ডিজিটেল ডেস্ক: ২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ ছেমিফাইনেল। ২২ গজৰ সমুখ সমৰত ভাৰত-নিউজিলেণ্ড। নিশ্চিত পৰাজয়ৰ গৰাহত পৰা ভাৰতৰ ত্ৰাণকৰ্তাৰ ৰূপত ক্ৰীজত তেতিয়া ধোনী। পূৰ্বৰ দৰেই সকলোৰে এটাই ভৰসা, ধোনী আছে, অসম্ভৱ নহয়। কিন্তু এই সকলো আশা নুমুৱাই কিৱি তাৰকা গুপ্টিলৰ এটা নিখুঁত থ্ৰৌত হাৰি গৈছিল ক্ৰীজত ধোনীৰ সেই তীব্ৰ বেগী দৌৰ। মাত্ৰ দুই ইন্সিৰ দুৰত্বই কাঢ়ি নিলে ভাৰতৰ তৃতীয়বাৰৰ বিশ্বজয়ৰ সপোন। কোনে পাহৰিব পাৰে, ফিল্ডৰ পৰা ওলাই অহাৰ সময়ত মাহীৰ দুই সেমেকা চকুৰ দৃশ্য! সেই দুই চকুৰ সৈতে স্বত:ৰ্স্ফুতভাৱেই সেমেকি উঠিছিল কোটি কোটি ভাৰতীয়ৰ চকু। কোনে পাহৰিব পাৰে সেই দিন!
আৰু তাৰ পিছৰ বছৰতেই সেই চকুহালৰ গৰাকীৰ বাবেই আকৌ এবাৰ ম্ৰিয়মান হৈ পৰিল দেশৰ কোটি কোটি লোক। কেৱল ভাৰতেই নে! বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ বাবেই যেন ই হৈ পৰিল এক শোকৰ দিন! ইনষ্টাগ্ৰামত ৪.০৭ মিনিটৰ এটা ভিডিঅ’। ভিডিঅ’টোৰ নেপথ্যত এটা গীতৰ কলি: “মেঁ পল দৌ পল কা শ্বায়ৰ হুঁ…..”। সেই ভিডিঅ’টোৰেই আকস্মিকভাৱে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ‘দ্য কেপ্টেইন কুল’ মাহীয়ে। অৱসান ঘটালে ভাৰতীয় ক্ৰিকেটৰ এক গৌৰৱময় যুগৰ। দিনটো আছিল ২০২০ বৰ্ষৰ ১৫ আগষ্ট। আজি এই ভিডিঅ’টো দুবছৰীয়া হ’ল, দুবছৰ হ’ল ‘মাহী ভাই’ৰ অৱসৰৰ।
২০০৪ চনৰ ২৩ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে নীলা জাৰ্চিৰে ভাৰতীয় দলৰ হৈ ক্ৰিকেটৰ ফিল্ডত প্ৰৱেশ কৰিছিল কান্ধলৈকে বৈ পৰা দীঘল চুলিৰে এজন যুৱক। নাম মহেন্দ্ৰ সিং ধোনী। কিন্তু নিজৰ কেৰিয়াৰৰ প্ৰথমখন মেচত কোনো ৰান নকৰাকৈয়ে ৰান আউট হৈ পেভিলিয়নমুখী হ’ল ধোনী। কোনে ভাবিছিল, এই দীঘল চুলিৰ যুৱকজন নিজেই এদিন হৈ পৰিব ভাৰতীয় ক্ৰিকেটৰ এক স্বৰ্ণিল ইতিহাস! ইতিহাস নিজে নিজে লিপিবদ্ধ নহয়, ইয়াৰ বাবে নিজকে গঢ়ি তুলিব লাগিব ইতিহাসৰ সমলযোগ্য সম্পদ হিচাপে। ধোনীয়ে প্ৰমাণ কৰি দেখুৱাইছিল এই কথা।
২০০৭ চনৰ টি-২০ বিশ্বকাপত এই যুৱকজনৰ কান্ধত দিয়া হ’ল অধিনায়কৰ দায়িত্ব। সকলো আচৰিত, মাত্ৰ তিনিবছৰীয়া কেৰিয়াৰৰ যুৱক এজনে কেনেকৈ ভাৰতীয় দলৰ অধিনায়ক হ’ব পাৰে? কিন্তু এই প্ৰশ্নক লৈ মূৰ ঘমোৱা নাই ধোনীয়ে। সাজু বিশ্বকাপলৈ। খেলপথাৰত নামি অসম্ভৱ কিছু সিদ্ধান্তৰে হতবাক কৰি তুলিলে ক্ৰিকেট বিশ্বক। ভাৰতৰ হাতত তুলি দিলে টি-২০ বিশ্বকাপৰ খিতাপ। সেয়াই আৰম্ভণি, তাৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া নহ’ল ধোনীয়ে। ২০১১ ৰ ক্ৰিকেট বিশ্বকাপ, ২০১৩ ৰ চেম্পিয়নচ্ ট্ৰফী সকলো আঁজুৰি আনিলে ভাৰতৰ পক্ষত। টেষ্ট ৰেংকিঙত ভাৰতীয় দলক উপনীত কৰালে শীৰ্ষ স্থানত। হৈ পৰিল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক।
বেটিঙৰ সেই মাৰমুখী চোক, দুৰন্ত ফিনিশ্বিং আৰু নিখুঁত সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰে ধোনী হৈ পৰিল ক্ৰিকেট জগতৰে এক মহাতাৰকাত। ইফালে উইকেটৰ পিছফালে ধোনীৰ ক্ষীপ্ৰ গতিৰ কথা জানো নোকোৱাকৈ থাকিব পাৰি! বলিং লাইনৰ পৰা দৌৰি অহা বলাৰলৈ চকুৰ প্ৰচাৰতে কিম্বা হাতৰ ঠাঁৰতে দিয়া কৌশলী ঈঙ্গিত! এই সকলোতে অনন্য ধোনী।
২০২০ ৰ ১৫ আগষ্টৰ ইনষ্টাগ্ৰাম পোষ্টটোৰেই সামৰণি পেলালে ধোনীয়ে নিজৰ ১৬ বছৰীয়া বৰ্ণাঢ্য ক্ৰিকেট কেৰিয়াৰ। নিজৰ সিদ্ধান্তৰে সদায়ে সকলোকে হতবাক কৰি অহা ধোনীয়ে এনেদৰে অৱসৰৰ সময়তো সকলোকে কৰি তুলিলে হতভম্ব। নাই কোনো সংবাদ মেল বা কোনো ধৰণৰ আগতীয়া ঘোষণা। বা এখন বিদায়ী মেচেৰে আনুষ্ঠানিক বিদায়ৰ সুযোগো নিদিলে ধোনীয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমিফাইনেল মেচখনতেই নীলা জাৰ্চিত অন্তিম বাৰৰ নামিল ধোনী। ৰান আউটেৰে আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰা তাৰকা গৰাকীয়ে ৰান আউটেৰেই সামৰিলে কেৰিয়াৰ।
১৬ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ধোনীয়ে ৯০ খন টেষ্ট, ৩৫০ খন এদিনীয়া আৰু ৯৮ খন টি-২০ ত ভাৰতক প্ৰতিনিধিত্ব কৰে। টেষ্টত তাৰকাগৰাকীয়ে ৪,৮৭৬, এদিনীয়াত ১০,৭৭৩ আৰু টি-২০ ত ১,৬১৭ ৰান সংগ্ৰহ কৰে। উইকেটৰ পিছফালৰ কামান চম্ভালা ধোনীৰ নামত আছে টেষ্টত ২৯৪ টা চিকাৰ, এদিনীয়াত ৪৪৪ টা আৰু টি-২০ ত ৯১ টা চিকাৰ। এই স্বৰ্ণিম কেৰিয়াৰত টি-২০ বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নচ্ ট্ৰফীকে ধৰি সকলো মুখ্য আইচিচি খিতাপ জয় কৰা বিশ্বৰ প্ৰথমগৰাকী আৰু একমাত্ৰ অধিনায়ক হিচাপেও পৰিগণিত হয় ধোনী।
অৱশ্যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালেও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অব্যাহত আছে ধোনীৰ ক্ৰিকেট কেৰিয়াৰ। চেন্নাই চুপাৰ কিংছৰ হৈ চলিত বৰ্ষৰ আইপিএলত খেলপথাৰত নামিছিল ‘থালা’। ইতিমধ্যে অহা বৰ্ষটো আইপিএলত ভাগ লোৱাৰ ঈঙ্গিত দিছে ধোনীয়ে। ভাৰতৰ নীলা জাৰ্চিত নেদেখিলেও আৰু এটা বছৰলৈ কিংবদন্তী তাৰকাগৰাকীক খেলপথাৰত দেখিবলৈ পাব, এয়াই প্ৰতিগৰাকী অনুৰাগীৰ বাবে এক সুখানুভূতি। কেনেকৈনো বিদায় দিব পাৰে প্ৰিয় তাৰকাগৰাকীক, প্ৰিয় সেই মাহী ভাই বা থালাক!
Leave A Comment