ডিজিটেল ডেস্কঃ জীৱন থাকে মানে সংগ্ৰাম থাকিবই। সংগ্ৰাম যেন জীৱনৰ অন্য এক নাম। যদি আপুনি জীৱনত সংগ্ৰামৰ পৰা পলাইছে, তেন্তে এটা কথা জানি লওক যে আপুনি নিজৰ পৰাও পলাইছে।
যিয়ে সকলো ধৰণৰ সংগ্ৰামৰ বাবে সাজু থাকে তেওঁ নিজৰ মাজতে বিজয়ী হয়। কেতিয়াবা আমি এনেকুৱা মানুহৰ সন্মুখীন হওঁ যিসকলে অবিৰত সংগ্ৰাম অব্যাহত ৰাখে। মুম্বাইৰ লোকেল ট্ৰেইনৰ এটা ভিডিঅ’ক লৈ চৰ্চা আৰম্ভ হৈছে।ভিডিঅ’টোত এগৰাকী বৃদ্ধাক চকলেট বিক্ৰী কৰা থকা দেখা গৈছে।
লোকেল ট্ৰেইনত বৃদ্ধাগৰাকীয়ে চকলেট বিক্ৰী কৰি থকা দেখা গৈছে। তেওঁ হাঁহি হাঁহি যাত্ৰীসকলক বিক্ৰী কৰিছে চকলেট। জীৱনৰ এই পৰ্যায়ত তেওঁ সংগ্ৰাম কৰি আছে, যি বয়সত অন্য লোকে বিচনাখনকে সংগী কৰি লয়। চকলেট বিক্ৰী কৰি এই বয়সতো তেওঁ নিজে উলিয়াই নিজৰ খৰচ। ইয়াৰ জৰিয়তে তেওঁ জীৱিকা উপাৰ্জন কৰি আছে।
নেটিজেনসকলে এই ভিডিঅ’টো দেখি বৃদ্ধা ভদ্ৰমহিলাগৰাকীৰ যথেষ্ট শলাগ লৈছিল। এই ভিডিঅ’টোৱে ইতিমধ্যে লক্ষাধিক ভিউজ লাভ কৰিছে। ভিডিঅ’টো চাই বহু লোকে অনুপ্ৰেৰণা লাভ কৰিছে। বহুতেই মন্তব্য কৰিছে যে ''জীৱনৰ পৰাজয়ক লৈ চিন্তিত হৈ বহি থকাতকৈ বেয়া পৰিস্থিতিৰ সৈতে যুঁজ দি থকাই উত্তম।''
Leave A Comment