• মহিলা টেষ্ট ক্ৰিকেটত অভিলেখ গঢ়িলে ভাৰতৰ শ্বেফালী বাৰ্মাই! সৰ্বাধিক দ্ৰুততম দ্বিশতক অৰ্জনকাৰী হ’ল শ্বেফালী

    ক্ৰীড়া
    মহিলা টেষ্ট ক্ৰিকেটত অভিলেখ গঢ়িলে ভাৰতৰ শ্বেফালী বাৰ্মাই! সৰ্বাধিক দ্ৰুততম দ্বিশতক অৰ্জনকাৰী হ’ল শ্বেফালী
    ডিজিটেল ডেস্কঃ মহিলা টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িছে ভাৰতৰ শ্বেফালী বাৰ্মাই। শ্বেফালি হৈছে সৰ্বাধিক দ্ৰুত দ্বিশতক স্ক’ৰাৰ। এনাবেল চাথাৰলেণ্ডৰ অভিলেখ ভংগ হ’ল। দুয়োটাখন মেচতে বিপক্ষ দল দক্ষিণ আফ্ৰিকা। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট। তাত ভাৰতে প্ৰথম দিনাই ৪ উইকেটত ৫২৫ ৰান সংগ্ৰহ কৰে।

    শ্বেফালীয়ে ১৯৪টা বলত দ্বিশতক অৰ্জন কৰে। ছাথাৰলেণ্ডে ২৪৮টা বলত দ্বিশতক অৰ্জন কৰিছিল। শেষত ১৯৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰি আউট হয়। ২৩টা চাৰি আৰু আঠটা ছয় মাৰিলে। ৰান আউট হয়৷ মাত্ৰ ৯ ৰানৰ বাবে মিতালী ৰাজৰ ২১৪ ৰানৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে। টেষ্টত ভাৰতৰ বাবে সেয়া হৈছে সৰ্বোচ্চ ইনিংছ। এই বিশ্ব অভিলেখ পাকিস্তানৰ কিৰণ বেলুচৰ হাতত আছে। তেওঁ ২৪২ ৰান সংগ্ৰহ কৰে।

    ভাৰতৰ হৈ অ’পেন কৰিবলৈ আহিছিল শ্বেফালী আৰু স্মৃতি মান্ধনা। দুয়োজনে ২৯২ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ইয়াৰ পূৰ্বে পাকিস্তানে মহিলা টেষ্টত উদ্বোধনী যুটিত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল। কিৰণ বেলুচ আৰু সজ্জিদা শ্বাহে ২৪১ ৰানৰ অংশীদাৰিত্ব গঠন কৰে। ২০০৪ চনৰ অভিলেখ ভংগ কৰিছিল শ্বেফালীয়ে।