ডিজিটেল ডেস্কঃ ভাৰত পুনৰ বিশ্বজয়ী হোৱাত অপাৰ আনন্দ শচীন টেণ্ডুলকাৰৰ৷ নিজৰ এক্স হেণ্ডেলত এটা সুন্দৰ প’ষ্ট তেওঁ লিখিলে। তেওঁ লিখিছে, “ভাৰতীয় দলৰ জাৰ্চিত যিমানেই নতুন তাৰকাৰ সংখ্যা বৃদ্ধি পায়, সিমানেই আমাৰ সৰু ল’ৰা-ছোৱালীয়ে নিজৰ সপোনৰ দিশে আগবাঢ়ি যায়। ভাৰতে জাৰ্চিত চতুৰ্থ তাৰকা সংযোজন কৰিছে। দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত। ৱেষ্ট ইণ্ডিজত ভাৰতীয় ক্ৰিকেট সম্পূৰ্ণ চক্ৰত আহিছে। ২০০৭ চনৰ বিশ্বকাপত সেই দেশৰ মাটিত আমাৰ পতনৰ পৰা ২০২৪ চনত ক্ৰিকেট জগতৰ মহাশক্তি হোৱালৈকে। মোৰ বন্ধু ৰাহুল দ্ৰাবিড়ৰ বাবে বহুত সুখী। ২০১১ চনৰ বিশ্বকাপত তেওঁ জয়ী হোৱা নাছিল। কিন্তু এই টি-২০ বিশ্বকাপ জয় কৰাত তেওঁৰ অৱদান বহুত।’
ভিভিএছ লক্ষ্মণেও অভিনন্দন জনাই লিখিছে, ‘টি-২০ত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাৰ বাবে ভাৰতীয় দলটোক অভিনন্দন। অপৰাজিত হৈ থাকি গোটেই প্ৰতিযোগিতাখনৰ ভিতৰতে সফল দল হিচাপে নিজকে প্ৰমাণ কৰি দেখুৱাইছে। আনকি সেই পৰিস্থিতিৰ পৰাও আপুনি জয়ী হৈছিল পাঁচ অভাৰ বাকী থকা অৱস্থাত। তেওঁলোকৰ সকলোখিনি দিয়াৰ বাবে প্ৰতিজন ক্ৰিকেটাৰলৈ হেটছ অফ।"
ভাৰতীয় দল বিজয়ী হোৱাত উচ্ছসিত হৈ পৰিছে হৰভজন সিং, যুৱৰাজ সিং, অনিল কুম্বলেৰ দৰে প্ৰাক্তন তাৰকাও৷
Leave A Comment