• ডেৰ বছৰ ধৰি ৰুটী খোৱা নাই ৰণবীৰ কাপুৰে! কিয় জানেনে?

    মনোৰঞ্জন
    ডেৰ বছৰ ধৰি ৰুটী খোৱা নাই ৰণবীৰ কাপুৰে! কিয় জানেনে?
    ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ এইকেইদিন বলীউড উখলমাখল হৈ আছে। দুয়োজন চেলিব্ৰেটীৰ অনুৰাগীয়ে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে। কোনোবাই তেওঁলোকৰ বিবাহৰ পোছাকৰ বিষয়ে জানিব বিচাৰে, কোনোবাই তেওঁলোকৰ বিবাহৰ অনুষ্ঠানৰ বিষয়ে জানিব বিচাৰে। সকলোৱে ৰণবীৰৰ ষ্টাইলিং, ব্যক্তিত্বক অনুসৰণ কৰে। ৰণবীৰ কাপুৰৰ ফিটনেছ প্ৰশিক্ষক শিবোহামে (দীপেশ ভট্ট) সদৰী কৰিছে ৰণবীৰৰ ফিটনেছৰ ৰহস্য। 

    শিবোহামে যোৱা ১.৫ বছৰ ধৰি ৰণবীৰক প্ৰশিক্ষণ দি আছে। ৰণবীৰে কঠোৰ ডায়েট অনুসৰণ কৰে। বহুলোকে ভাবিব পাৰে যে ৰণবীৰ কাপুৰ খান্দানৰ ল'ৰা, তেওঁৰ খাদ্য ভিন্ন স্বাদৰ হ'ব, য'ত বিভিন্ন ধৰণৰ ব্যঞ্জন অন্তৰ্ভুক্ত থাকিব কিন্তু এনেকুৱা নহয়। ৰণবীৰৰ খাদ্য সদায় সৰল। 

    তেওঁ মিঠাই ভাল নাপায়, ভজা খাদ্য ভাল নাপায় আৰু বাহিৰৰ খাদ্য ভাল নাপায়। তেওঁ সদায় ঘৰত ৰন্ধা ছিম্পল খাদ্য খাবলৈ পছন্দ কৰে। ৰণবীৰে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ ডেৰ বছৰ ৰুটী খোৱা নাই। তেওঁ সদায় নিম্ন-কাৰ্ব আহাৰ গ্ৰহণ কৰে। 

    ৰাতিপুৱাৰ আহাৰত কণী, প্ৰ'টিন শ্বেক, ব্ৰাউন ব্ৰেড খায়। দুপৰীয়াৰ আহাৰত ব্ৰাউন চাউল, মুৰ্গী, মচুৰ দাইল আৰু সেউজীয়া পাচলি গ্ৰহণ কৰে। ৰাতিৰ আহাৰ যথেষ্ট পাতলকে খায় ৰণবীৰে। কেতিয়াবা টোষ্ট, বিৰিয়ানি খায়। 

    ছাপ্লিমেণ্টৰ ক্ষেত্ৰত তেওঁ প্ৰ'টিন, গ্লুটামাইন, মাল্টিভিটামিন গ্ৰহণ কৰে।  শিবোহামে কয় যে ৰণবীৰ নিজৰ স্বাস্থ্যক লৈ অতি সচেতন। ডেৰ বছৰীয়া প্ৰশিক্ষণত শিবোহামে দেখিছে যে ৰণবীৰে দুই নে তিনি দিনহে জিমৰ পৰা বিৰতি লৈছিল কিবা বিশেষ কামত।