• আপুনিও টি-বেগ ব্যৱহাৰ কৰে নেকি? আজিয়েই সলনি কৰক এই অভ্যাস

    জীৱন শৈলী
    আপুনিও টি-বেগ ব্যৱহাৰ কৰে নেকি?  আজিয়েই সলনি কৰক এই অভ্যাস
    ডিজিটেল ডেস্ক
    বেছিভাগ মানুহে তেওঁলোকৰ দিনটো একাপ চাহৰ সৈতে আৰম্ভ কৰে। অৱশ্যে এইয়া কিমান স্বাস্থ্যকৰ অভ্যাস তাক লৈ বহু প্ৰশ্ন আছে। কিন্তু যদি আপুনি টি বেগ ব্যৱহাৰ কৰি চাহ বনায়, তেন্তে সোনকালেই সলনি কৰক আপোনাৰ এই অভ্যাস ৷ নিয়মীয়াকৈ টি বেগ ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰত কিমান বেয়া প্ৰভাৱ পৰে সেইয়া জানিবলৈ পঢ়ক এই লেখাটো পঢ়ক। 

    মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়নত দেখা গৈছে যে প্লাষ্টিকৰ টি বেগে আপোনাৰ চাহকাপত ক্ষতিকাৰক কণা নিৰ্গত কৰে। 
    শেহতীয়াকৈ, পুষ্টিবিদ ৰাশি চৌধুৰীয়ে টি বেগৰ  পৰা নিৰ্গত এই ক্ষতিকাৰক পদাৰ্থবোৰৰ প্ৰভাৱৰ বিষয়ে সকলো তথ্য ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। চাহৰ মোনাবোৰে গৰম পানীত কোটি কোটি মাইক্ৰ' আৰু নেনোপ্লাষ্টিকো নিৰ্গত কৰে। 

    ডাঃ চৌধুৰীয়ে কৈছিল যে কাগজৰ চাহৰ মোনাটোত এপিকলোৰোহিড্ৰিন নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে৷  বেগটো নষ্ট নহ’বলৈ এই পদাৰ্থটো ব্যৱহাৰ কৰা হয়৷  যেতিয়া এই এপিক্লৰোহাইড্ৰিন গৰম পানীৰ সংস্পৰ্শলৈ আহে, ই কাৰ্চিনোজেন নামৰ এক পদাৰ্থ নিৰ্গত  কৰে যি কৰ্কট ৰোগৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও, পুষ্টিবিদসকলে কয় যে এই চাহ মোনাটোৱে হৰম’নৰ সমস্যাও সৃষ্টি কৰে।

    চাহৰ মোনাৰ সলনি সাধাৰণ চাহ পাত বা চাহ পাতৰ গুৰি ব্যৱহাৰ কৰিব লাগে। বিশেষজ্ঞসকলৰ মতে, সাধাৰণ চাহ পাত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এনে কোনো বিপদৰ শংকা নাই। আৰু যদি আপুনি টি বেগ ব্যৱহাৰৰ  অভ্যাস সলনি কৰিব নোৱাৰে , তেন্তে আপুনি কপাহৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰে। চাহপাতবোৰ কপাহৰ কাপোৰত মেৰিয়াই দি  ইয়াক  আপুনি ইয়াক চাহৰ মোনা হিচাপে ব্যৱহাৰ কৰিব পাৰে।