- ড° ৰমেশ চন্দ্ৰ কলিতা
লাচিতে কেতিয়াবা ভাৰতৰ হৈ যুঁজ কৰিছিল নেকি? তেওঁৰ সময়ত আজিৰ দৰে ভাৰতবৰ্ষৰ ৰাজনৈতিক অস্তিত্ব আছিলনে?তেতিয়াৰ অসমখনেই ভাৰতবৰ্ষ নাছিল। লাচিতৰ কেবাশতিকাৰ পাছত বৃটিছবিৰোধী স্বাধীনতা সংগ্ৰামৰ জৰিয়তে তেতিয়াৰ অসমৰ আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকে নিজৰ নিজৰ ভাষা-কৃষ্টি সাহিত্য-সংস্কৃতি সভ্যতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আৰু প্ৰতিশ্ৰুতিৰে বিশাল ভাৰতবৰ্ষৰ অংগৰাজ্যত পৰিণত হৈছিল।
নিজৰ ভাষা-কৃষ্টি সাহিত্য-সংস্কৃতি সভ্যতা ত্যাগ বা ভাৰতবৰ্ষৰ সৈতে বিলীন কৰি দিবলৈ অংগৰাজ্যত পৰিণত হোৱা নাছিল। নিজস্ব সামাজিক আৰু ৰাজনৈতিক অস্তিত্ব বজাই ৰাখিহে বা ৰখাৰ প্ৰতিশ্ৰুতি আৰু আশ্বাস পোৱাৰ পিছতহে সেইটো কৰিছিল। সেই কাৰ্যটো কৰা হৈছিল অসহযোগ আন্দোলনৰ প্ৰাকমুহূৰ্তত।
তেতিয়াই কংগ্ৰেছৰ সংবিধান সংশোধন কৰি প্ৰতিখন পুৰাতন আৰু ঐতিহাসিক ভূখণ্ডৰ ভূমিপুত্ৰ সকলৰ ভাষা কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতাৰ ৰক্ষণাবেক্ষণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সেইটো নকৰাহেতেন অসমৰ দৰে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰান্তীয় ৰাজ্যবোৰ পৃথক আৰু স্বকীয় মৰ্যাদাৰে বৰ্তি থাকিলহেঁতেন।এতিয়াৰ দৰে সকলোতে হিন্দী বাধ্যতামূলক কৰি সকলোকে ধানৰ মিলত ধানৰ পৰা চাউল উলিওৱা দি হিন্দীভাষী আৰু হিন্দু কৰিবলৈ লোৱাহ’লে আজিৰ ভাৰতবৰ্ষখনৰ সৃষ্টি নহ’লহেঁতেন আৰু লাচিতো অসমৰ অসমীয়া হৈ থাকিলহেঁতেন, বিজতৰীয়া হোৱাৰ অৱকাশ নাথাকিলহেঁতেন।
এতিয়া হিন্দী ভাষা জাপি দি সকলোকে হিন্দু কৰিবলৈকেই লাচিতৰ ৰাজনীতিকৰণ কৰিবলৈ লোৱা হৈছে। অসমীয়াই বিচাৰে লাচিত লাচিত হৈ থাকক আৰু যুগ যুগ ধৰি তেওঁ অসমৰ এজন উল্লেখনীয় আৰু অনন্য বীৰ পুৰুষ হৈ থাকক। লাচিতক হিন্দু ৰাষ্ট্ৰ তৈয়াৰ কৰিবলৈ সাময়িক অস্ত্ৰ বা হাতিয়াৰ কৰিবলৈ বৃথা চেষ্টা নকৰিব, লাচিত কোনোদিনে "ভাৰতীয়" নাছিল, থকাহেঁতেন অসমৰ ইতিহাসেই পৃথক হৈ থাকিলহেঁতেন।
লাচিত অসমীয়া হৈ থাকক, কাৰণ যিকেইজন লোক অসমৰ ইতিহাসত বৰেণ্য হৈ আছে আৰু গৌৰৱ কৰিবৰ থল আছে সেইসকলৰ ভিতৰত লাচিতো এজন আৰু অন্যতম। লাচিত সৰ্বতিকালৰ বাবে অসমৰ আৰু অসমীয়াৰ হৈ থাকক, তাতেই অসমে সন্তোষ পাব, তেওঁক পাবত গজা ভাৰতীয় কৰিব নালাগে।সেইটো কৰিলে অসমৰ ঐতিহ্য আৰু ইতিহাসৰ বিকৃতি ঘটোৱা হ’ব আৰু আত্মবিস্মৃত জাতি এটাইহে সেই স্থিতি মানি ল’ব।
Leave A Comment