিনেতা। কেমেৰাৰ সন্মুখত একাধিক ব’ল্ড দৃশ্যত একাধিকবাৰ চুম্বন কৰা দেখা গৈছে এইগৰাকী অভিনেতাক। আৰম্ভণিৰে পৰাই তেওঁক কেমেৰাৰ সন্মুখত ডাঙৰ পৰ্দাত এনে ধৰণৰ বহুতো ব’ল্ড দৃশ্যত দেখিবলৈ পোৱা গৈছে। ৰূপালী পৰ্দাত দেখা মাত্ৰই উচ্ছসিত হৈ পৰে তেওঁৰ অনুৰাগী। 

    শেহতীয়াকৈ, এটা পুৰণি ঘটনাৰ বাবেই পুনৰ চৰ্চিত হৈ পৰিছে ইমৰাম হাছমী। বলীউডৰ অভিনেতাসকলে টকাৰ বাবে কেমেৰাৰ সন্মুখত যিকোনো কাম কৰিব পাৰে বুলি প্ৰবাদ আছে। লাইট-কেমেৰা-একচন অন হোৱাৰ লগে লগে হেজাৰ আপত্তি থকা স্বত্বেও শ্বট সম্পূৰ্ণ কৰাটো একপ্ৰকাৰ বাধ্যতামূলক। এবাৰ এগৰাকী অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ সহ্য কৰি কেমেৰাৰ সন্মুখত চুম্বন কৰিবলগীয়া হৈছিল ইমৰান হাছমীয়ে। ডাঙৰ ডাঙৰ স্পটলাইট আৰু কেমেৰাৰ সন্মুখত পিছুৱাই আহিব নোৱাৰিলে ইমৰান হাছমীয়ে। তেনে এক অস্থিৰ পৰিস্থিতিতে অভিনেতাজনে সেই দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিব লগা হৈছিল।

    অৱশ্যে, কোৱা হয় যে ইমৰান হাছমী আৰু চুম্বন ইটো আনটোৰ পৰিপূৰক। বলীউডত সৰ্বশ্ৰেষ্ঠ অন-কেমেৰা কিচাৰ হিচাপেও নাম আছে ইমৰানৰ। মল্লিকা শেৰাৱতৰ সৈতে অভিনেতাজনৰ যুটি সবাটোকৈ হিট বুলিও আছে প্ৰচলিত প্ৰবাদ। 'ভিগে হোঠ টেৰে'ৰ দৰে গীতে আজিও ৰোমাঞ্চিত কৰি তোলে দৰ্শকক।

    কিন্তু বলীউডৰ এই সৰ্বশ্ৰেষ্ঠ কিছাৰ জনে এবাৰ এগৰাকী অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ সহ্য কৰি কেমেৰাৰ সন্মুখত চুম্বন কৰিবলৈ বাধ্য হোৱা ঘটনা পোহৰলৈ অহাৰ পাছতে সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছিল। অৱশ্যে, একাধিক সাক্ষাৎকাৰত অভিনেতাজনক এই ঘটনাটোৰ  বিষয়ে সোধা হৈছিল, সোধা হৈছিল অভিনেত্ৰীগৰাকীৰ বিষয়েও। কিন্তু অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশৰ পৰা বিৰত আছিল তেওঁ। অভিনেতাজনে এই নামটো আজিও গোপন ৰাখিছে।