• চি আৰ ৭ বনাম কে কে ৭! ইউৰোপীয়ান ফুটবলৰ নতুন তাৰকা- জৰ্জিয়াৰ খাভিচা কাৰাটস্কেলিয়া

    ক্ৰীড়া
    চি আৰ ৭ বনাম কে কে ৭! ইউৰোপীয়ান ফুটবলৰ নতুন তাৰকা- জৰ্জিয়াৰ খাভিচা কাৰাটস্কেলিয়া
    ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডো বনাম খাভিচা কাৰাটস্কেলিয়া। CR7 বনাম VK7। মতাদৰ্শ বনাম ভক্ত। বুধবাৰে ইউৰোৰ মঞ্চত ফুটবল জগতখনে এই যুঁজখন দেখিবলৈ পাইছিল। সেই যুঁজত দ্বিতীয় ব্যক্তিয়ে প্ৰথম ব্যক্তিক পৰাস্ত কৰিছিল। 

    ১১ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ক্রিষ্টিয়ানো ৰোনাল্ডোক লগ পাইছিল। তেতিয়া খাভিচা কাৰাটস্কেলিয়াৰ বয়স আছিল ১২ বছৰ। তেতিয়া ৰিয়েল মাদ্রিদৰ জার্চি পিন্ধি বিশ্বক জোকাৰি আছিল ৰোনাল্ডো। জৰ্জিয়াৰ কিশোৰগৰাকীয়ে নায়কৰ সৈতে এখন ফটো তোলাৰ সুযোগ লাভ কৰে। 

    কালি নিশা পৰ্তুগালক ২-০ গ’লত পৰাস্ত কৰাৰ সময়তে খবিচাৰে পিন্ধিব নিজৰ দেশৰ ৭ নম্বৰ জাৰ্চি। ২ মিনিটৰ অন্তত খাবিচাৰে গ’ল দি জৰ্জিয়াই আগবাঢ়ি যায়।

    যোৱা সপ্তাহত খাভিচাই সতীৰ্থসকললৈ লিখিছিল, ‘ৰোনাল্ডো মোৰ আইডল। সুযোগ পালে তেওঁৰ লগত নিশ্চয় জাৰ্চি সলনি কৰিম। তাৰ অৰ্থ এইটো নহয় যে আমি পৰ্তুগালৰ বিৰুদ্ধে জয়ী নহ’ম।’

    এইবাৰৰ ইউৰো কাপত খেলা দলসমূহৰ ভিতৰত জৰ্জিয়া টেবুলৰ তলত আছে। সেই ‘দুৰ্বল’ দলটোৰ বিৰুদ্ধে পৰ্তুগালে ০-২ গ’লত পৰাস্ত হ’বলগীয়া হৈছিল। গোটেই মেচখনত ৰোনাল্ডোক খেলাব পৰা নাছিল। প্ৰশিক্ষকে তেওঁক তুলি ল’বলৈ বাধ্য হ’ল। ৰোনাল্ডোৰ খং উঠিছিল স্বাভাৱিক। পথাৰতে খং প্ৰকাশ কৰে।