• বলিৰ বাবে অনা তিনি যুৱতীক গংগাজল বুলি খুৱাইছিল নিচাযুক্ত দ্ৰব্য, টিংৰাইগাঁৱত চাঞ্চল্য অব্যাহত

    আঞ্চলিক
    বলিৰ বাবে অনা তিনি যুৱতীক গংগাজল বুলি খুৱাইছিল নিচাযুক্ত দ্ৰব্য, টিংৰাইগাঁৱত চাঞ্চল্য অব্যাহত

    নাহৰকটীয়া : এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে নাহৰকটীয়াৰ চাচনীৰ ২নং টিংৰাই গাঁৱত। মানৱ সমাজক লজ্জানত কৰা নৰবলিৰ দৰে ঘটনা সংঘটিত কৰাৰ চেষ্টা চলোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ এই ঘটনাত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে মাতৃসহ তিনিপুত্ৰ। এই ঘটনাৰ পাছত শংকিত হৈ পৰিছে গাঁওবাসী৷





    সভ্য সমাজত লজ্জানত কৰা নৰবলিৰ চাঞ্চল্যকৰ প্ৰসংগৰ চৰ্চাৰ মাজতে এতিয়া প্ৰকাশ পাইছে নতুন নতুন তথ্য৷ জানিব পৰা মতে, নৰবলিৰ বাবে সাজু কৰিছিল মহিলাসহ ৩গৰাকী যুৱতীক৷ ভুক্তভোগীকেইগৰাকীক গংগাজল বুলি নিচাযুক্ত দ্ৰব্য খুৱাইছিল অভিযুক্তকেইগৰাকীয়ে৷ সমাজত অন্ধবিশ্বাস তথা কু-সংস্কাৰ বিয়পোৱা তথা নৰবলিৰ দৰে ভয়ংকৰ কাৰ্য কৰাৰ চেষ্টা কৰা মাতৃসহ তিনিপুত্ৰক জে’ললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷





    অৱশ্যে এতিয়াও মাৰ যোৱা নাই নাহৰকটীয়া চাচনীত নৰবলিৰ ঘটনাৰ চাঞ্চল্য । এই ঘটনাৰ পাছতে অঞ্চলটোৰ লোকসকলৰ মাজত আছে চেপা উত্তেজনাই বিৰাজ কৰিছে। নৰবলি দিব বিচৰা লোকক উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে। তান্ত্ৰিকতাৰ ভয় দেখুৱাই বিতত কৰি তোলা গাঁওবাসীক সজাগ কৰি অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা সমাজক উদ্ধাৰ কৰিবৰ বাবে প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে৷