ডিজিটেল ডেস্কঃ ৰাজেশ খান্না বলীউড উদ্যোগৰ আটাইতকৈ জনপ্ৰিয় আগশাৰীৰ অভিনেতাসকলৰ মাজৰ এজন আছিল। চলচ্চিত্ৰ প্ৰেমীক অলেখ ছুপাৰহিট ছবি উপহাৰ দিছে এইগৰাকী তাৰকা অভিনেতাই। ’৭০ ৰ দশকৰ বলীউডৰ আটাইতকৈ জনপ্ৰিয় ৰোমান্টিক নায়কসকলৰ মাজৰ এজন আছিল ৰাজেশ খান্না। ৰাজেশ খান্নাৰ মন ভুলোৱা হাঁহিটিত কত যে যুৱতী হৈছিল আকৰ্ষিত। তেওঁৰ পত্নী ডিম্পল কাপাডিয়াও অভিনয় জগতৰ এগৰাকী আগশাৰীৰ জনপ্ৰিয় অভিনেত্ৰী। কিন্তু ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে তেওঁৰ নাম সংবাদ মাধ্যমৰ আন কাৰোবাৰ সৈতেহে জড়িত হৈ পৰিছিল। এনে কি চৰম সত্যৰ সন্মুখীন হৈছিল ডিম্পলে?
এসময়ত ছানী দেউল আৰু ডিম্পল কাপাডিয়াৰ প্ৰেমকাহিনী সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছিল। তেওঁলোকক প্ৰায়ে ইজনক সিজনৰ সৈতে দেখা গৈছিল। কেইবাখন জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছে দুয়ো। অভিনয়ৰ ক্ষেত্ৰত ইজনৰ সিজনৰ প্ৰতি ভাললগা আৰু ইয়াৰ পৰাই আৰম্ভ হয় প্ৰেমৰ। তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক শেষ পৰিণয় দিবলৈও আগবাঢ়ি ছিল দুয়ো। কিন্তু অৱশেষত, তেওঁলোকৰ এই সম্পৰ্ক স্থায়ী নহ'ল। এক চৰম সত্যৰ সন্মুখীন হ'ব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে ।মানসিকভাৱে ভাগি পৰিছিল তেওঁ।
মন কৰিবলগীয়া যে, ডিম্পলে মন দিয়া ছানীৰ বিষয়ে অৱগহত নাছিল হেনো তেওঁ। যেতিয়া বিয়াৰ প্ৰসংগ আহে তেতিয়া হে ভুল ভাঙিছিল অভিনেত্ৰীৰ। কাৰণ, বিবাহিত আছিল ছানী দেওল। কেৱল বিবাহিত হোৱাই নহয় ছানীৰ আছিল দুই সন্তান। এই কথা কাণত পৰাৰ পাছতে মানসিকভাৱে ভাগি পৰিছিল ৰূপালী পৰ্দাৰ ট্ৰেজিক নায়িকা ডিম্পল কাপাডিয়া। এনে পৰিস্থিতিৰ পৰা মূৰ তুলি থিয় হ’বলৈ ডিম্পলক সময় লাগিছিল। পৰৱৰ্তী সময়ত অৱশ্যে, ’৭০ দশকৰ জনপ্ৰিয় নায়ক ৰাজেশ খান্নাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ডিম্পল।ডিম্পল-ৰাজেশৰ কন্যা টুইঙ্কৰ খান্না। বলীউডৰ বৰ্মান জনপ্ৰিয় ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ অৰ্ধাংগিনী তেওঁ। সম্প্ৰতি এই ঘটনাৰ বাবে এই তিনি তাৰকা পুনৰ চৰ্চিত হৈ পৰিছে।
Leave A Comment