• ব্যক্তিত্ব পৰীক্ষাঃ কণিষ্ঠ আঙুলিয়ে উন্মোচন কৰে ব্যক্তিত্বৰ ৰহস্য! আপোনাৰ ব্যক্তিত্ব কেনে চাই লওক

    জীৱন শৈলী
    ব্যক্তিত্ব পৰীক্ষাঃ কণিষ্ঠ আঙুলিয়ে উন্মোচন কৰে ব্যক্তিত্বৰ ৰহস্য! আপোনাৰ ব্যক্তিত্ব কেনে চাই লওক
    ডিজিটেল ডেস্কঃ আমাৰ শৰীৰে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয়। হাতৰ পৰা ভৰিলৈকে আমাৰ শৰীৰৰ সকলো অংগই কিবা নহয় কিবা ইংগিত বহন কৰে। হাতৰ সৰু আঙুলিটোৱে আমাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই কয়। সৰু আঙুলিটোক কনিষ্ঠ আঙুলি বুলি কোৱা হয়। এই লেখাটোত আমি তিনি প্ৰকাৰৰ সৰু আঙুলিৰ বিষয়ে ক’ম। যি আঙুলিৰ লগত আপোনাৰ আঙুলি মিলে, তাৰ লগত আপোনাৰ ব্যক্তিত্ব মিলাই চাওক।আহক আমাৰ আঙুলিটো পৰীক্ষা কৰি জানো আমাৰ ব্যক্তিত্ব কেনেকুৱা।

    (১) ৰিংফিংগাৰ বা অনামিকা আঙুলিতকৈ দীঘলঃ যদি আপোনাৰ সৰু আঙুলিটো আপোনাৰ অনামিকা আঙুলিতকৈ দীঘল হয়, তেন্তে আপুনি এজন অতি উদাৰ ব্যক্তি। কাৰোবাক কিবা দিয়াৰ আগতে, নিজৰ কথা নাভাবে আৰু নিস্বাৰ্থভাৱে কাম কৰে। এনে ব্যক্তি কেৱল নিস্বাৰ্থ হোৱাই নহয়, বুদ্ধিমানো হয়। যদি আপোনাৰ সৰু আঙুলিটো ৰিং ফিংগাৰতকৈ দীঘল হয়, তেন্তে আপুনি সকলোৰে কথা শুনে কিন্তু ভালদৰে বিবেচনা কৰি নিজৰ সিদ্ধান্ত লয়। এনে আঙুলি থকা মানুহ আত্মবিশ্বাসেৰে ভৰি থাকে। এই মানুহবোৰে সদায় সঁচাটো ভাল পায়, এই মানুহবোৰে ছলনা ভাল নাপায়।

    (২) ৰিংফিংগাৰ বা অনামিকা আঙুলিতকৈ বহুত সৰুঃ যদি সৰু আঙুলিটো ৰিং ফিংগাৰতকৈ সৰু হয়, তেন্তে আপুনি এজন অতি আৱেগিক ব্যক্তি। এনে লোকে আনৰ প্ৰতি দয়া দেখুৱাবলৈ, দুখীয়া আৰু নিপীড়িত মানুহক সহায় কৰিবলৈ খৰখেদা কৰে। নিজৰ ইচ্ছাৰ বাহিৰে আনৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে। এনে লোকে আনৰ পৰা পায় অত্যন্ত শ্ৰদ্ধা আৰু মৰম। এওঁলোক নিস্বাৰ্থ। হৃদয় ভাঙি যোৱাৰ আগতে নিজক চম্ভালি লবও জানে। এনে মানুহে সোনকালে ক্ষমা কৰে কিন্তু প্ৰতাৰণা কৰা সকলক কেতিয়াও নাপাহৰে।

    (৩) ৰিংফিংগাৰ বা অনামিকা আঙুলিৰ সমতুল্যঃ যদি কনিষ্ঠ আঙুলি আৰু অনামিকা আঙুলি সমান হয়, তেন্তে আপুনি এজন অতি ভাৰসাম্যপূৰ্ণ ব্যক্তি। এনে আঙুলিৰ মানুহে সকলোৰে লগত সমানে আগবাঢ়িব বিচাৰে। এইসকল লোক শান্ত আৰু কাজিয়াৰ পৰা আঁতৰি থাকি ভাল পায়। অসুবিধাবোৰ সহজে অতিক্ৰম কৰে, নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ লক্ষ্যৰ পৰা সহজে আঁতৰি নাযায়।