ডিজিটেল ডেস্কঃ ১৩ বছৰৰ পাছত ভাৰতে পুনৰ বিশ্বকাপ জয় কৰে। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ জয় কৰি দেশৰ হৈ শ্বৰ্ট ফৰ্মেট ক্ৰিকেটৰ পৰা বিদায় দিলে। তেওঁলোকৰ অৱসৰৰ কথা মুকলিকৈ ক’লে গৌতম গম্ভীৰ। ৰাহুল দ্ৰাবিড়ৰ পিছত গম্ভীৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হোৱাৰ দৌৰত সকলোতকৈ আগবাঢ়ি আছে।
ভাৰতে বিশ্বকাপ জয় কৰাৰ পাছত সংবাদ সংস্থা পিটিআইৰ আগত গম্ভীৰে কয় যে বিশ্বকাপ জয় কৰাৰ পাছত অৱসৰ লোৱাৰ বাবে ইয়াতকৈ ভাল সময় হ’ব নোৱাৰিলেহেঁতেন৷ তেওঁ কয়, ‘বিশ্বকাপ জয় কৰি অৱসৰ ল’লে। ইয়াতকৈ ভাল চিত্ৰনাট্য হ’ব নোৱাৰিলেহেঁতেন। দুয়োজনেই মহান ক্ৰিকেটাৰ। ভাৰতীয় ক্ৰিকেটত তেওঁলোকৰ যথেষ্ট অৱদান আছে। তেওঁলোকক শুভেচ্ছা জনাইছো।”
টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো বিৰাট আৰু ৰোহিতে এতিয়াও এদিন আৰু টেষ্ট ক্ৰিকেট খেলিব। গম্ভিৰে অনুভৱ কৰিছে যে সেই দুটা ফৰ্মেটত এতিয়াও তেওঁলোকে ভাৰতক বহুখিনি দিব। তেওঁ কয়, ‘তেওঁলোকে এতিয়াও এদিন টেষ্ট ক্ৰিকেট খেলিব। মই নিশ্চিত, তেওঁলোকে দেশ আৰু দলটোক অধিক দিব।’
Leave A Comment