ডিজিটেল ডেস্ক: দলত নাই কেইবাগৰাকীও জেষ্ঠ তথা নিয়মীয়া খেলুৱৈ, তাৰেই ফলশ্ৰুতিত লাভ কৰিলে মূল দলত খেলাৰ সুযোগ। আৰু এই সুযোগৰে সদব্যৱহাৰ কৰি চমকি উঠিছে উদীয়মান তাৰকা শুভমন গিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলা আৰু এতিয়া জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাত নিজকে প্ৰমাণ কৰাৰ সুৱৰ্ণ সুযোগ এৰি নিদি গিলে দাঙি ধৰিলে চমকপ্ৰদ প্ৰদৰ্শন। এই প্ৰদৰ্শনৰ ধাৰা অটুট ৰাখি আজি তাৰকাগৰাকীয়ে শৃংখলাৰ অন্তিমখন এদিনীয়াত এক দুৰ্দান্ত শতকীয় ইনিংছ উপহাৰ দিয়ে।
অপেনাৰ তথা অধিনায়ক লোকেশ ৰাহুলৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা গিলে আজি আৰম্ভণিৰ পৰাই যথেষ্ট সতৰ্কতাৰে ইনিংছ আগবঢ়াই নিয়ে। ধীৰ-স্থিৰ বেটিঙৰ লগতে নিখুঁত শ্বট নিৰ্বাচনেৰে জিম্বাবোৱেৰ বলিং আক্ৰমণক প্ৰতিহত কৰি গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰে নিজৰ প্ৰথমটো শতক।
মাত্ৰ ৮২ টা বলত শতক সম্পূৰ্ণ কৰা উদীয়মান তাৰকা গৰাকীয়ে ইনিংছৰ অন্তিম অভাৰৰ প্ৰথমটো বলত আউট হোৱাৰ পূৰ্বে ৯৭ টা বলত ১৩০ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। এই ইনিংছটোত গিলে মুঠ ১৫ টা চাৰিৰ লগতে এটা ছয় কোবায়।
এই শতকীয় ইনিংছটোৰে গিলে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ নামত থকা এটা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰে। ১৯৯৮ চনত তেণ্ডুলকাৰে বুলাৱায়োত জিম্বাবোৱেৰ বিৰুদ্ধে ১২৭ ৰান সংগ্ৰহ কৰিছিল। আজি গিলে ১৩০ ৰান সংগ্ৰহ কৰি শচীনৰ নামত থকা জিম্বাবোৱেত এদিনীয়াত ভাৰতৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক'ৰৰ ২৪ বছৰ পুৰণি অভিলেখ অতিক্ৰম কৰে।
গিলৰ এই অভিলেখ সৃষ্টিকাৰী শতকৰ সহায়ত ভাৰতে ৮ উইকেটৰ বিনিময়ত ২৮৯ ৰানৰ এক শক্তিশালী স্ক’ৰ থিয় কৰায়। আনহাতে ২৯০ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি জিম্বাবোৱেই সকলো উইকেট হেৰুৱাই ২৭৬ ৰান সংগ্ৰহ কৰি মাত্ৰ ১৩ ৰানৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।
দলটোৰ হৈ অলৰাউণ্ডাৰ চিকন্দৰ ৰাজাই মাত্ৰ ৯৫ টা বলত ১১৫ ৰানৰ এক দৰ্শনীয় যুঁজাৰু ইনিংছেৰে দলৰ জয়ৰ আশা জগাই তুলিছিল যদিও ৪৯ সংখ্যক অভাৰত আউট হোৱাৰ লগে লগে এই আশা নিৰ্বাপিত হয়। এই জয়েৰে ভাৰতে তিনিখনীয়া মেচৰ শৃংখলাটোত ক্লীন ছুইপ কৰিবলৈ সক্ষম হয়। গিল মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ লগতে শৃংখলাৰো শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।
Leave A Comment