ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বদাউনত আধাৰ কাৰ্ড তৈয়াৰ কৰোঁতে এক ধৰণৰ অৱহেলাৰ কথা পোহৰলৈ আহিছে, যিটো দেখি সকলো হতবাক হৈ পৰিছে।
এটি শিশুৰ আধাৰ কাৰ্ডত শিশুটিৰ নামৰ সলনি লিখা হৈছে 'মধু কা পাঁচৱা বাচ্চা'(মধুৰ পঞ্চম সন্তান)। ইংৰাজীত ভাষাত লিখিছে 'Baby five of Madhu'। আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ দুবছৰ পাছত যেতিয়া অভিভাৱকে শিশুটিৰ নামভৰ্তি কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছিল তেতিয়া এই গোটেই বিষয়টো পোহৰলৈ আহিছিল।
এই ঘটনাটো বদাউনৰ বিলচি তহচিলৰ ৰায়পুৰ গাঁৱৰ। সেই গাঁৱত বাস কৰা দিনেশ আৰু মধুয়ে তেওঁলোকৰ কন্যা আৰতিক প্ৰাথমিক বিদ্যালয়ত ভৰ্তি কৰোৱাবলৈ আহিছিল। নামভৰ্তিৰ সময়ত শিক্ষকসকলে আৰতিৰ আধাৰ কাৰ্ড বিচাৰিছিল। আৰতিৰ মাতৃ মধুৱে শিক্ষকৰ হাতত আৰতিৰ আধাৰ কাৰ্ডখন দিয়ে। আধাৰ কাৰ্ডত আৰতিৰ নামৰ সলনি 'মধু কা পাঁচৱা বাচ্চা' বুলি লিখা দেখি শিক্ষকসকল আচৰিত হৈ পৰে।
এই নাম দেখি শিক্ষকে আৰতিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল। বিদ্যালয়খনৰ শিক্ষকে শিশুটিৰ পিতৃক এয়া সংশোধন কৰিবলৈ কয়। বিদ্যালয়খনৰ শিক্ষকে ছ'চিয়েল মিডিয়াত এই তথ্য ভাগ বতৰা কৰি সকলোকে সতৰ্ক কৰি দিয়ে। সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পাছত জিলা প্ৰশাসনে আধাৰ কাৰ্ড নিৰ্মাতাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।
Leave A Comment