• ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাঃ ৩ বলত ২ ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিল অসমৰ ৰিয়ান পৰাগ

    ক্ৰীড়া
    ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাঃ ৩ বলত ২ ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিল অসমৰ ৰিয়ান পৰাগ
    ডিজিটেল ডেস্কঃ আশাহত অসমবাসী। ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাৰ প্ৰথম খন মেচতে ৩ বলত মাত্ৰ ২ ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিল অসমৰ ৰিয়ান পৰাগ।  উল্লেখ্য  আজিৰে পৰা আৰম্ভ হৈছে  ভাৰত-জিম্বাবৱেৰ পাঁচদিনীয়া টি-২০ শৃংখলা। জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা আজিৰ প্ৰথম খন মেছতে অসম সন্তান ৰিয়ান পৰাগেও খেলাৰ সুযোগ পাইছিল। টছত জিকি  প্ৰথম খন মেছত ভাৰতে বলিং  কৰাৰ সিদ্ধান্ত লৈছিল। 

    জিম্বাবৱেই ১১৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক। কিন্তু আৰম্ভনিতে ভাৰতে কিছু হতাশজনক প্ৰদৰ্শন কৰে। হাৰাৰেত শুভমন গীলৰ নেতৃত্বত ৫খন টি-২০ মেচ খেলিছে ভাৰতীয় দলটোৱে । এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত  গ্ৰহণ কৰিছে  নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে। উল্লেখ্য  ৰিয়ানে  ৰাজস্থান ৰয়েলছৰহৈ বৰ ভাল খেলিছিল।  আই পি এলত তেওঁ ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছিল।  তেওঁ  ভাল ফৰ্মৰ বাবেই ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পাইছিল।  আজিৰে পৰা ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হৈছে  ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হ’ব। তৃতীয় মেচ অনুষ্ঠিত হ’ব ১০ জুলাইত, চতুৰ্থ মেচ অনুষ্ঠিত হ’ব ১৩ জুলাইত।