• কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্ক: আজি ৩০ ছেপ্টেম্বৰ, শনিবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷

    ১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক-জাতিকাসকলে  আজিৰ দিনটোত আনৰ পৰা আদৰ সন্মান লাভ কৰিব, মনৰ আশা পূৰণ, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়। 

    ২. বৃষ ৰাশি (উ,ব) : বৃষ ৰাশিৰ জাতিক-জাতিকাসকলৰ‌ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ কমিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য শৰীৰত দুৰ্বল বা ৰোগ অনুভৱ হোৱাৰ যোগ দেখা যায়।

    ৩. মিথুন ৰাশি (ক,ছ) : মিথুন ৰাশিৰ জাতিক-জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য ভাগৰ ভাব অনুভৱ কৰিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য আত্মীয় পৰিয়ালৰ লগত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

    ৪. কৰ্কট ৰাশি (ড,হ) : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব, সমাজকৰ্মীসকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত অভাৱ যোগ দেখা যায়৷

    ৫. সিংহ ৰাশি (ম,ট) : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাব বাঢ়িব পাৰে, স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।




    ৬. কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ব্যৱসায় বানিজ্য ক্ষেত্ৰত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাব সৃষ্টি হোৱাৰ যোগ দেখা যায়।

    ৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, প্ৰেম আৰু বিবাহ শুভ হ'ব, যদিও আজি আপুনি আনৰ পৰা বেয়া কথা শুনিবলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

    ৮. বৃশ্চিক ৰাশি (ন,য) : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভাল কাপোৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায়িকভাবে লাভান্বিত হ'ব, কৰ্মত শুভ হ'ব, যদিও আজি আপুনি পাপ্যৰ ওপৰত আধাৰিত গুৰুত্ব দিব।

    ৯. ধনু ৰাশি (ধ,ভ) : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, নতুন নতুন কৰ্মৰ আৰম্ভণি বা প্ৰস্তুতি কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে ধন আগমন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

    ১০. মকৰ ৰাশি (খ,জ) : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উৎসৱ-পাৰ্বনত জড়িত হ'বলৈ সক্ষম হ'ব, কৰ্মত জয় লাভ কৰিব, যদিও আজি আপুনি মিচা অপবাদ পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

    ১১. কুম্ভ ৰাশি (গ,শ,স) : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ৰোগ আৰোগ্য হ'ব, ঘৰত শুভকৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপোনাৰ মনত হতাশাৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আণতৰি থাকিবলৈ চেষ্টা কৰিব।

    ১২. মীন ৰাশি (দ,চ) : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সাহস হ্ৰাস হোৱাৰ যোগ দেখা যায়।