ডিজিটেল ডেস্কঃ অহা ৮ আৰু ৯ জুলাইত দুদিনীয়াকৈ মৰিগাঁও জিলা বাচনি দবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । মৰিগাঁও জিলা দবা সন্থাৰ উদ্যোগত মৰিগাঁও মজলীয়া বিদ্যালয়ত অনু্ষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পৰাই ৪৭ সংখ্যক সদৌ অসম আন্ত:জিলা প্ৰতিযোগিতালৈ মৰিগাঁও জিলা দবা দল বাচনি কৰা হ'ব ।
মৰিগাঁও জিলাৰ দবাৰু সকলে জিলা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ ৭ জুলাই নিশাৰ ভিতৰত নিশ্চিত কৰাৰ বাবে উদ্যোক্তা সমিতিয়ে অনুৰোধ জনাইছে । উল্লেখ্য যে অহা ১৬-২০ জুলাইত সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতা খন অনুষ্ঠিত হ'ব ।
Leave A Comment