ডিজিটেল ডেস্কঃ ছেইফ আলী খান বলীউড জগতৰ অন্যতম লেখত ল’বলগীয়া এটা নাম। একাধিক হিট ছবিত অভিনয়েৰে লক্ষ লক্ষ ভাৰতীয় অনুৰাগীৰ প্ৰিয় তাৰকা হৈ পৰিছে তেওঁ। ভাৰতৰ উপৰি বিদেশৰ মাটিতো জনপ্ৰিয় ছেইফ আলী খান। জনপ্ৰিয়তাৰ লগতে, এই তাৰকাৰ নাই ধনৰ কোনো অভাৱ। সেইকাৰণে এটা অতি বিলাসী জীৱন যাপন কৰিব পাৰিছে তেওঁ। তাৰকা গৰাকীৰ ব্যক্তিগত জীৱনৰ প্ৰতি লক্ষ্য কৰিলেই দেখা যায়, ছেইফ আলী খান দুবাৰ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ আছে চাৰিটাকৈ সন্তান।
ছেইফ আলী খানে প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ইতিমধ্যে সকলোৰে জ্ঞাত। অমৃতা ছেইফৰ আছে দুটাকৈ সন্তান। তেওঁলোক হৈছে ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ছেইফ আলী খানে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰক বিয়া কৰায়। ছেইফ-কৰীণা বৰ্তমান দুই সন্তানৰ অভিভাৱক। তেওঁলোক হৈছে টাইমুৰ আৰু জাহাংগীৰ। জাহাংগীৰৰ জন্ম কেইদিনমান আগতে হৈছিল। সামাজিক মাধ্যমতো ইয়াকে লৈ হৈছিল চৰ্চা। অৱশ্যে, দুটা সন্তানৰ মাতৃ হোৱাৰ পাছত কৰীণা কাপুৰে ছেইফৰ নামত মুকলিকৈ তাতপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তাকে লৈ তুমুল চৰ্চা হৈছে ছ’চিয়েল মিডিয়াত।
কৰীণা কাপুৰে অলপতে এনেকুৱা এটা কথা প্ৰকাশ কৰিছে যিটো কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে টাইমুৰ আৰু জাহাংগীৰৰ চোৱা চিতাতে ব্যস্ত। এই ব্যস্ততাৰ প্ৰভাৱ পৰিছে তেওঁৰ অভিনয় কেৰিয়াৰতো। ইয়াৰ মাজতে, ছেইফে তৃতীয় সন্তানৰ পিতৃ হোৱাৰ মন মেলা বুলি জানিবলৈ পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে। এই বিবৃতি প্ৰকাশৰ পাছতে সামাজিক মাধ্যমত বিষয়টো যথেষ্ট চৰ্চিত হৈ পৰিছে। দৰাচলতে, ছেইফে চতুৰ্থ সন্তানৰ পিতৃ হোৱাৰ পাছত কিয় আৰু এক সন্তানৰ পিতৃ হোৱাৰ মন মেলিছে তাকে লৈ উঠিছে প্ৰশ্ন। ছেইফে যেন ৰ'বই নিবিচাৰে। কৰীণা কাপুৰে ছেইফৰ এনে মনোভাৱৰ আঁৰত এটা শক্তিশালী কাৰণো মুকলিকৈ প্ৰকাশ কৰিছে।
কৰীণা কাপুৰে তেওঁৰ স্বামীয়ে এনে কৰাৰ সম্ভাৱনাৰ কাৰণ বৰ্ণনা কৰি কয় যে, ছেইফ আলী খানে প্ৰতি দশকত অৰ্থাৎ প্ৰতি ১০ বছৰৰ অন্তৰে অন্তৰে পিতৃ হৈছে। সেয়েহে মোৰ শংকা হৈছ যে, ৬০ বছৰ বয়সতো ছেইফে মোক পুনৰ মাতৃত্বৰ বান্ধোনত যাতে বান্ধ নুখুৱায়। অৱশ্যে, এনে মন্তব্যৰ পাছতে সকলোৰে সন্মুখত হাঁহিবলৈ আৰম্ভ কৰে কৰীণা কাপুৰে।
Leave A Comment