• ঘৰত ‘মানি প্লাণ্ট’ কেৱল ৰুলেই নহ’ব, ইয়াৰ পৰা আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ এইকেইটা টিপছ মানি চলক

    জীৱন শৈলী
    ঘৰত ‘মানি প্লাণ্ট’ কেৱল ৰুলেই নহ’ব, ইয়াৰ পৰা আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ এইকেইটা টিপছ মানি চলক

    ডিজিটেল
    ডেস্ক : ধৰ্মীয় বিশ্বাসেই হওক বা সৌন্দৰ্য্যবৰ্ধনৰ কাৰণেই হওক আজিকালি সকলো লোকৰ ঘৰতে
    ‘মানি প্লাণ্ট’ ৰোপণ কৰা দেখা যায়। 
    বহু গছ-গছনিক সুখ-সমৃদ্ধিৰ কাৰক
    হিচাপে গণ্য কৰা হয় যদিও ইয়াৰ ভিতৰত ‘মানি প্লাণ্ট’ৰ গুৰুত্ব অপৰিসীম। কিন্তু ঘৰত কেৱল
    ‘মানি প্লাণ্ট’ ৰুলেই নহ’ব, ইয়াৰ পৰা আৰ্থিক সমৃদ্ধি লাভ কৰিবলৈ হ’লে এইকেইটা টিপছ
    মানি চলিব লাগিব।



     জানো আহক কি কি?



    ১. ঘৰৰ উত্তৰ-পূব দিশত মানি প্লাণ্ট
    ৰোপণ কৰিলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। মানি প্লাণ্ট সদায় ঘৰৰ দক্ষিণ
    পূব দিশত ৰোপণ কৰিলে শুভ ফল প্ৰদান কৰে।



    mso-fareast-font-family:"Times New Roman";color:#29293A">২. মানি প্লাণ্ট
    কেতিয়াও শুকাই যাব দিব নালাগে, কাৰণ মানি প্লাণ্টৰ শুকান পাতে ঘৰলৈ দুৰ্ভাগ্য
    কঢ়িয়াই আনে। সেয়ে মানি প্লাণ্টৰ পৰা শুকান পাতবোৰ আঁতপাই পেলাব লাগে বা ঘৰত
    নতুনকৈ মানি প্লাণ্ট ৰোপণ কৰিব লাগে।



    mso-fareast-font-family:"Times New Roman";color:#29293A">৩. মানি প্লাণ্ট ঘৰৰ
    বাহিৰত কেতিয়াও ৰোপণ কৰিব নালাগে। মা্নি প্লাণ্ট সদায় ঘৰৰ ভিতৰত ৰুলেহে শুভ ফল লাভ
    কৰে।



    mso-fareast-font-family:"Times New Roman";color:#29293A">৪. মানি প্লাণ্টৰ লতা
    সদায় তলৰ পৰা ওপৰলৈ উঠা দিব লাগে। ইয়াৰ লাঠী বা সূতাৰ সহায়ত মানি প্লাণ্ট লতাডাল
    ওপৰলৈ তুলি দিব লাগে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰৰ সুখ-সমৃদ্ধি বৃদ্ধি হয়।



    mso-fareast-font-family:"Times New Roman";color:#29293A">৫. মানি প্লাণ্ট
    কেতিয়াও প্লাষ্টিকৰ বটল বা পাত্ৰত ৰুব নালাগে, ইয়াৰ ফলত আপুনি আৰ্থিক সংকটৰ
    সন্মুখীন হ’ব পাৰে। কাঁচ বা মাটিৰ পাত্ৰত মানি প্লাণ্ট ৰোপণ কৰা শুভ বুলি গণ্য কৰা
    হয়।



    mso-fareast-font-family:"Times New Roman";color:#29293A">৬. মানি প্লাণ্ট
    কেতিয়াও উপহাৰ হিচাপে দিব নালাগে। এেন কৰিলে শুক্ৰ গ্ৰহ ৰুষ্ট হয় বুলি বিশ্বাস কৰা
    হয়। শুক্ৰ গ্ৰহত সুখ আৰু শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়।