ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ'ল ভাৰত-জিম্বাবৱেৰ পাঁচদিনীয়া টি-২০ শৃংখলা। জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা আজিৰ প্ৰথম খন মেছতে অসম সন্তান ৰিয়ান পৰাগেও খেলিছে। প্ৰথম খন মেছত ভাৰতে বলিং কৰি আছে। বিয়লি ৪.৩০ৰ পৰা আৰম্ভ হৈছে খেল খন।
হাৰাৰেত শুভমন গীলৰ নেতৃত্বত ৫খন টি-২০ মেচ খেলিব ভাৰতীয় দলটোৱে । এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত গ্ৰহণ কৰিছে নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে। উল্লেখ্য ৰিয়ানে ৰাজস্থান ৰয়েলছৰহৈ বৰ ভাল খেলিছিল। আই পি এলত তেওঁ ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছিল। তেওঁ ভাল ফৰ্মৰ বাবেই ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পাইছে। সেই বিষয়ে আত্মবিশ্বাসী অসমৰ ক্ৰিকেটাৰগৰাকী নিজেই। কিছুদিন পূৰ্বে তেওঁ কৈছিল, "মই দলত অন্তৰ্ভুক্ত হ'ব লাগিব।" মোৰ বিশ্বাস, মই এদিন দেশৰ হৈ খেলিম। কেতিয়া ফোন কৰিব মই একো চিন্তা নকৰো।"
আজিৰে পৰা ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হৈছে ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হ’ব। তৃতীয় মেচ অনুষ্ঠিত হ’ব ১০ জুলাইত, চতুৰ্থ মেচ অনুষ্ঠিত হ’ব ১৩ জুলাইত।
Leave A Comment