ডিজিটেল ডেস্কঃ গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ সম্ভাৱনা আছে। চলি থকা টি-২০ বিশ্বকাপৰ পিছত বৰ্তমানৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ চুক্তিৰ ম্যাদ উকলিব। ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ক্ৰিকেট উপদেষ্টা সমিতিৰ সাক্ষাৎকাৰত গম্ভীৰে ব’ৰ্ডৰ সন্মুখত তেওঁৰ কিছু দাবী দাখিল কৰে।
কিছু সংবাদসংস্থাই বাতৰি প্ৰকাশ কৰিছে যে চি এ চিৰ সৈতে হোৱা সাক্ষাৎকাৰত গম্ভীয়ে বি চি চি আইৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ এটা নহয়, পাঁচটা চৰ্ত দাখিল কৰিছিল। গম্ভিৰে দাবী কৰে যে দলৰ ক্ৰিকেট অভিযানত তেওঁৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, ব’ৰ্ডৰ কোনো হস্তক্ষেপ নোহোৱাকৈ।
দ্বিতীয়তে, দুবাৰৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে বেটিং, ফিল্ডিং আৰু বলিং প্ৰশিক্ষককে ধৰি নিজৰ সহায়ক কৰ্মচাৰী বাছি ল’ব।
তৃতীয়তে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফী চাৰিজন জ্যেষ্ঠ খেলুৱৈৰ বাবে শেষ সুযোগ হ’ব পাৰে -- বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা আৰু মহম্মদ শ্বামী। যদি এই খেলুৱৈসকলে ভাৰতক প্ৰতিযোগিতাত জয়ী হোৱাত সহায় কৰিব নোৱাৰে তেন্তে তেওঁলোকক দলৰ পৰা বাদ দিয়া হ’ব। অৱশ্যে তিনিওটা ফৰ্মেটৰ পৰা খেলুৱৈক বাতিল কৰাৰ কোনো উল্লেখ নাছিল।
চতুৰ্থ চৰ্তৰ কথা ক’বলৈ গ’লে টেষ্ট ক্ৰিকেটত এটা সুকীয়া দল থাকিব। শেষত গম্ভীৰে আৰম্ভণীৰে পৰাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ ৰোডমেপ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিব।
Leave A Comment